বাডবাগ্নি (সংস্কৃত: वाडवाग्नि, ৰোমানীকৃত: Vāḍavāgni, আক্ষৰিক অৰ্থ: 'ঘোঁৰা-জুই'), বা বডবানল (সংস্কৃত: वडवानल, ৰোমানীকৃত: Vadhavānala) হৈছে হিন্দু পৌৰাণিক কাহিনীত ধ্বংসাত্মক সত্তাৰ ৰূপত মূৰ্ত এক প্ৰকাৰৰ জুই বা অগ্নি।১ ইয়াক ঘোঁৰাৰ মূৰৰ সৈতে জ্বলন্ত শিখাৰ শৰীৰৰ ৰূপত প্ৰকাশ পোৱা এক সত্তা বুলি বৰ্ণনা কৰা হৈছে।২
বাডবাগ্নিয়ে সাগৰৰ তলত বিচৰণ কৰি তাৰ পানী গ্ৰাস কৰে বুলি গণ্য কৰা হয়, ই এটা যুগৰ শেষত পৃথিৱীৰ বিলুপ্তিৰ সময়ত সাগৰৰ তলিৰ পৰা ওলাই আহি পৃথিৱীখন ধ্বংস কৰিবলৈ প্ৰলয়ৰ মুহূৰ্তলৈ অপেক্ষা কৰি থাকে।৩৪ হিন্দু সাহিত্যত বাডবাগ্নিৰ উৎপত্তি আৰু দমনৰ বিষয়ে বিভিন্ন কিংবদন্তি আছে, ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে সৰস্বতী দেৱীয়ে সৰস্বতী নদীৰ ৰূপত পৃথিৱীত অৱতৰণ কৰা সময়ত বাডবাগ্নি আৱিৰ্ভাব হৈছিল।৫
বিৱৰণ
বাডবাগ্নি বডবমুখ নামৰ এটা ঘোঁৰাৰ মুখৰ পৰা ওলোৱা বুলি বৰ্ণনা কৰা হৈছে। এই ঘোঁৰাৰ মুখখন কেতিয়াবা দক্ষিণ মেৰুৰ কোনো সাগৰৰ তলত থাকে বুলিও বৰ্ণনা কৰা হয়। এটা বিস্ফোৰণৰ ফলত পৃথিৱী ধ্বংস নোহোৱালৈকে ই সাগৰৰ তলত থাকিব বুলি কোৱা হৈছে। ইয়াক অতৃপ্ত শক্তিৰ উপমা বুলি গণ্য কৰা হয়।৬
বিষ্ণু পুৰাণত উল্লেখ আছে যে বাডবাগ্নী ক্ষীৰ সাগৰৰ তলত থাকে, ইয়াৰ চাৰিওফালে দৈ, ঘিউ, কুঁহিয়াৰৰ ৰস, মদ আৰু মিঠা পানীৰ সাগৰ আছে।৭
বাডবাগ্নি সম্ভৱতঃ আদি-ভাৰত-ইউৰোপীয় পৌৰাণিক কাহিনীৰ "পানীৰ তলত জুই" কিংবদন্তিৰ উদাহৰণ।৮
ব্ৰহ্ম পুৰাণত বাডবাগ্নী মহানল নামৰ তীৰ্থৰ সৈতে আৰু মৃত্যুৱে ঋষিসকলৰ বাবে কৰা এক বলিদানৰ কাহিনীৰ সৈতে জড়িত বুলি বৰ্ণনা কৰা হৈছে, যাৰ ফলত দেৱতা আৰু ৰাক্ষসৰ মাজত শত্ৰুতাৰ সৃষ্টি হৈছিল।৯
মৎস্য পুৰাণৰ মতে অসুৰসকলৰ যজ্ঞ অগ্নি সহৰাক্ষক বডবমুখৰ সন্তান বুলি উল্লেখ কৰা হৈছে, আনহাতে বডবমুখক সৌৰ দেৱতা সূৰ্য্যৰ সৈতে চিনাক্ত কৰা হৈছে।১০
কিংবদন্তি
ঔৰ্বৰ তপস্যা
ব্ৰাহ্মণ ভাৰ্গৱ আৰু ক্ষত্ৰীয় হেহয়াসকলৰ মাজত হোৱা সংঘাতৰ ভিত্তিত১১ ঋষি ঔৰ্ব মাতৃৰ বাওঁ উৰুৰ পৰা ওলাই আহিছিল। ৰাজত্বকালত ভাৰ্গৱসকলৰ প্ৰতি উদাৰতাৰে কাম কৰা হেহয়া ৰজা কীৰ্ত্তবীৰ্যৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰসকলে ব্ৰাহ্মণসকলক পিতাকে দান কৰা ধন ঘূৰাই দিবলৈ দাবী জনায়। দুই এজনে ভিক্ষাৰীৰ বেশ ধৰি ভাৰ্গৱৰ ঘৰ এটালৈ গৈ তাত জমা হৈ থকা বহু ধন-সম্পত্তি পাইছিল। সেই সময়ত ক্ষত্ৰিয়সকল হত্যাকাণ্ডতো লিপ্ত হয়, আনকি গৰ্ভৱতী