ভূতাপীয় শক্তি (Geothermal Power) হৈছে পৃথিৱীৰ ভূতাপীয় ক্ষমতাৰ দ্বাৰা উৎপাদন কৰা শক্তি৷ শুষ্ক বাস্প বৈদ্যুতিক কেন্দ্ৰ, স্ফুলিংগ বাস্প বৈদ্যুতিক কেন্দ্ৰ আৰু দ্বৈত চক্ৰ বিদ্যুৎ কেন্দ্ৰ (binary cycle power station) প্ৰযুক্তি ব্যৱহাৰ কৰি এতিয়ালৈকে এই শক্তি আহৰণ কৰি থকা হৈছে৷ ভূতাপীয় বিদ্যুৎ উৎপাদন বৰ্তমানলৈকে ২৬খন দেশত সম্ভৱ হৈছে৷ ১২ আনহাতে ভূতাপীয় উত্তপন (Geothermal Heating) ৭০ খন দেশত ব্যৱহাৰ কৰা হৈছে৷.৩
ভূতাপীয় শক্তি হৈছে পৃথিৱীৰ ভূগৰ্ভত উৎপাদিত আৰু জমা হৈ থকা তাপ শক্তি৷ পৃথিৱীৰ ভূত্বকত থকা ভূতাপীয় শক্তি গ্ৰহটোৰ মূল গাঁথনি আৰু কিছুমান দ্ৰব্যৰ (বৰ্তমান সঠিকভাৱে অনুমান কৰিব পৰা নাই যদিও সম অনুপাতত থাকে বুলি ভবা হয়) তেজস্ক্ৰিয় পতনৰ পৰা উৎপাদিত হয়৷ ৪ ৫৷ গ্ৰীক শব্দ 'জি' (γῆ (gê), অৰ্থ-পৃথিৱী) আৰু 'থাৰ্মোছ' θερμός (thermós, অৰ্থ-তাপ)ৰ পৰা Geothermal শব্দটি সৃষ্টি হৈছে৷
২০১৫ চনলৈকে গোলকীয় ভূতাপীয় সংস্থাপিত ক্ষমতাৰ পৰিমাণ আছিল ১২.৮ গিগাৱাট৷ ইয়াৰে ২৮ শতাংশ বা ৩.৫৫ গিগাৱাট শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰত সংস্থাপিত হৈছে৷ ২০২০ চন পৰ্যন্ত গোলকীয় ভূতাপীয় শক্তিৰ ক্ষমতা ১৪.৫-১৭.৬ গিগাৱাট হ'বগৈ বুলি ভবা হৈছে৷৬
ভূতাপীয় শক্তিক সাধাৰণতে বহনক্ষম, নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে বিবেচনা কৰা হয়৷ কাৰণ পৃথিৱীত সঞ্চিত হৈ থকা তাপৰ তুলনাত এইদৰে নিষ্কাষণ কৰা শক্তিৰ পৰিমাণ অতি কম৷ ভূতাপীয় বিদ্যুৎ কেন্দ্ৰৰ জৰিয়তে নিৰ্গমণ ঘটা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হৈছে গড় হিচাপত প্ৰতি কিলোৱাট-হাৱাৰত (এক ইউনিট) ৪৫ গ্ৰাম৷ পৰম্পৰাগত কয়লা তাপ বিদ্যুৎ কেন্দ্ৰতকৈ ৫ শতাংশ কম৷ ৭
শক্তি আৰু উত্তপণ উভয়বিধৰ বাবেই এক নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ ভূতাপীয় শক্তিৰ সামৰ্থ্য আছে৷ ২০৫০ চন পৰ্যন্ত গোলকীয় চাহিদাৰ ৩-৫%ক পূৰণ কৰিব পৰাকৈ এই শক্তি সমৰ্থৱান৷ অন্যহাতে, অৰ্থনৈতিক সাহায্যৰ সহায়ত ২১০০ চনত এই শক্তিয়ে গোলকীয় চাহিদাৰ ১০% শক্তি যোগান ধৰিব পৰাকৈ সক্ষম হৈ উঠিব বুলি অনুমান কৰা হৈছে৷ ৮
