অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ডিজিটেল কবিতা

ডিজিটেল কবিতা ইলেক্ট্ৰনিক সাহিত্যৰ এটা প্ৰকাৰ, যিয়ে কম্পিউটাৰৰ বিশিষ্ট আৰু গুৰুত্বপূৰ্ণ ব্যৱহাৰেৰে কবিতাৰ বিস্তৃত দৃষ্টিভংগী প্ৰদৰ্শন কৰে। ডিজিটেল কবিতা চিডি-ৰম, ডিভিডি, আৰ্ট গেলেৰীত ইনষ্টলেচন হিচাপে, কিছুমান ক্ষেত্ৰত ডিজিটেল ভিডিঅ’ বা ছবি হিচাপে, ডিজিটেল হ’ল’গ্ৰাম হিচাপে, ৱৰ্ল্ড ৱাইড ৱেব বা…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৮০ শব্দ · ৩ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ডিজিটেল কবিতা ইলেক্ট্ৰনিক সাহিত্যৰ এটা প্ৰকাৰ, যিয়ে কম্পিউটাৰৰ বিশিষ্ট আৰু গুৰুত্বপূৰ্ণ ব্যৱহাৰেৰে কবিতাৰ বিস্তৃত দৃষ্টিভংগী প্ৰদৰ্শন কৰে। ডিজিটেল কবিতা চিডি-ৰম, ডিভিডি, আৰ্ট গেলেৰীত ইনষ্টলেচন হিচাপে, কিছুমান ক্ষেত্ৰত ডিজিটেল ভিডিঅ’ বা ছবি হিচাপে, ডিজিটেল হ’ল’গ্ৰাম হিচাপে, ৱৰ্ল্ড ৱাইড ৱেব বা ইণ্টাৰনেটত আৰু মোবাইল ফোন এপ হিচাপেও উপলব্ধ হ’ব পাৰে।

ছউম-পাস্কুৱালৰ মতে (২০১৯) ডিজিটেল কবিতা ২০ শতিকাৰ দ্বিতীয়াৰ্ধৰ আভাংগাৰ্ড আন্দোলনসমূহৰ কলাত্মক পৰিণতি, য'ত লেট্ৰিজম, কংক্ৰিট কবিতা, আৰু ধাৰণাগত কবিতা আদি অন্তৰ্ভুক্ত।১

বৰ্তমানৰ কবিতাৰ প্ৰকাশনৰ এটা উল্লেখযোগ্য অংশ, হয় কেৱল অনলাইন অথবা অনলাইন আৰু অফলাইন প্ৰকাশনৰ কোনো সংমিশ্ৰণৰ জৰিয়তে উপলব্ধ। ডিজিটেল কবিতাৰ প্ৰকাৰ হাইপাৰটেক্সট, গতিশীল কবিতা, কম্পিউটাৰত সৃষ্টি কৰা এনিমেচন, ডিজিটেল চাক্ষুস কবিতা, ইন্টাৰেক্টিভ কবিতা, কোড কবিতা, পৰীক্ষামূলক ভিডিঅ' কবিতা; আৰু কম্পিউটাৰৰ প্ৰগ্ৰেমেবল বৈশিষ্ট্যৰ সুবিধা লৈ পাৰস্পৰিক ক্ৰিয়াশীল ৰচনা সৃষ্টি কৰা কবিতা বা লিখনী (বা ইয়াৰ কোনো এটা অৱস্থা) সৃষ্টি কৰিবলৈ এটা উৎপাদনশীল বা সংমিশ্ৰণমূলক পদ্ধতি ব্যৱহাৰ কৰা হয়, বা শব্দ কবিতা, বা লিষ্টচাৰ্ভ, ব্লগ, আৰু অন্যান্য ধৰণৰ নেটৱৰ্ক যোগাযোগৰ দৰে বস্তুৰ সুবিধা লোৱা হয়, যাতে সহযোগিতামূলক লেখা আৰু প্ৰকাশনৰ সম্প্ৰদায় সৃষ্টি কৰিব পাৰে৷

ডিজিটেল প্লেটফৰ্মসমূহে বিভিন্ন মাধ্যমক সামৰি লোৱা শিল্প সৃষ্টি যেনে, প্ৰগ্ৰেমিঙৰ জৰিয়তে লিখনী, ছবি, শব্দ আৰু পাৰস্পৰিক কাৰ্যকলাপক প্ৰকাশ কৰে৷ সমসাময়িক কবিতাই সেয়েহে ইয়াৰ সুযোগ লৈ কলা আৰু সংবাদ মাধ্যম উভয়কে সংশ্লেষণ কৰা ৰচনা সৃষ্টিৰ দিশত আগবাঢ়িছে। কোনো কাম কবিতা দৃশ্য কলা সংগীত নে প্ৰগ্ৰেমিং সেয়া কেতিয়াবা স্পষ্ট নহয়, কিন্তু আমি কাব্যিক ৰচনাত ভাষাৰ সৈতে ঘনিষ্ঠ হোৱাৰ আশা কৰোঁ।২

