অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বহনক্ষম ভূমি ব্যৱস্থাপনা

বহনক্ষম ভূমি ব্যৱস্থাপনা (Sustainable land management(SLM))এনে এক পদ্ধতি আৰু প্ৰযুক্তিক বুজায়, যিবোৰৰ লক্ষ্য হৈছে দীৰ্ঘম্যাদী বহনক্ষমতা, পৰিৱেশ তন্ত্ৰৰ সেৱা, জৈৱ বৈচিত্ৰ্য আৰু জীৱিকা নিশ্চিত কৰাৰ লগতে মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ ভূমি, পানী আৰু অন্যান্য পৰিৱেশ সম্পদৰ ব্যৱস্থাপনাক একত্ৰিত কৰা।

হালনাগাদ: ৩১ ডিচেম্বৰ ২০২৩ ৪৮৭ শব্দ · ৩ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

বহনক্ষম ভূমি ব্যৱস্থাপনা (Sustainable land management(SLM)১)এনে এক পদ্ধতি আৰু প্ৰযুক্তিক বুজায়, যিবোৰৰ লক্ষ্য হৈছে দীৰ্ঘম্যাদী বহনক্ষমতা, পৰিৱেশ তন্ত্ৰৰ সেৱা, জৈৱ বৈচিত্ৰ্য আৰু জীৱিকা নিশ্চিত কৰাৰ লগতে মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ ভূমি, পানী আৰু অন্যান্য পৰিৱেশ সম্পদৰ ব্যৱস্থাপনাক একত্ৰিত কৰা। উদাহৰণস্বৰূপে আঞ্চলিক পৰিকল্পনা আৰু মাটি বা পৰিৱেশ সুৰক্ষাৰ লগতে সম্পত্তি আৰু বাগিচা ব্যৱস্থাপনাতো এই শব্দটো ব্যৱহাৰ কৰা হয়।

পৰিসৰ

বিশ্ব বেংকে বহনক্ষম ভূমি ব্যৱস্থাপনাক এফালে পৰিৱেশৰ সুৰক্ষা আৰু আনফালে নিশ্চিত পৰিৱেশ তন্ত্ৰৰ প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে৷ আনহাতে, ই কৃষি আৰু অৰণ্যৰ উৎপাদনশীলতাৰ দিশত জনগাঁথনিগত বৃদ্ধিৰ চাপৰ ফলত ভূমিৰ অধিক ব্যৱহাৰৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰিছে৷

SLM ক এক জ্ঞানভিত্তিক পদ্ধতি হিচাপে সংজ্ঞায়িত কৰা হৈছে; যিয়ে পৰিৱেশ তন্ত্ৰৰ সেৱা আৰু জীৱিকা বজাই ৰখাৰ লগতে বৃদ্ধি পোৱা খাদ্য আৰু আঁহৰ চাহিদা পূৰণ কৰিবলৈ ভূমি, পানী, জৈৱ বৈচিত্ৰ্য, আৰু পৰিৱেশ ব্যৱস্থাপনা (ইনপুট আৰু আউটপুটকে ধৰি) একত্ৰিত কৰাত সহায় কৰে। বৃদ্ধি পোৱা জনসংখ্যাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ SLM ৰ প্ৰয়োজন। ভূমিৰ অনুচিত ব্যৱস্থাপনাই ভূমিৰ অৱক্ষয়ৰ সূচনা কৰিব পাৰে আৰু জলভাগ আৰু ভূ-প্ৰকৃতিৰ উৎপাদনশীল আৰু সেৱা (জৈৱ বৈচিত্ৰ্যৰ স্থান, জলবিজ্ঞান, কাৰ্বন নিষ্কাশন) কাৰ্য যথেষ্ট হ্ৰাস কৰিব পাৰে।--বিশ্ব বেংক৷ ১

ইউৰোপৰ বাবে “ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আয়োগে’’(UNECE) এই শব্দটো বহল প্ৰেক্ষাপটত প্ৰয়োগ কৰে। কৃষি আৰু বনজ সম্পদৰ উপৰিও ইয়াৰ ভিতৰত খনিজ নিষ্কাশন খণ্ড, সম্পত্তি আৰু বাগিচা ব্যৱস্থাপনাও অন্তৰ্ভুক্ত।