মাতৃৰ ভ্ৰুণকো হত্যা কৰে। নাৰদ পুৰাণৰ মতে, গৰ্ভৱতী অৰুশীয়ে আন ভাৰ্গৱ নাৰীৰ সৈতে হিমালয়ৰ গুহাত আশ্ৰয় বিচাৰি উৰুত নিজৰ গৰ্ভ লুকুৱাই ৰাখিছিল। যেতিয়া ক্ষত্ৰিয়সকলে তাইক বিচাৰি পায় কৰায়ত্ত কৰে, তেতিয়া তাইৰ উৰুৰ পৰা ঔৰ্ব ঋষিৰ জন্ম হয় আৰু জন্মৰ সময়ত ইমানেই উজ্জ্বলতাৰ সৃষ্টি হয় যে ক্ষত্ৰিয়সকল অন্ধ হৈ পৰে।১২
ইয়াৰ পিছত ঔৰ্ব ঋষিয়ে মৃত পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনাই। তেওঁ হৈহয়াসকলৰ দৃষ্টি শক্তি ঘূৰাই দিবলৈ মান্তি হৈছিল যদিও পূৰ্বপুৰুষসকলক কৰা হত্যাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে তপস্যা আৰম্ভ কৰিছিল। সেই তপস্যাৰ বলত একুৰা প্ৰচণ্ড জুইৰ সৃষ্টি হৈ বিশ্ব আৰু বিশ্বত বাস কৰা প্ৰত্যেক জীৱক ধ্বংস কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ প্ৰতিশোধৰ তীব্ৰতা দেখি দেৱতাসকলে তেওঁক শান্ত হ’বলৈ অনুৰোধ জনায়। অৱশেষত ঔৰ্বৰ পিতৃ আৰু পূৰ্বপুৰুষসকলৰ আত্মা তেওঁৰ সন্মুখত আবিৰ্ভাৱ হয়। তেওঁলোক সকলোৰে তেওঁক ক্ৰোধ সামৰিবলৈ অনুৰোধ জনায়।১৩ যেতিয়া ঔৰ্বই তেওঁলোকক কয় যে তেওঁৰ তপস্যাৰ পৰা ওলোৱা জুইকুৰাক শান্ত কৰিব পৰা নাযায় কাৰণ তেনে কৰিলে সেই জুয়ে তেওঁক জীৱিত অৱস্থাত জ্বলাই দিব। তেতিয়া তেওঁৰ পিতৃসকলে তেওঁৰ ক্ৰোধৰ শিখাক সাগৰত এৰি দিবলৈ পৰামৰ্শ দিয়ে। ঋষিয়ে সেই কথা মানি ললে আৰু সেই শিখাই বাডবাগ্নি অৰ্থাৎ ‘ঘোঁৰা-মুখী নৰক’ ৰূপে পৰিচিত হ’ল।১৪১৫ এই কাৰণে বাডবগ্নিক ঔৰ্বানলা বুলিও কোৱা হয়।১৬
সৰস্বতীৰ উৎপত্তি
সৰস্বতী দেৱীৰ পৃথিবীত নদী হিচাপে অৱতৰণৰ লগত প্ৰায়ে বাডবাগ্নিক সম্পৰ্কীত কৰা হয়। তাৰকাময়া যুদ্ধৰ পিছত দেৱতাসকলে নিজৰ অস্ত্ৰ-শস্ত্ৰবোৰ দধীচি ঋষিৰ আশ্ৰমত জমা কৰি ৰাখিছিল। এক শতিকাৰ পাছত ঋষিয়ে উত্তৰ দিশলৈ তীৰ্থযাত্ৰা কৰিবলৈ সিদ্ধান্ত ল’লে, তেওঁ বা তেওঁৰ সেৱকসকলে দেৱতাৰ অস্ত্ৰবোৰ লগত কঢ়িয়াই নিব পৰা নাছিল। সেয়েহে তেওঁ অস্ত্ৰৰ অন্তৰ্নিহিত শক্তি পানীৰ সৈতে মিহলাই পান কৰি হিমালয়লৈ যাত্ৰা কৰে। তেওঁৰ দাসী সুন্দৰী সুভদ্ৰা (অৰ্জুনৰ পত্নী নহয়) স্নান কৰাৰ পিছত ভুলবশতঃ ঋষিৰ কঁকালৰ কাপোৰ পিন্ধি নিজকে গৰ্ভধাৰণ কৰিছিল আৰু কেইজোপামান আঁহত গছৰ তলত গোপনে পিপ্পলাদা নামৰ এটা সন্তান জন্ম দিয়ে। সেইদিনা তাই সন্তানৰ দেউতাকক মৰিবলৈ গালি পাৰিলে। পিছদিনা দেৱতাসকল দধিচিৰ ওচৰলৈ যায় আৰু যুদ্ধত অসুৰসকলক পৰাস্ত কৰিবলৈ তেওঁলোকক