অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰি

বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰি ডি ফ্ৰানচেস্কো (৪ মে' ১৬৫৫- ২৭ জানুৱাৰী ১৭৩১)ইটালীৰ এজন বাদ্যযন্ত্ৰ নিৰ্মাতা আছিল যাক "ফৰ্তেপিয়ানো"ৰ উদ্ধাৱক হিচাপে সাধাৰণতে গণ্য কৰা হয়। (বিঃদ্ৰঃ-ফৰ্তেপিয়ানো হৈছে পিয়ানোৰ আদিম প্ৰকাৰ)

হালনাগাদ: ৬ মে’ ২০২০ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ
বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰিৰ ১৭২৬ চনৰ ৰূপচিত্ৰ(পোট্ৰেইত)ৰ আলোকচিত্ৰ। মূল চিত্ৰখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হেৰাল।
বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰিৰ ১৭২৬ চনৰ ৰূপচিত্ৰ(পোট্ৰেইত)ৰ আলোকচিত্ৰ। মূল চিত্ৰখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হেৰাল।ছবি: Unidentified painter · Public domain

বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰি ডি ফ্ৰানচেস্কো (৪ মে' ১৬৫৫- ২৭ জানুৱাৰী ১৭৩১)ইটালীৰ এজন বাদ্যযন্ত্ৰ নিৰ্মাতা আছিল যাক "ফৰ্তেপিয়ানো"ৰ উদ্ধাৱক হিচাপে সাধাৰণতে গণ্য কৰা হয়। (বিঃদ্ৰঃ-ফৰ্তেপিয়ানো হৈছে পিয়ানোৰ আদিম প্ৰকাৰ)

ক্ৰিষ্টফ'ৰিৰ পিয়ানো সমূহ

ৰোম চহৰৰ "মিউজিঅ' নেজিয়নেল ডেগলি ষ্ট্ৰোমেণ্টি মিউজিকেলি"ত সংৰক্ষিত ১৭২২ চনত নিৰ্মিত ক্ৰিষ্টফ'ৰি পিয়ানো।
ৰোম চহৰৰ "মিউজিঅ' নেজিয়নেল ডেগলি ষ্ট্ৰোমেণ্টি মিউজিকেলি"ত সংৰক্ষিত ১৭২২ চনত নিৰ্মিত ক্ৰিষ্টফ'ৰি পিয়ানো।ছবি: LPLT · CC BY-SA 3.0

ক্ৰিষ্টফ'ৰিয়ে কেইখন পিয়ানো নিৰ্মাণ কৰি উলিয়াইছিল সেই কথা সঠিক ভাৱে জনা নাযায়। তেওঁ ১৭২০ৰ দশকত নিৰ্মাণ কৰা মাত্ৰ তিনিখন পিয়ানোহে বৰ্তমান পোৱা যায়।

  • প্ৰথমখন নিউয়ৰ্ক মহানগৰ চহৰত অৱস্থিত "মেট্ৰ'পলিটান মিউজিয়াম (সংগ্ৰহালয়)"ত পোৱা যায়। এইখন পিয়ানোৰ বহু অংশ পৰৱৰ্তী সময়ত সলনি কৰা হয়। সেয়ে বহুতে ইয়াৰ পৰা সেই পুৰণা প্ৰকাৰৰ শব্দ বা সুৰ নোলায় বুলি ভাৱে।
  • দ্বিতীয়খন ৰোম চহৰৰ "মিউজিঅ' নেজিয়নেল ডেগলি ষ্ট্ৰোমেণ্টি মিউজিকেলি"ত সংৰক্ষিত হৈ আছে। বৰ্তমান ই বজাব পৰা অৱস্থাত নাই।
  • তৃতীয়খন লেইপজিগ বিশ্ববিদ্যালয়ৰ বাদ্যযন্ত্ৰ সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। বৰ্তমান ইয়ো বজাব পৰা অৱস্থাত নাই যদিও ইয়াৰ পূৰ্বৰ ৰেকৰ্ডিং সমূহ পোৱা যায়।

উল্লেখযোগ্য যে তিনিওখন পিয়ানোত লেটিন ভাষাত লিখা আছে "BARTHOLOMAEVS DE CHRISTOPHORIS PATAVINUS INVENTOR FACIEBAT FLORENTIAE [date]" য'ত তাৰিখ লিখা আছিল ৰোমান নম্বৰত। কথাষাৰিৰ অৰ্থ হৈছে "পাদোৱাৰ বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰিৰ দ্বাৰা [date] তাৰিখে ফ্লোৰেন্সত নিৰ্মিত।

ক্ৰিষ্টফ'ৰিৰ সোঁৱৰণত ওলোৱা গুগল দুদল

গুগলএ বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰিৰ ৩৬০ সংখ্যক জন্মদিনৰ উপলক্ষে এটি আকৰ্ষণীয় গুগল দুদল উলিয়াই।১

তথ্যসূত্ৰ

  1. ↑ www.theguardian.com/technology/2015/may/04/googl

সম্পৰ্কিত শ্ৰেণী

ইটালীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰি” প্ৰবন্ধৰ সংশোধন ২২৫৮৪০ (৬ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।