ভূমি ব্যৱস্থাপনা হ’ল সেই প্ৰক্ৰিয়া যাৰ দ্বাৰা ভূমিৰ সম্পদসমূহ ভালদৰে কাৰ্যকৰী কৰা হয়। ইয়াত পৰিৱেশ আৰু অৰ্থনৈতিক দুয়োটা দৃষ্টিকোণৰ পৰা সম্পদ হিচাপে ভূমি পৰিচালনাৰ সৈতে জড়িত সকলো কাৰ্যকলাপ সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত কৃষি, খনিজ নিষ্কাশন, সম্পত্তি আৰু বাগিচা ব্যৱস্থাপনা, আৰু চহৰ আৰু গ্ৰাম্য অঞ্চলৰ ভৌতিক পৰিকল্পনা আদি অন্তৰ্ভুক্ত হ'ব পাৰে।২

ৰাষ্ট্ৰীয় ৰাজনীতি আৰু কাৰ্যসূচীৰ কালছোৱাত কিছুসংখ্যক ইউৰোপীয় ৰাষ্ট্ৰই "বহনক্ষম ভূমি ব্যৱস্থাপনা"ৰ পৰিভাষা ব্যৱহাৰ কৰিবলৈ লয়। এইক্ষেত্ৰত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ কথা উল্লেখ কৰিব লাগিব, কিয়নো দুয়োখন দেশেই নিজৰ চৰকাৰী কাৰ্যসূচীৰ অংশ হিচাপে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বহনক্ষম ভূমি ব্যৱস্থাপনাৰ ওপৰত একমত হৈছে।৩

ইউৰোপীয় প্ৰেক্ষাপটত “ইউৰোপীয় নেটৱৰ্ক ফৰ লেণ্ড ইউজ মেনেজমেণ্ট ফৰ ছাষ্টেনেবল ইউৰোপিয়ান চিটিজ’’(LUMASEC)৪ৰ সংজ্ঞাটোক ৰেফাৰেন্স হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াত বহনক্ষম ভূমি ব্যৱস্থাপনাৰ ওপৰত আন্তঃ আৰু আভ্যন্তৰীণ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে:

যিহেতু পৰিচালনা হৈছে মানৱীয় কাৰ্যকলাপ অৰ্থাৎ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ বাবে একেলগে কৰা কাম, গতিকে ভূমি ব্যৱহাৰ ব্যৱস্থাপনা হৈছে ভূমিৰ ব্যৱহাৰ আৰু উন্নয়ন পৰিচালনাৰ এক প্ৰক্ৰিয়া, য’ত নগৰ নীতিৰ স্থানীয়, খণ্ডমুখী আৰু অস্থায়ী দিশসমূহৰ সমন্বয় সাধন কৰা হয়৷ ভূমিৰ সম্পদসমূহ বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা হয়, যাৰ ফলত সংঘাত আৰু প্ৰতিযোগিতাৰ সৃষ্টি হ’ব পাৰে আৰু ভূমি ব্যৱহাৰ ব্যৱস্থাপনাই সেই উদ্দেশ্যসমূহ সংহতভাৱে চাব লাগে। সেয়ে, ভূমি ব্যৱস্থাপনাই ভূমিৰ নীতি আৰু নীতি-নিৰ্ধাৰণ ব্যৱস্থাৰ সংঘাত সামৰি আঁচনি আৰু কাৰ্যকৰণ, খণ্ডভিত্তিক পৰিকল্পনা, বাজেট, পৰিকল্পনা প্ৰয়োগ আৰু সিদ্ধান্তৰ লগতে ইয়াৰ প্ৰভাৱ নীৰিক্ষণ আৰু মূল্যায়ন কৰে৷৫

