অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বিচূৰ্ণীভৱন

বিচূৰ্ণীভৱন হৈছে ভূ-পৃষ্ঠৰ শিলাসমূহ নিজ স্থানতে প্ৰাকৃতিক আৰু মানৱ প্ৰভাৱিত প্ৰক্ৰিয়াৰ দ্বাৰা খণ্ড-বিখণ্ড হোৱা কাৰ্য। এই প্ৰক্ৰিয়াত কোনো বাহক কাৰ্য জড়িত নাথাকে।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৪ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

বিচূৰ্ণীভৱন হৈছে ভূ-পৃষ্ঠৰ শিলাসমূহ নিজ স্থানতে প্ৰাকৃতিক আৰু মানুহ প্ৰভাৱিত প্ৰক্ৰিয়াৰ দ্বাৰা খণ্ড-বিখণ্ড হোৱা কাৰ্য। এই প্ৰক্ৰিয়াত কোনো বাহক কাৰ্য জড়িত নাথাকে।

বিচূৰ্ণীভৱনৰ কাৰকসমূহ

বিচূৰ্ণীভৱনৰ প্ৰকাৰ

ভৌতিক বিচূৰ্ণীভৱন(physical weathering)

ভূ-পৃষ্ঠৰ শিলসমূহ প্ৰাকৃতিক চাপ প্ৰতিচাপ আৰু পীড়ণৰ বাবে গাঠনিক ভাৰসাম্য হেৰুৱাই ভাগিবলৈ আৰম্ভ কৰে। কিন্তু শিলাসমূহৰ মূল ৰাসায়নিক উপাদান একে থাকে। এই প্ৰক্ৰিয়াক ভৌতিক বিচূৰ্ণীভৱন বোলে।ইয়াৰ প্ৰকাৰ সমূহ হ'ল

হৈম বিচূৰ্ণীভৱন( frost shattering)

যেতিয়া 0°ডিগ্ৰী উষ্ণতাত শিলাসমূহৰ ছিদ্ৰভাগৰ পানী বৰফলৈ ৰূপান্তৰিত হয়। ই শিলাখণ্ডৰ বিচূৰ্ণীভৱনত সহায় কৰে।ইয়াক হৈম বিচূৰ্ণীভৱন বোলে। Scree আৰু Felscnmeer এনে ধৰণৰ ভূ অৱয়ব।

Salt Cristalisation

যেতিয়া ভূগৰ্ভৰ পানীভাগ ভূপৃষ্ঠৰ সমান্তৰালকৈ বৈ যায় ইয়াত দ্ৰৱীভূত লৱণ উপাদান বোৰে শিলাসমূহৰ বিচূৰ্ণীভৱনত সহায় কৰে।

পিয়াঁজী বিচূৰ্ণীভৱন(onion weathering)

উত্তাপ আৰু বতাহৰ দ্বাৰা পিয়াঁজৰ বাকলিৰ দৰে শিলবিলাকৰ পৃষ্ঠাভাগৰ ছাল এৰি যায় তাকে পিয়াঁজী বিচূৰ্ণীভৱন বোলে।

ৰাসায়নিক বিচূৰ্ণীভৱন(chemical weathering)

বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ ফলত শিলাখণ্ডৰ অৱক্ষয় হোৱাকে ৰাসায়নিক বিচূৰ্ণীভৱন বোলে।এই বিক্ৰিয়াসমূহ হ'ল

অংগাৰীকৰণ(carbonation)

বৰষুণৰ পানী বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ লগত মিশ্ৰিত হৈ কাৰ্বনিক এচিডলৈ ৰূপান্তৰিত হয় আৰু চূণশিলৰ ওপৰত প্ৰভাৱ পেলাই।

দ্ৰৱণ(solution)

পানীৰ সংস্পৰ্শত শিলবিলাকত থকা দ্ৰৱীভূত পদাৰ্থবোৰ গলি যোৱা প্ৰক্ৰিয়াকে দ্ৰৱণ বোলে।

জাৰণ

শিলত থকা লৌহজাতীয় মণিকৰ লগত জলীয় ভাপ মিশ্ৰিত হৈ বায়ুমণ্ডলৰ অম্লজানৰ ৰাসায়নিক বিক্ৰিয়া ঘটি লৌহ কণিকাবোৰ ফেৰাচ হাইড্ৰক্সাইডলৈ ৰূপান্তৰিত হয়।

জৈৱিক বিচূৰ্ণীভৱন(biological weathering)

উদ্ভিদ, প্ৰাণী আৰু মানুহৰ দ্বাৰা সংঘটিত হোৱা বিচূৰ্ণীভৱনক জৈৱিক বিচূৰ্ণীভৱন বোলে।

সম্পৰ্কিত শ্ৰেণী

ভূতত্ত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিচূৰ্ণীভৱন” প্ৰবন্ধৰ সংশোধন ৪৫৩৪০৯ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।