সাহিত্যৰ ধাৰা
১০ প্ৰবন্ধ
-
কল্পকাহিনী
কল্পকাহিনী (Fiction) হৈছে যিকোনো সৃষ্টিশীল ৰচনা, প্ৰধানকৈ যিকোনো আখ্যানমূলক ৰচনা, যিয়ে ব্যক্তি, পৰিঘটনা বা স্থানক কাল্পনিক বা ইতিহাস, তথ্য বা যুক্তিযুক্ততাৰ সৈতে অসামঞ্জস্যপূৰ্ণভাৱে চিত্ৰিত কৰে।
-
নাৰীবাদী সাহিত্য
নাৰীবাদী সাহিত্য (Feminist Literature) হৈছে কল্পকাহিনী, অকল্পকাহিনী, নাটক বা কবিতা, যিয়ে নাৰীৰ বাবে সমান নাগৰিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰৰ সংজ্ঞা, প্ৰতিষ্ঠা আৰু ৰক্ষাৰ নাৰীবাদী লক্ষ্যসমূহক সমৰ্থন কৰে।
-
নাৰীবাদী সাহিত্য সমালোচনা
নাৰীবাদী সাহিত্য সমালোচনা (Feminist literary criticism) হৈছে নাৰীবাদী তত্ত্ব তথা নাৰীবাদী ৰাজনীতিৰ দ্বাৰা গঠিত সাহিত্য সমালোচনা। ই সাহিত্যৰ ভাষাক সমালোচনা কৰিবলৈ নাৰীবাদৰ নীতি আৰু আদৰ্শ ব্যৱহাৰ কৰে।
-
যাদু বাস্তৱবাদ
যাদু বাস্তৱবাদ (Magic realism) হৈছে সাহিত্যিক কল্পকাহিনী আৰু শিল্পৰ এক শৈলী। ই পৃথিৱীৰ বাস্তৱিক দৃষ্টিভংগী চিত্ৰিত কৰাৰ লগতে যাদুকৰী উপাদানসমূহো যোগ কৰে। ই প্ৰায়ে কল্পনা আৰু বাস্তৱৰ মাজৰ ৰেখাডাল অস্পষ্ট কৰি তোলে।
-
ইউট'পিয়ান আৰু ডিষ্ট’পিয়ান কল্পকাহিনী
ইউটোপিয়ান আৰু ডিষ্ট'পিয়ান কল্পকাহিনী (Utopian and dystopian fiction) হৈছে সামাজিক আৰু ৰাজনৈতিক গাঁথনিৰ সন্ধান কৰা এক অনুমানভিত্তিক ধাৰা। ইউটোপিয়ান কল্পকাহিনীত লেখকৰ নীতি-আদৰ্শৰ সৈতে সাদৃশ্যপূৰ্ণ এক পৰিৱেশৰ চিত্ৰণ কৰা হৈছে, য’ত পাঠকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে আন এটা বাস্তৱৰ বিভিন্ন বৈশিষ্ট্য সংযোজন…
-
কল্পনা সাহিত্য
কল্পনা সাহিত্য (Fantasy Literature) হৈছে প্ৰায়েই কাল্পনিক বিশ্বব্ৰহ্মাণ্ডত নিৰ্মিত সাহিত্য। অৱশ্যে বাস্তৱ জগতৰ কোনো স্থান, পৰিঘটনা বা মানুহৰ সহায় নোলোৱাকৈ এনে সাহিত্য সদায়েই সৃষ্টি কৰিব নোৱাৰি। যাদু, অতিপ্ৰাকৃতিক আৰু যাদুকৰী জীৱবোৰ এনে সাহিত্যত সততে দৃষ্টিগোচৰ হয়।
-
টুইটাৰেচাৰ
টুইটাৰেচাৰ (Twitterature; টুইটাৰ আৰু সাহিত্য শব্দৰ মিশ্ৰণ) হৈছে টুইটাৰৰ মাইক্ৰ’ব্লগিং সেৱাৰ সাহিত্যিক ব্যৱহাৰ। ইয়াত ব্যক্তিগতভাৱে বা সহযোগিতামূলকভাৱে লিখা এফোৰিজম, কবিতা, আৰু কল্পকাহিনী (বা ইয়াৰ কিছুমান সংমিশ্ৰণ)কে ধৰি বিভিন্ন ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে।
-
বিৰুদ্ধ-কবিতা
বিৰুদ্ধ-কবিতা ( Anti-poetry), সাধাৰণতে প্ৰচলিত কবিতাৰ পৰম্পৰাগত নীতি-নিয়মবোৰ ভংগ কৰাৰ পোষকতা কৰা এক সাহিত্যিক আন্দোলন। বিৰুদ্ধ-কবিতাৰ প্ৰাৰম্ভিক সমৰ্থকসকলৰ ভিতৰত আছে চিলিৰ নিকান'ৰ পাৰা আৰু গ্ৰীকৰ ইলিয়াছ পেট্ৰ'পুলাছ।
-
সময়সাপেক্ষ কবিতা
সময়সাপেক্ষ কবিতা (Occasional Poetry) হ’ল কোনো বিশেষ উপলক্ষে ৰচনা কৰা কবিতা। সাহিত্যৰ ইতিহাসত ইয়াক প্ৰায়ে মৌখিক, পৰিৱেশন, পৃষ্ঠপোষকতাৰ সৈতে জড়িত কৰি অধ্যয়ন কৰা হয়।
-
সৃষ্টিশীল অ-কল্পকাহিনী
সৃষ্টিশীল অকল্পকাহিনী (Creative Nonfiction) (সাহিত্যিক অকল্পকাহিনী বা আখ্যানমূলক অকল্পকাহিনী বা সাহিত্যিক সাংবাদিকতা বা verfabula বুলিও কোৱা হয়) হৈছে সাহিত্যিক শৈলী আৰু কৌশল ব্যৱহাৰ কৰি বাস্তৱিকভাৱে সঠিক আখ্যান সৃষ্টি কৰা লেখাৰ ধাৰা।