বলপূৰ্বক বিবাহ
৬ প্ৰবন্ধ
-
বাল্য বিবাহ
বাল্য বিবাহ (Child marriage) হৈছে এগৰাকী নাবালিকা অৰ্থাৎ ১৮ বছৰ তলৰ এগৰাকী ছোৱালীক এজন প্ৰাপ্তবয়স্ক পুৰুষলৈ বিয়া দিয়াৰ প্ৰণালী। ভাৰতৰ কিছুমান সমাজত আজিও বাল্যবিবাহ প্ৰথা প্ৰচলিত হৈ আছে।
-
ভাৰতত বাল্য বিবাহ
ভাৰতীয় আইন অনুসৰি বাল্য বিবাহ হৈছে ১৮ বছৰতকৈ তলৰ বয়সৰ ছোৱালী আৰু ২১ বছৰতকৈ তলৰ বয়সৰ ল'ৰাৰ বিবাহ। দুৰ্বল আৰ্থ-সামাজিক অৱস্থাৰ কাৰণে অধিকাংশ কমবয়সীয়া ছোৱালী বাল্য বিবাহপাশত আৱদ্ধ হ'বলগীয়া হৈছে। কিছু বছৰ আগলৈকে ভাৰতত ব্যাপকভাৱে বাল্য বিবাহ প্ৰচলিত আছিল।
-
বাল্য বিবাহ নিষেধ আইন, ২০০৬
বাল্য বিবাহ নিষেধ আইন, ২০০৬ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ২০০৭ চনৰ ১ নৱেম্বৰ তাৰিখৰ পৰা জম্মু আৰু কাশ্মীৰ আৰু পুডুছেৰীৰ ৰেন'কেণ্টৰ বাদে সমগ্ৰ ভাৰতত এই আইন কাৰ্যকৰী হয়। এই আইনে পূৰ্বৰ পৰা প্ৰচলিত বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ক প্ৰতিষ্ঠাপন কৰিলে।
-
কইনা ক্ৰয়
কইনা ক্ৰয় (Bride-buying) হৈছে এক প্ৰকাৰৰ সম্পত্তি হিচাপে কইনা ক্ৰয় কৰাৰ উদ্যোগ বা ব্যৱসায়। ই ক্ৰেতাৰ পছন্দত কইনাৰ পুনৰ বিক্ৰী বা পুনৰ ক্ৰয়ৰ সৈতেও জড়িত। চীন, উত্তৰ কোৰিয়া, ভিয়েটনাম আৰু আফ্ৰিকাৰ দৰে বিশ্বৰ কিছু অংশত এই প্ৰথাই দৃঢ় ভাৱে খোপনি পুতি আছে। বিপৰীতে বহুতো দেশত এই প্ৰথা অবৈধ।
-
আফগানিস্তানত বাল্য বিবাহ
আফগানিস্তানত বাল্য বিবাহ (Child marriage in Afghanistan ) বহুলভাৱে প্ৰচলিত। আফগানিস্তানত ৫৭% ছোৱালী ১৯ বছৰ বয়সৰ আগতে এনে বিবাহপাশত আৱদ্ধ হয় আৰু বেছিভাগ ছোৱালীৰে বিয়া হোৱাৰ বয়স ১৫ আৰু ১৬ বছৰ দেখা যায়।
-
কেৰালাৰ মুছলমানসকলৰ মাজত বাল্য বিবাহ
কেৰালাৰ শাসকীয় দল সংযুক্ত প্ৰগতিশীল মৰ্চাৰ অংশ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে ২০১৩ চনৰ ১৪ জুনৰ দিনা এখন চাৰ্কুলাৰৰ যোগেৰে কেৰালাৰ মুছলমানৰ মাজত বাল্য বিবাহৰ বিষয়টোৰ ওপৰত দৃষ্টিপাত কৰিছিল।