ইতিহাস

প্ৰথম পৰ্যায়ৰ ডিজিটেল কবিতাসমূহৰ ভিতৰত ক্ৰিষ্টোফাৰ ষ্ট্ৰেচিৰ লাভ লেটাৰ জেনেৰেটৰ (১৯৫২), ১৯৫৯ চনত জাৰ্মান গণিতজ্ঞ থিও লুটজে কনৰাড জুজেৰ Z22 প্ৰগ্ৰেম কৰি পৰোক্ষভাৱে প্ৰস্তুত কৰা ষ্ট'কেষ্টিক গ্ৰন্থসমূহ; ৩ ইটালীয় ভাষাত নানি বেলেষ্ট্ৰিনিৰ "টেপ মাৰ্ক ওৱান" প্ৰকাশ, ১৯৬১ চনত; ৪ আৰু ১৯৫৯ চনৰ আশে-পাশে ব্ৰিয়ান জিচিনে ইয়ান ছমাৰভিলৰ সহযোগত স্বয়ংক্ৰিয়ভাৱে কৰা ইংৰাজী শৃংখলিত কবিতা; এইবোৰ আৰু অন্যান্য প্ৰাৰম্ভিক ডিজিটেল কবিতাসমূহৰ বিষয়ে চি.টি.ফাংকহাউজাৰৰ প্ৰাগঐতিহাসিক ডিজিটেল কবিতাত আলোচনা কৰা হৈছে।৫

হাইপাৰটেক্স

হাইপাৰটেক্সট কবিতাই ডিজিটেলাইজেচনৰ যান্ত্ৰিকতাৰ জৰিয়তে আন্তঃসংযোগী সৃষ্টিশীল ৰচনাক বুজায়।৬ এই ধৰণৰ চাইবাৰ কবিতাই বিভিন্ন মাধ্যমৰ মাজেৰে সংযুক্ত দৃশ্য কলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।৬ অৰ্থাৎ হাইপাৰটেক্সট কবিতা হৈছে ডিজিটেল কবিতাৰ এক শ্ৰেণীবিভাজন যিয়ে পাঠকক এটা তথ্য বা ইণ্টাৰনেটৰ বিভিন্ন তথ্যৰ সৈতে বিভিন্ন ঠাইৰ সংযোগ কৰায়।৭ সাধাৰণতে হাইপাৰটেক্সট কবিতাই আনন্দদায়ক কবিতা হিচাপে সংস্কৃতি আৰু আন্তঃপাঠ্যতাৰ বিভিন্ন ডিজিটেল মাধ্যমৰ উপাদানসমূহ যেনে ছবি, ভিডিঅ', গ্ৰন্থ আৰু গীতৰ সৈতে সংমিশ্ৰণ ঘটায়।৮

হাইপাৰটেক্সট সাধাৰণতে দুটা ভাগত থাকে: অন্বেষণমূলক আৰু গঠনমূলক। অন্বেষণমূলক হাইপাৰটেক্সট কবিতাই ব্যৱহাৰকাৰীসকলৰ আগ্ৰহ, নিয়োজন আৰু প্ৰতিফলনৰ দ্বাৰা এটা পাঠ্যৰ মাজেৰে আগবাঢ়িবলৈ অনুমতি দিয়ে।৬ ইয়াৰ অৰ্থ হ'ল কম্পিউটাৰত ডিজিটেলাইজ কৰা কবিতা এটাৰ বিষয়ে পাঠকে সৃষ্টিশীলভাৱে অন্বেষণ আৰু চিন্তা কৰিব পাৰে।৬ গঠনমূলক হাইপাৰটেক্সট কবিতাই এক বেলেগ পন্থা গ্ৰহণ কৰে। এই কবিতাটো সময়ৰ লগে লগে দৰ্শকে গঢ়ি তুলি সম্পূৰ্ণ জঁকাটোৰে চূড়ান্ত খচৰা সৃষ্টি কৰে।৬ ইয়াৰ লগতে দৰ্শকে পাঠটোৰ পূৰ্বৰ সংস্কৰণসমূহ চাব পাৰে।৬ মুঠতে গঠনমূলক হাইপাৰটেক্সট কবিতাৰ কেন্দ্ৰবিন্দু হ'ল কম্পিউটাৰ চফ্টৱেৰ আৰু যন্ত্ৰই কেনেকৈ কবিতাৰ সৃষ্টি বৃদ্ধি কৰিব পাৰে।৬ সেইবাবেই ব্যৱহাৰকাৰীসকলে এজন লেখকৰ প্ৰেৰণা, লিখন প্ৰক্ৰিয়া আৰু সাংস্কৃতিক প্ৰভাৱৰ একত্ৰীকৰণ প্ৰত্যক্ষভাৱে চাব পাৰে।৮

