অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আমে-ন′-উজুমে

আমে-ন′-উজুমে-ন′-মিক′ট′ (জাপানী: 天宇受売命, 天鈿女命, ইংৰাজী: Ame-no-Uzume-no-Mikoto) জাপানৰ শ্বিণ্ট' ধৰ্ম অনুসৰি দোকমোকালি, হাস্য, ধ্যান, আমোদ-প্ৰমোদ আৰু কলাৰ দেৱী আৰু সহযোগী দেৱতা ছাৰুতাহিক′ অকামিৰ (Sarutahiko Ōkami) পত্নী।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

আমে-ন′-উজুমে-ন′-মিক′ট′ (জাপানী: 天宇受売命, 天鈿女命, ইংৰাজী: Ame-no-Uzume-no-Mikoto) জাপানৰ শ্বিণ্ট' ধৰ্ম অনুসৰি দোকমোকালি, হাস্য, ধ্যান, আমোদ-প্ৰমোদ আৰু কলাৰ দেৱী আৰু সহযোগী দেৱতা ছাৰুতাহিক′ অকামিৰ (Sarutahiko Ōkami) পত্নী। (-no-Mikoto শব্দাংশ জাপানী দেৱতাৰ নামৰ লগত সংযুক্ত কৰা এটা সাধাৰণ সন্মানীয় উপাধি; ইয়াক অসমীয়া সন্মানীয় 'মহোদয়' শব্দৰ সৈতে সাদৃশ্য থকা বুলি বুজিব পাৰি।) তেওঁ নিৰুদ্দেশ হোৱা সূৰ্য্য দেৱী আমাটেৰাছু অ′মিকামিৰ সন্ধান উলিয়াবলৈ সহায় কৰাৰ বাবে জনাজাত৷ অ′মিকামিয়ে নিজকে এটা গুহাত লুকুৱাই ৰাখিছিল। তেওঁৰ নামটো আমা-ন′-উজুমে-ন′-মিক′ট′ (Ama-no-Uzume-no-Mikoto) বুলিও উচ্চাৰণ কৰিব পাৰি। সম্ভৱতঃ তেওঁৰ স্বামীৰ সৈতে তেওঁৰ সম্পৰ্কৰ বাবে তেওঁক অ′মিয়ান′মে-ন′-অ′কামি (Ōmiyanome-no-Ōkami) ইনাৰী কামি বুলিও জনা যায়।১ তেওঁক আমে-ন′-উজুমে-ন′-মিক′ট′, মহান প্ৰলুব্ধকাৰক (The Great Persuader) আৰু স্বৰ্গীয় মহিলা সতৰ্ককৰ্তা (The Heavenly Alarming Female) নামেৰেও জনা যায়।২ তেওঁক কীঅ′গেন (kyōgen) প্ৰহসনত নিজৰ কামুকতাত আনন্দ কৰা এগৰাকী মহিলা অ′কামি(Okame) হিচাপে চিত্ৰিত কৰা হৈছে৷

কিংবদন্তি

এবাৰ সূৰ্য্যৰ দেৱী আমাটেৰাছু আৰু তেওঁৰ ভাতৃ ধুমুহা দেৱতা চুছানো’ৱৰ (Susano'o) মাজত কাজিয়া হৈছিল৷ চুছানো’ৱে আমাটেৰাছু খেতি পথাৰ নষ্ট কৰিছিল, ছাল চিঙা ঘোঁৰা এটা তাঁতশাললৈ দলিয়াই দিছিল আৰু তেওঁৰ এগৰাকী কুমাৰীক নিৰ্মমভাৱে হত্যা কৰিছিল। আমাটেৰাছুৱে তেওঁৰ ওপৰত ক্ৰোধিত হৈ আমানো-ইৱাটো (Amano-Iwato) নামৰ স্বৰ্গীয় শিলৰ গুহা এটালৈ গৈ লুকাই আছিল। সূৰ্য্যৰ পোহৰৰ অবিহনে পৃথিৱীখন আন্ধাৰ হৈ পৰিল আৰু দেৱতাসকলে বহু চেষ্টা কৰিও তেওঁক আত্মগোপন কৰি থকা স্থানৰ পৰা বাহিৰলৈ আনিব নোৱাৰিলে।

চতুৰ উজুমে গুহাৰ প্ৰৱেশদ্বাৰৰ ওচৰৰ এটা ফুলৰ পাত্ৰ ওলোটা কৰি তাৰ ওপৰত নাচিবলৈ ধৰিলে, অন্য দেৱতাৰ সন্মুখত তেওঁ নিজৰ কাপোৰবোৰ ফালি পেলাবলৈ ধৰিলে। তেওঁলোকে এই কথাটো ইমানেই হাস্যৰসময়ী বুলি গণ্য কৰিছিল যে এই দৃশ্য দেখি তেওঁলোকে হাঁহিবলৈ ধৰিলে। এই নৃত্যৰ পৰাই জাপানৰ পৰম্পৰাগত কাগুৰা নৃত্যৰ জন্ম হৈছিল বুলি কোৱা হয়।

আমাটেৰাছুৱে বাহিৰত কিহৰ হুলস্থুল চলি আছে চাবলৈ বাহিৰলৈ ভুমুকি মাৰিলে। গুহাৰ দুৱাৰ খুলি তেওঁ উজুমেই গছ এজোপাত থৈ দিয়া আইনা এখনত তেওঁৰ উজ্জ্বল মণিটোৰ সৈতে নিজৰে গৌৰৱময় প্ৰতিফলনটো দেখিলে আৰু লাহে লাহে তেওঁ লুকাই থকা ঠাইৰ পৰা ওলাই আহিল।

সেই মুহূৰ্ততে তাজিকাৰ′ দেৱতাই লৰালৰিকৈ গুহাটো বন্ধ কৰি দিলে। আন এজন দেৱতাই প্ৰৱেশদ্বাৰৰ সিপাৰে এটা যাদুকৰী শ্বিমেনৱা (shimenawa, মন্ত্ৰপুতঃ ৰচী) বান্ধি দিলে। তাৰ পিছত ক′য়ানে আৰু ফুট′ডামাই তেওঁক পুনৰ ঘূৰি আহিবলৈ অনুৰোধ কৰিলে। তেওঁ মান্তি হ’ল আৰু পৃথিৱীলৈ পোহৰ ঘূৰি আহিল।

তথ্যসূত্ৰ

  1. ↑ Treasures of the Morikami. Morikami Museum and Japanese Gardens
  2. ↑ Herbert, Jean. (2011). Shinto: At the Fountainhead of Japan. Taylor & Francis. পৃ. 264. ISBN 978-0-203-84216-4

সম্পৰ্কিত শ্ৰেণী

জাপানী শ্ৰুতিকথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমে-ন′-উজুমে” প্ৰবন্ধৰ সংশোধন ৪৯৩৯০৮ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।