অস্ত্ৰৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি তেওঁলোকৰ অস্ত্ৰসমূহ ঘূৰাই বিচাৰে। দধিচিয়ে তেওঁলোকক অস্ত্ৰবোৰ ভক্ষণ কৰাৰ কথা অৱগত কৰে। তথাপিও তেওঁ নিজকে বলিদান দি তেওঁৰ অবিনাশী হাড়ৰ পৰা এক নতুন অস্ত্ৰ নিৰ্মাণ কৰি দেৱতাসকলক যুদ্ধত সহায়তা কৰে। পিপ্পলাদা ডাঙৰ হৈ যেতিয়া তেওঁৰ মাতৃৰ পৰা পিতৃৰ পৰিচয় বিচাৰিলে, তেতিয়া সুভদ্ৰাই দেৱতাৰ স্বাৰ্থত তেওঁৰ পিতৃয়ে আত্ম বলিদান দিয়াৰ কথা অৱগত কৰে। ক্ৰোধিত হৈ পিপ্পালাদাই দেৱতাৰ ধ্বংস বিচাৰি তীব্ৰ তপস্যা আৰম্ভ কৰে। এবছৰৰ পাছত তেওঁৰ উৰুৰ পৰা এটা বডবা (ঘোঁৰা) ওলাই আহে। এই ঘোঁৰাটোৰ গৰ্ভৰ পৰা এটা অগ্নিময় ভ্ৰুণ জন্ম হয়, যিটো পিছলৈ বাডবাগ্নি নামেৰে পৰিচিত হৈ পৰে, তাৰ পিছত ই সেই স্থানৰ পৰা অদৃশ্য হৈ যায়।১৭
বাডবাগ্নি কল্পান্তৰৰ দৰে আবিৰ্ভাৱ হ’বলৈ ধৰিলে। পিপ্পলাদে বাডবাগ্নিক সকলো দেৱক ভক্ষণ কৰিবলৈ আজ্ঞা দিলে। তেতিয়া দেৱতাসকলে তেওঁলোকক ৰক্ষা কৰিবলৈ বিষ্ণুক অনুৰোধ কৰিলে। বিষ্ণু বাডবাগ্নিৰ আগত উপস্থিত হৈ দেৱতাসকলক এজন এজনকৈ খাবলৈ পৰামৰ্শ দিলে আৰু প্ৰথমতে জল দেৱতাক ভক্ষণ কৰিবলৈ ক’লে। বাডবাগ্নি সেই কথাত মান্তি হ’ল, কিন্তু জলদেৱতাৰ ওচৰলৈ কুমাৰীয়ে লৈ যাব লাগিব বুলি চৰ্ত আৰোপ কৰে। এই অভিযানৰ বাবে সৰস্বতী দেৱীক নিৰ্বাচিত কৰা হয়। দুয়োজনে যাত্ৰা আৰম্ভ কৰিলে। যাত্ৰাপথত তেওঁলোকে কৃতিস্মৰ পৰ্বতক লগ পালে। পৰ্বতে সৰস্বতীক তেওঁৰ পত্নী হ’বলৈ জোৰ দিয়ে। দেৱীয়ে তেওঁক বাডবাগ্নি ধৰি ৰাখিবলৈ চলনা কৰে যাতে পৰ্বত ছাইলৈ পৰিণত হয়। সৰস্বতী বাডবাগ্নিৰ লগত প্ৰভাস নামৰ পবিত্ৰ স্থানলৈ গৈ সাগৰৰ মূৰ্তি সমুদ্ৰক আমন্ত্ৰণ জনায়। তাই বাডবাগ্নিক সমুদ্ৰক গ্ৰাস কৰিবলৈ আহ্বান জনাই আৰু তেতিয়া সি সাগৰত জপিয়াই পৰে। সৰস্বতীয়েও নিজকে নদীলৈ ৰূপান্তৰিত কৰি সাগৰৰ মাজলৈ বৈ যায়। বাডবাগ্নিক সাগৰৰ মাজলৈ লৈ যাবলৈ বিষ্ণুৱে সমুদ্ৰক আদেশ দিলে, যাতে তেওঁ অন্য কাকো ক্ষতি কৰিব নোৱাৰে। যেতিয়া বাডবাগ্নিয়ে নিজৰ উত্তাপৰ দ্বাৰা পানী বাষ্পীভৱন কৰিবলৈ আৰম্ভ কৰিলে, বিষ্ণুৱে পানীক বহুবৰ্ষজীৱী কৰি তুলিলে আৰু সৰস্বতীয়ে সৃষ্টি ৰক্ষাৰ হেতু সাগৰৰ কাষত নিজকে স্থাপন কৰিলে।১৮১৯
শিৱৰ ক্ৰোধ
