ব্ৰিটিছ ভাৰতৰ প্ৰদেশ
৮ প্ৰবন্ধ
-
অসম প্ৰদেশ
অসম প্ৰদেশ (Assam Province) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ১৯১২ চনত “পূৰ্ব বংগ আৰু অসম” বিভাজনৰ ফলত প্ৰদেশখনৰ সৃষ্টি হৈছিল। ইয়াৰ ৰাজধানী আছিল শ্বিলঙত। অসম ভূখণ্ডক প্ৰথমবাৰ ১৮৭৪ চনত বংগৰ পৰা “উত্তৰ-পূব সীমান্ত” নন-ৰেগুলেচন প্ৰদেশ হিচাপে পৃথক কৰা হৈছিল।
-
বোম্বে প্ৰেচিডেঞ্চি
বোম্বে প্ৰেচিডেঞ্চি বা বোম্বে প্ৰদেশ ( Bombay Presidency বা Bombay Province; ১৮৪৩–১৯৩৬) ভাৰতৰ এটা প্ৰশাসনিক উপখণ্ড (প্ৰদেশ) আছিল, যাক বোম্বে এণ্ড সিন্ধ বুলিও কোৱা হয়। ইয়াৰ ৰাজধানী আছিল সাতটা দ্বীপৰে নিৰ্মিত বোম্বে চহৰ। বেছিন সন্ধিৰ জৰিয়তে কোংকন অঞ্চলত মূল ভূ-খণ্ড অধিগ্ৰহণ কৰা হৈছিল।
-
পূৰ্ববংগ আৰু অসম
পূৰ্ববংগ আৰু অসম (পূৰ্ববঙ্গ ও আসাম; Eastern Bengal and Assam) ১৯০৫ৰ পৰা ১৯১২লৈ ব্ৰিটিছ ভাৰতৰ এটা প্ৰশাসনিক ভাগ (প্ৰদেশ) আছিল। প্ৰদেশখনৰ ৰাজধানী আছিল ঢাকা। বৰ্তমানৰ বাংলাদেশ, উত্তৰ-পূব ভাৰত আৰু পশ্চিমবংগৰ উত্তৰ অংশক সামৰি এই প্ৰদেশ গঠন কৰা হৈছিল।
-
বিহাৰ আৰু উৰিষ্যা প্ৰদেশ
বিহাৰ আৰু উৰিষ্যা (Bihar and Orissa) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল, য'ত বৰ্তমানৰ ভাৰতীয় ৰাজ্য বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ কিছু অংশ অন্তৰ্ভুক্ত হৈ আছিল। অষ্টদশ আৰু ঊনবিংশ শতিকাত ব্ৰিটিছে এই ভূখণ্ডসমূহ দখল কৰিছিল আৰু ব্ৰিটিছ ভাৰতৰ সৰ্ববৃহৎ প্ৰশাসনিক উপখণ্ড বেংগল প্ৰেচিডেঞ্চিৰ তেতিয়াৰ ভাৰতীয় অসামৰিক…
-
আগ্ৰা প্ৰদেশ
আগ্ৰা প্ৰদেশ (Agra Province) ব্ৰিটিছ ৰাজৰ অন্তিম দশকবোৰৰ, ১৯০৪ চনৰ পৰা ১৯৪৭ চনলৈ ব্ৰিটিছ ভাৰতৰ আগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশৰ এটা অংশ আছিল। ই সংযুক্ত প্ৰদেশ আইন ১, ১৯০৪-ৰ ধাৰা ৪(৪)-ৰ অধীনত সমৰ্পিত আৰু বিজিত প্ৰদেশ আৰু উত্তৰ পশ্চিম প্ৰদেশৰ (১৮৩৬-১৯০২) অনুৰূপ আছিল।
-
উৰিষ্যা প্ৰদেশ
উৰিষ্যা প্ৰদেশ ( Orissa Province ) বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ বিভাজন আৰু মাদ্ৰাজ প্ৰেচিডেঞ্চি আৰু চেণ্ট্ৰেল প্ৰভিঞ্চৰ কিছু অংশ সংযোজন কৰি ১৯৩৬ চনৰ এপ্ৰিল মাহত সৃষ্টি হোৱা ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ইয়াৰ ভূখণ্ড বৰ্তমানৰ ওড়িশা ৰাজ্যৰ সৈতে মিল খায়।
-
বিহাৰ প্ৰদেশ
বিহাৰ প্ৰদেশ (Bihar Province) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ১৯৩৬ চনত বিহাৰ আৰু উৰিষ্যাৰ বিভাজন ঘটি এই প্ৰদেশখনৰ সৃষ্টি হৈছিল।
-
আজমেৰ-মেৰৱাৰা
আজমেৰ-মেৰৱাৰা (আজমীৰ প্ৰদেশ আৰু আজমেৰ-মেৰৱাৰা-কেকৰী বুলিও জনা যায়) ঐতিহাসিক আজমেৰ অঞ্চলৰ ব্ৰিটিছ ভাৰতৰ এখন পূৰ্বৰ প্ৰদেশ আছিল। ১৮১৮ চনৰ ২৫ জুনত দৌলত ৰাও সিন্ধিয়াই এই ভূখণ্ড ব্ৰিটিছৰ হাতত অৰ্পণ কৰে। ১৮৬১ চনত উত্তৰ-পশ্চিম প্ৰদেশৰ অংশ হৈ পৰাৰ আগলৈকে ই বেংগল প্ৰেচিডেঞ্চিৰ অধীনত আছিল আৰু।