জাপানী শ্ৰুতিকথা
১০ প্ৰবন্ধ
-
আমে-ন′-উজুমে
আমে-ন′-উজুমে-ন′-মিক′ট′ (জাপানী: 天宇受売命, 天鈿女命, ইংৰাজী: Ame-no-Uzume-no-Mikoto) জাপানৰ শ্বিণ্ট' ধৰ্ম অনুসৰি দোকমোকালি, হাস্য, ধ্যান, আমোদ-প্ৰমোদ আৰু কলাৰ দেৱী আৰু সহযোগী দেৱতা ছাৰুতাহিক′ অকামিৰ (Sarutahiko Ōkami) পত্নী।
-
ইয়ামাবিকো
ইয়ামাবিকো (ইয়ামাহিকোও) জাপানী লোককথাত এজন পৰ্বত দেৱতা, আত্মা আৰু ইয়োকাই; "ইয়ামাবিকো" শব্দটোৱে পাহাৰত হোৱা প্ৰতিধ্বনিকো বুজায়, যাৰ নামেৰে ইয়োকাইৰ নামকৰণ কৰা হৈছে। আক্ষৰিক অৰ্থত এই শব্দটোৰ অৰ্থ হৈছে "পাহাৰীয়া ল'ৰা"। ই হৈছে পৰ্বত বা খাদত হোৱা প্ৰাকৃতিক পৰিঘটনাৰ বাবে দায়ী ইয়োকাই।
-
কোডামা
কোডামা জাপানী লোককথাত গছত বাস কৰা আত্মা। এই শব্দটো এনে গছক বুজাবলৈও ব্যৱহাৰ কৰা হয়, য’ত কথিতভাৱে কোডামা বাস কৰে। ইয়ামাবিকো নামেৰে জনাজাত পৰিঘটনাটো, অৰ্থাৎ যেতিয়া শব্দই পাহাৰ আৰু উপত্যকাত পলমকৈ প্ৰতিধ্বনিত হয়, কেতিয়াবা এই ধৰণৰ আত্মাৰ বাবেই হয় আৰু ইয়াক "কোডামা" বুলিও কোৱা হয়।
-
বিবা-বকুবকু
বিবা-বকুবকু বা "বিবা গবলিন" জাপানী লোককথাৰ এক কাল্পনিক সত্ত্বা। ই ইয়োকাইৰ এটা দলৰ অন্তৰ্গত সত্ত্বা আৰু ইয়াক দুৰ্বল চৰিত্ৰ বুলি কোৱা হয়।
-
আবুৰা আকাগো
আবুৰা-আকাগো (জাপানী ভাষাত "তেলৰ শিশু") হৈছে জাপানী শিশু আত্মা বা ভূতৰ এক প্ৰকাৰ। ট’ৰিয়ামা চেকিয়েনৰ মাজভাগৰ ইডো যুগত কঞ্জাকু গাজু জোকু হায়াকিত চিত্ৰিত হোৱা এটা ইয়োকাই, এণ্ডন লেম্পৰ পৰা তেল উলিয়াই লোৱা এটা শিশু আত্মা হিচাপে চিত্ৰণ কৰা হৈছে।
-
চাতোৰী(লোককথা)
জাপানী লোককথাত চাতোৰী ( "চেতনা") হৈছে মন-পঢ়া বান্দৰৰ দৰে এক দানৱ ("yōkai"), যি হিডা আৰু মিনো (বৰ্তমান গিফু প্ৰিফেকচাৰ)ৰ পৰ্বতীয়া ঠাইত বাস কৰে বুলি কোৱা হয়।
-
জাপানী লোককথা
জাপানী লোককথা ত জাপান আৰু জাপানী জনসাধাৰণৰ অনানুষ্ঠানিকভাৱে শিকি অহা লোক পৰম্পৰাক সামৰি লোৱা হৈছে, যিবোৰ তেওঁলোকৰ মৌখিক পৰম্পৰা, ৰীতি-নীতি আৰু বস্তুগত সংস্কৃতিত প্ৰকাশ পাইছে। জাপানী ভাষাত লোককথাৰ বৰ্ণনাৰ বাবে মিনকান ডেনশ্বো (民間伝承; "মানুহৰ মাজত যোগাযোগ") শব্দটো ব্যৱহাৰ কৰা হয়।
-
বাছান (পৌৰাণিক কথা)
বাছানক বিকল্পভাৱে বাছাবাছা বা ইনুহু বুলি কোৱা হয়, জাপানী পৌৰাণিক কাহিনী আৰু লোককথাৰ পৰা উদ্ভৱ হোৱা এটা চৰাইৰ দৰে এটা জীৱ আৰু ইয়াক তাকেহাৰা শ্বুনচেনৰ ইহন হ্যাকু মনোগাটাৰী আৰু গাজু হায়াকি য়াগ্যত চিত্ৰিত কৰা হৈছে।
-
বেক কুজিৰা
বেক-কুজিৰা হৈছে পশ্চিম জাপানত প্ৰচলিত হৈ অহা এটা পৌৰাণিক জাপানীজ য়োকাই (ভূত, ফেণ্টম বা অদ্ভুত প্ৰকাশ)। ইয়াক তিমিৰ কংকাল বুলি বৰ্ণনা কৰা হৈছে যাৰ লগত অজ্ঞাত মাছ আৰু অদ্ভুত চৰাই থাকে। ই তিমি চিকাৰ কৰা বা তিমিৰ মাংস খোৱা লোকৰ বিৰুদ্ধে প্ৰতিশোধ লয়, আৰু ই প্লেগ মহামাৰী আৰু জুইৰে শাওপাত দিয়ে।
-
বৰোবৰোটন
জাপানী লোককথাত বৰোবৰোটন হৈছে এটা চুকুমোগামি ইয়োকাই। জাপানী ভাষাত বোৰোবোৰো শব্দৰ অৰ্থ শতচ্ছিন্ন মেট্ৰেচ বা গাদী আৰু ইয়াক মানুহৰ বাবে দুষ্ট আৰু বিপজ্জনক আত্মা বুলি বিশ্বাস কৰা হয়।