পাৰ্বতীৰ প্ৰতি শিৱৰ কামনা জগাই তুলিবলৈ কামদেৱে কৰা কৰা প্ৰচেষ্টাৰ বাবে উৎপন্ন হোৱা ক্ৰোধৰ ফলস্বৰূপে তেওঁৰ তৃতীয় নেত্ৰৰ পৰা বাডবাগ্নি ওলাই কামদেৱক ভষ্ম কৰা বুলিও বৰ্ণনা কৰা হয়। ব্ৰহ্মাই কামদেৱক বচাবলৈ এই বাডবাগ্নিৰ শিখাক পক্ষাঘাতগ্ৰস্ত কৰাৰ চেষ্টা কৰিছিল, কিন্তু বিফল হয়। শিৱৰ প্ৰস্থানৰ পিছত বাডবাগ্নিয়ে দেৱতাসকলক ধ্বংস কৰাৰ ভাবুকি প্ৰদান কৰে। দেৱতাসকলে আশ্ৰয় বিচাৰি ব্ৰহ্মাৰ ওচৰত উপস্থিত হয়, তেতিয়া ব্ৰহ্মাই বাডবাগ্নিক অমৃত শিখা নিৰ্গত কৰা ঘোঁৰালৈ ৰূপান্তৰিত কৰে। তাৰ পিছত তেওঁ বাডবাগ্নিক সাগৰৰ তলত সংস্থাপন কৰে। অন্য এটা কিংবদন্তিত শিৱৰ ক্ৰোধৰ পৰা জন্ম হোৱা অসুৰ জলন্ধৰকো বাডবাগ্নি বুলি কোৱা হয়।২০২১
ভৱিষ্য পুৰাণত উল্লেখ আছে যে শিৱই ব্ৰহ্মৰ পঞ্চম মূৰ কাটি পেলোৱাৰ পিছত ব্ৰাহ্মণহত্যাৰ পাপৰ স্বৰূপ ব্ৰহ্মহত্যাই তেওঁক খেদি পঠিয়াইছিল। এই ব্ৰহ্মহত্যাকো বাডবাগ্নিৰ সৈতে তুলনা কৰা হয়।২২
বিষ্ণুৰ অৱতাৰ
মহাভাৰতত বিষ্ণুৱে অশান্ত জল ভক্ষণ কৰি পুনৰ নিষ্কাশন কৰি নিজকে বাডবাগ্নি বুলি ঘোষণা কৰিছিল।২৩
এটা আখ্যান মতে বিষ্ণুৱে বডবমুখ নামৰ এজন ঋষিৰ ৰূপ ধাৰণ কৰি মেৰু পৰ্বতৰ শিখৰত তপস্যাত লিপ্ত হৈছিল। তেওঁ পাহাৰৰ শিখৰত স্নান কৰিবৰ বাবে সমুদ্ৰক পাহাৰলৈ নিমন্ত্ৰণ কৰে। সাগৰে তেওঁৰ আহ্বান মানিবলৈ অস্বীকাৰ কৰা বাবে বিষ্ণু ক্ৰোধিত হৈ সাগৰৰ তলিত গৈ বাডবাগ্নি ৰূপ ধাৰণ কৰি তেওঁৰ উত্তাপৰ দ্বাৰা সাগৰৰ পানী বাষ্পীভূত কৰিছিল বুলি কোৱা হয়।২৪
তথ্যসূত্ৰ
- ↑ www.wisdomlib.org. (2018-05-18). Vadavanala, Vaḍavānala, Vadava-anala, Vāḍavānala: 5 definitions. www.wisdomlib.org
- ↑ www.wisdomlib.org. (2016-04-10). Vadavagni, Vāḍavāgni, Vadava-agni: 8 definitions. www.wisdomlib.org
- ↑ SC_10010. SC_10010
- ↑ (2005). The concise Oxford dictionary of world religions. Oxford; New York: Oxford University Press. পৃ. 66. ISBN 978-0-19-861053-3
- ↑ Bhattacharji, Sukumari; Sukumari. (1998). Legends of Devi. Orient Blackswan. পৃ. 99. ISBN 978-81-250-1438-6
- ↑ Stutley, Margaret and James. (2019-04-09). A Dictionary of Hinduism: Its Mythology, Folklore and Development 1500 B.C.-A.D. 1500. Routledge. পৃ. 566. ISBN 978-0-429-62754-5
- ↑ Wilson, H. H. (2022-03-31). The Vishnu Purana: Vol. 2. BoD – Books on Demand. পৃ. 110. ISBN 978-3-7525-9058-6
- ↑ Adams, Douglas Q. (1997). Encyclopedia of Indo-European Culture. Taylor & Francis. পৃ. 204. ISBN 978-1-884964-98-5
