বহুবিশাৰদ১ or polyhistor২ এনে এগৰাকী ব্যক্তি যাৰ বহুতো বিষয়ৰ জ্ঞান থকাৰ লগতে, সেই জ্ঞানৰ প্ৰয়োগ কৰি নিৰ্দিষ্ট কোনো সমস্যা সমাধান কৰিব পাৰে। বহুবিশাৰদসকলে প্ৰায়েই এটা বিশেষ প্ৰসংগ পছন্দ কৰে যাৰ যোগেদি তেওঁলোকে নিজৰ জ্ঞানৰ প্ৰকাশ কৰে, আনহাতে কিছুমানে বিমূৰ্তভাৱে বা সৃষ্টিমূলক কৰ্মেৰে নিজৰ জ্ঞানৰ প্ৰকাশ কৰে।৩
নৱজাগৰণ-ৰ মানৱকেন্দ্ৰিক ধাৰণা অনুসৰি মানুহৰ নিজৰ বিকাশ কৰাৰ ক্ষমতা সীমাহীন। এই ধাৰণাৰ মতে মানুহে সকলো জ্ঞান আহৰণ কৰিব লাগে আৰু নিজৰ ক্ষমতা যিমানলৈ পাৰি বিকাশ কৰিব লাগে। এই ধাৰণাকে নৱজাগৰণ মানৱ (Renaissance man) বুলি কোৱা হয়, আৰু নৱজাগৰণৰ সময়ৰ কেবাগৰাকী প্ৰতিভাশালী ব্যক্তিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, তেওঁলোকে বৌদ্ধিক চিন্তা-চৰ্চা, কলা, সমাজতত্ব, পদাৰ্থবিদ্যা, আৰু আধ্যাত্মিকতা আদি বহুতো বিষয়ত ব্যুৎপত্তি লাভ কৰাৰ চেষ্টা কৰিছিল।
তথ্যসূত্ৰ
- ↑ (10 April 2010). Ask The Philosopher: Tim Soutphommasane – The quest for renaissance man. The Australian
- ↑ Polyhistor
- ↑ Kaufman, J. C., & Beghetto, R. A. (2009). Beyond big and little: The four c model of creativity. Review of general psychology, 13(1), 1-12
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বহুবিশাৰদ” প্ৰবন্ধৰ সংশোধন ৪৬৭৩৩৪ (৩১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।