হাইপাৰটেক্সট কবিতাৰ আৰম্ভণি ১৯৮০ চনৰ মাজভাগৰ পৰাই হোৱা বুলি অনুমান কৰা হয়।৬ ১৯৬০ চনত এই শব্দটোৰ উদ্ভাৱনৰ বাবে টেড নেলছনকেই কৃতিত্ব দিয়া হয়।৯ টেড নেলচনে এই শব্দটোৰ উদ্ভাৱন কৰিছিল, কাৰণ তেওঁৰ মতে ছপা লিখা অতি সোনকালে পুৰণি হৈ যাব আৰু সাহিত্য অধিক ডিজিটেল ক্ষেত্ৰলৈ গতি কৰিব।১০ এই শব্দটো ঠিক কেতিয়া আহিল সেই বিষয়ে কিছুমান মানুহৰ মতানৈক্যও থকা দেখা যায়। "হাইপাৰটেক্সট"ৰ উৎপত্তি ১৮ শতিকাত হৈছে।১১ তদুপৰি ১৯৪৫ চনত ভানেভাৰ বুছে কৰা “মেমেক্স’’ৰ বৰ্ণনাই হাইপাৰটেক্সটৰ কথাও বুজাইছিল বুলি বিশ্বাস কৰা হয়।৯

হাইপাৰটেক্সট বৰ্তমান সুপৰিচিত হোৱাৰ কাৰণ বিভিন্ন কাৰক আছে যদিও ইয়াৰ জনপ্ৰিয়তা দুটা বিশেষ পৰিঘটনাৰ পৰাই হোৱা বুলি অনুমান কৰিব পাৰি।৯ এটা অনুষ্ঠান হৈছে ১৯৮৭ চনত এপলৰ উদ্ভাৱন আৰু “হাইপাৰকাৰ্ড’’ৰ গধুৰ প্ৰচাৰ।৯ ইয়াৰ ফলত হাইপাৰটেক্সট সহজলভ্য হৈ পৰিল, য’ত হাজাৰ হাজাৰ লোকে এতিয়া এই ধাৰণাটো চিনি পাব আৰু বুজিব পাৰিলে।৯ ইয়াৰ উপৰিও ১৯৮৭ চনত হাইপাৰটেক্সটৰ ওপৰত এখন বৃহৎ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল, য’ত একাধিক অধ্যয়ন আৰু শাখাৰ পৰা অংশগ্ৰহণকাৰীসকলক আকৰ্ষণ কৰা হৈছিল।৯

তথ্যসূত্ৰ

  1. ↑ Selfa Sastre, Moisés; Falguera Garcia, Enric. (2022). From Text on Paper to Digital Poetry: Creativity and Digital Literary Reading Practices in Initial Teacher Education. Frontiers in Psychology
  2. ↑ Computer-Generated Poetry Liberates Readers, Attracts Coders. Slice of MIT
  3. ↑ The Present [Future] of Electronic Literature in Transdisciplinary Digital Art: Sound, Vision and the New Screen, Communications in Computer and Information Science (CCIS), Volume 7, R. Adams, S. Gibson and S. Müller Arisona, Springer
  4. ↑ Mazzei, Alessandro; Valle, Andrea. (2016). Combinatorics vs Grammar: archeology of computational poetry in Tape Mark I. Proceedings of the INLG 2016 Workshop on Computational Creativity in Natural Language Generation. পৃ. 61–70
  5. ↑ Chris., Funkhouser. (2007). Prehistoric digital poetry: an archaeology of forms, 1959-1995. University of Alabama Press. ISBN 9780817380878
  6. ↑ Wardrip-Fruin, Noah. (2007). A Companion to Digital Literary Studies. Blackwell Publishing. পৃ. 161–182. ISBN 9781405148641
  7. ↑ Selfa Sastre, Moisés; Falguera Garcia, Enric. (2022-06-17). From Text on Paper to Digital Poetry: Creativity and Digital Literary Reading Practices in Initial Teacher Education. Frontiers in Psychology
  8. ↑ Abrosimova, Ekaterina. (2021-05-27). Hyperlink Phenomenon In The Modern Internet Poetry. Man, Society, Communication. পৃ. 549–555
  9. ↑ Smith. (July 1988). Hypertext. Communications of the ACM. পৃ. 816–819
  10. ↑ (1997). Historians and Hypertext. Gateways to Knowledge. The MIT Press. ISBN 9780262271929
  11. ↑ Ridi, Ricardo. (2018). Hypertext. Knowledge Organization. পৃ. 393–424

সম্পৰ্কিত শ্ৰেণী

সাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিজিটেল কবিতা” প্ৰবন্ধৰ সংশোধন ৬২৪১৯০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।