গৱেষণা

২০১০ চনৰ পৰা “জাৰ্মান ফেডাৰেল শিক্ষা আৰু গৱেষণা মন্ত্ৰ্যালয়’’(BMBF)এ "বহনক্ষম ভূমি ব্যৱস্থাপনা"ৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় গৱেষণা কাৰ্যসূচীৰ বাবে ধন আগবঢ়ায়।৬ কাৰ্যসূচীৰ 'অংশ-ক'ই ভূমি ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ তন্ত্ৰ সেৱাৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ অনুসন্ধান কৰে।৭ ইয়াৰ ভিতৰত দক্ষিণ আমেৰিকা, আফ্ৰিকা, ইউৰোপ, মধ্য এছিয়া, আৰু দক্ষিণ এছিয়াত চলি থকা প্ৰকল্পসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। 'অংশ-খ’ই মধ্য ইউৰোপৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১৩টা প্ৰকল্পত "উদ্ভাৱনী ব্যৱস্থাৰ সমাধান" বিচাৰে।

তদুপৰি, ভূমি অৱক্ষয়ৰ অৰ্থনীতি (ELD) পদক্ষেপে ইয়াৰ অৰ্থনৈতিক লাভালাভৰ ওপৰত আলোকপাত কৰি বহনক্ষম ভূমি ব্যৱস্থাপনাৰ প্ৰথাৰ ওপৰত খৰচৰ সুবিধা বিশ্লেষণ স্থাপন কৰিব বিচাৰে। এই অৰ্থনৈতিক বিশ্লেষণে সিদ্ধান্ত গ্ৰহণকাৰীসকলক বিশ্বজুৰি ভূমিৰ অৱক্ষয়ৰ বিৰুদ্ধে যুঁজিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰিব। ইয়াৰ উপৰিও এই পদক্ষেপে আফ্ৰিকা আৰু মধ্য এছিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি আঞ্চলিক কেছ ষ্টাডিক সমৰ্থন কৰে।

বহনক্ষম ভূমি ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা

২০২০ চনৰ ছেপ্টেম্বৰ মাহত বিজ্ঞানীসকলে স্থলজ অঞ্চলসমূহৰ এক ইণ্টাৰেক্টিভ বিশ্ব মানচিত্ৰ প্ৰকাশ কৰিছিল য'ত সংৰক্ষিত অঞ্চলসমূহে "গ্ল'বেল ছেফটি নেট" হিচাপে কাম কৰা বা ক্ৰমাগতভাবৱ উন্নয়নশীল অধিক বহনক্ষম ব্যৱস্থাপনাই বিভিন্ন জলবায়ু আৰু সংৰক্ষণৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।৮৯

তথ্যসূত্ৰ

  1. ↑ The World Bank (2006): Sustainable Land Management. Challenges, Opportunities, and Trade-offs. Washington, DC
  2. ↑ (1996). Land Administration Guideline. With Special Reference to Countries in Transition. UN Economic Commission for Europe, Geneva, ECE/HBP/96
  3. ↑ vgl. Australian Government – Department of Sustainability, Environment, Water, Population and Communities
  4. ↑ Homepage
  5. ↑ Didier Vancutsem (LEAD Expert): 2008 Land Use Management for Sustainable European Cities
  6. ↑ Weith, T., Schulz, K., Gaasch, N., Seppelt, R., Werntze, A., Eppink, F. (2010): Towards Integration: Sustainable Land Management. A new German Research Funding Measure
  7. ↑ Seppelt, Ralf; Dormann, Carsten F.; Eppink, Florian V. (2011). A quantitative review of ecosystem service studies: approaches, shortcomings and the road ahead. Journal of Applied Ecology. পৃ. 630–636
  8. ↑ (4 September 2020). Protecting half the planet could help solve climate change and save species. Science News
  9. ↑ Dinerstein, E.; Joshi, A. R.; Vynne, C. (1 September 2020). A "Global Safety Net" to reverse biodiversity loss and stabilize Earth's climate. Science Advances. পৃ. eabb2824

সম্পৰ্কিত শ্ৰেণী

ভূতত্ত্বপৰিৱেশ সম্পৰ্কীয় সমস্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বহনক্ষম ভূমি ব্যৱস্থাপনা” প্ৰবন্ধৰ সংশোধন ৩৯৯৭৯৫ (৩১ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।