অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বাইডাক

বাইডাক ( ৰাছিয়ান: байда́к, বেলাৰুছ: байда́к, ইউক্ৰেইনীয়: байда́к ) আছিল কাঠৰ পালতোলা জাহাজ, কগৰ সৈতে মিল থকা। ইয়াৰ তলৰ অংশটো প্ৰায় ৩–৪ মিটাৰ বহল, যিটো সৰু মূৰলৈকে সংকীৰ্ণ হৈছিল আৰু এডাল ৫ মিটাৰ মাস্তুল আছিল। প্ৰায় ১৫–২০ (বা ৩৬–৬০) মিটাৰ দৈৰ্ঘ্যৰ এখন বাইডাকে প্ৰায় ২০০ টন বোজা কঢ়িয়াব পাৰে।

হালনাগাদ: ২৫ জুন ২০২৬ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

বাইডাক ( ৰাছিয়ান: байда́к, বেলাৰুছ: байда́к, ইউক্ৰেইনীয়: байда́к ) আছিল কাঠৰ পালতোলা জাহাজ,১ কগৰ সৈতে মিল থকা। ইয়াৰ তলৰ অংশটো প্ৰায় ৩–৪ মিটাৰ বহল, যিটো সৰু মূৰলৈকে সংকীৰ্ণ হৈছিল আৰু এডাল ৫ মিটাৰ মাস্তুল আছিল। প্ৰায় ১৫–২০ (বা ৩৬–৬০) মিটাৰ দৈৰ্ঘ্যৰ এখন বাইডাকে প্ৰায় ২০০ টন বোজা কঢ়িয়াব পাৰে। ইয়াক বঠা২ বা পালৰদ্বাৰা চলাব পৰা গৈছিল।

ষোড়শ–১৯ শতিকাৰপৰা বৰ্তমানৰ ইউক্ৰেইনৰ ভূ-খণ্ডত বাইডাকি ব্যৱহাৰ কৰা হৈছিল, মূলতঃ ড্নিপ্ৰ' আৰু ডন নদীত মাল যোগান ধৰাৰ বাবে,৩ অৱশ্যে জাপ'ৰিজিয়ান কছাকসকলে৪ কৃষ্ণ সাগৰলৈ সামৰিক অভিযানৰ বাবেও ইয়াক সঘনাই ব্যৱহাৰ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ D.Yavornytskyi, History of Zaporizhean Cossacks, vol.1, Lviv, 1990, pages 278-280, in Ukrainian
  2. ↑ "The Viking "drakkar" and the Kozak "chaika", The Ukrainian Weekly, July 10, 2005, No. 28, Vol. LXXIII
  3. ↑ I.V.Bohatyryov, Building ships to the Black sea in the period of tsar Peter, "Sudostroenie" Magazine, 1990, N 1, page 52
  4. ↑ Adrian Kashchenko, Nad Kodatskym Porogom

সম্পৰ্কিত শ্ৰেণী

নাৱৰ প্ৰকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাইডাক” প্ৰবন্ধৰ সংশোধন ৬১৪৩০০ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।