- ↑ Books, Kausiki. (2021-06-22). Brahma Purana 2: Gautami Mahatmya: English Translation only without Slokas: English Translation without Slokas. Kausiki Books. পৃ. 279
- ↑ Vasudeva Sharana Agrawala. (1963). Matsya Purana A Study
- ↑ (1957). Bhāratī: Bulletin of the College of Indology. The College. পৃ. 7
- ↑ Shastri, J. L.; Tagare, Dr G. V. (2004-01-01). The Narada-Purana Part 1: Ancient Indian Tradition and Mythology Volume 15. Motilal Banarsidass. পৃ. 150. ISBN 978-81-208-3882-6
- ↑ www.wisdomlib.org. (2010-10-24). Section CLXXXI (Mahabharata, English). www.wisdomlib.org
- ↑ O'Flaherty, Wendy Doniger. (1982-11-15). Women, Androgynes, and Other Mythical Beasts. University of Chicago Press. পৃ. 226. ISBN 978-0-226-61850-0
- ↑ Bhattacharya, J. N.; Sarkar, Nilanjana. (2004). Encyclopaedic Dictionary of Sanskrit Literature. Global Vision Publishing House. পৃ. 119. ISBN 978-81-87746-84-3
- ↑ Veda Vyasa. Matsya Purana in English PDF - Volumes 1 and 2
- ↑ www.wisdomlib.org. (2021-04-13). Vaḍavānala Outwitted (Chapter 32). www.wisdomlib.org
- ↑ www.wisdomlib.org. (2021-04-13). The Story of Sarasvatī (Chapter 33). www.wisdomlib.org
- ↑ www.wisdomlib.org. (2021-04-13). The Descent of Sarasvatī (Chapter 34). www.wisdomlib.org
- ↑ O'Flaherty, Wendy Doniger. (1981-05-28). Siva: The Erotic Ascetic. Oxford University Press. পৃ. 289–291. ISBN 978-0-19-972793-3
- ↑ Soifer, Deborah A. Myths of Narasimha and Vamana, The: Two Avatars in Cosmological Perspective. State University of New York Press. পৃ. 82. ISBN 978-1-4384-2063-9
- ↑ Stutley, Margaret and James. (2019-04-09). A Dictionary of Hinduism: Its Mythology, Folklore and Development 1500 B.C.-A.D. 1500. Routledge. পৃ. 566. ISBN 978-0-429-62754-5
- ↑ (July 2012). The Mahabharata: Volume 3. Penguin Books India. পৃ. 311. ISBN 978-0-14-310015-7
- ↑ Narayan, Aiyangar. Essays On Indo-Aryan Mythology-Vol.. Asian Educational Services. পৃ. 342. ISBN 978-81-206-0140-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাডবাগ্নি” প্ৰবন্ধৰ সংশোধন ৪১৩১৬৯ (২০ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।