বৰ্তমানৰ ভূত্বকীয় জ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত আধাৰ কৰি ভূত্বকীয় শক্তি সংস্থাই (GEA) ৰাজহুৱাভাৱে ব্যক্ত কৰা সম্ভাৱনা অনুযায়ী, গোলকীয় ক্ষমতাৰ কেৱল ৬.৯ শতাংশ ভূতাপীয় শক্তিহে এতিয়ালৈকে কাৰ্যক্ষম কৰিব পৰা গৈছে৷ আনহাতে জলবায়ু পৰিৱৰ্তনৰ আন্তঃ-চৰকাৰীয় সদন(IPCC)ৰ প্ৰতিবেদন মতে, ভূতাপীয় শক্তি ৩৫ গিগাৱাটৰ পৰা ২ টেৰাৱাটৰ পৰিসৰত আছে৷ ৩ ১৫ শতাংশতকৈও অধিক বিজুলী ভূতাপীয় শক্তিৰ পৰা আহৰণ কৰি থকা বৰ্তমানৰ দেশকেইখন হৈছে-এল ছালভাডোৰ, কেনিয়া, ফিলিপাইনছ্, আইচলেণ্ড, নিউজিলেণ্ড, ৮ আৰু কোষ্টা ৰিকা৷


উৎস
পৃথিৱীৰ তাপৰ পৰিমাণ হৈছে 1×10^19 TJ (2.8×10^15 TWh)৷৩ এই তাপখিনি পৃথিৱীৰ পৃষ্ঠলৈ প্ৰাকৃতিক পৰিৱহনৰ জৰিয়তে ৪৪.২ টেৰাৱাট হাৰত প্ৰৱাহিত হয়৷ ৯ আৰু ৩০ টেৰাৱাটৰ তেজস্ক্ৰিয় ক্ষয়ৰ জৰিয়তে পুনৰাই পূৰ্ণ কৰা হয়৷১০ শক্তিৰ এই হাৰ বৰ্তমানে প্ৰাথমিক উৎসসমূহৰ পৰা উৎপাদন কৰি থকা মানৱ-ব্যৱহৃত শক্তিৰ তুলনাত দুগুণতকৈও অধিক; কিন্তু এই শক্তিৰ অধিকাংশয়েই বিস্তৃত হৈ থকা (গড় হিচাপত 0.১ W/m2) বাবে উদ্ধাৰ কৰিব নোৱাৰি৷ পৃথিৱীৰ ভূ-ত্বকে এখন ডাঠ অপৰিবাহী কম্বল হিচাপে কাম কৰে৷ এই কম্বলখনক তৰল জলবাহী (যেনে-মেগমা, পানী আৰু অন্যান্য)ৰ জৰিয়তে ভেদ কৰিব লাগিব, যাতে তলৰ তাপখিনিক মুক্ত কৰিব পাৰি৷
বৈদ্যুতিক উৎপাদনৰ বাবে উচ্চ-উষ্ণতাযুক্ত সমলৰ প্ৰয়োজন৷ আৰু এই সমলবোৰ গভীৰৰ পৰাহে পাব পাৰি৷ তৰলীকৃত সঞ্চাৰণৰ জৰিয়তে তাপখিনি পৃষ্ঠলৈ কঢ়িয়াই অনা হয়৷ ইয়াৰ বাবে মেগমা, গৰম স্প্ৰীং আৰু জলতাপীয় প্ৰৱহনৰ সহায় লোৱা হয়৷ নাইবা ইয়াৰে যিকোনো এটা সন্মিলিত প্ৰযুক্তিৰ সহায় লোৱা হয়৷ এই সঞ্চালন পাতল ভূ-ত্বকত কেতিয়াবা প্ৰাকৃতিকভাৱেও উপলব্ধ হয়৷ তেনে পৰিপ্ৰেক্ষিতত মেগমা জলবাহী বা টিউবে গৰম তাপ পৃষ্ঠৰ ওচৰলৈ কঢ়িয়াই আনে৷ আৰু গৰম স্প্ৰীংবোৰে এই তাপ পৃষ্ঠলৈ লৈ আহে৷ যদিহে কোনোধৰণৰ গৰম স্প্ৰীং মজুত নাথাকে, তেন্তে উষ্ণ জৰায়ি (Hot Aquifer) এটাত কুঁৱা খান্দিব লাগিব৷ বিৱৰ্তনীয় ভূ-ফলকৰ (tectonic plate) পৰিসীমাৰ ওচৰত ভূতাপীয় অৱক্ৰম হৈছে প্ৰতি কিলোমিটাৰত ২৫-৩০ ডিগ্ৰী ছেলছিয়াছ৷ পৃথিৱীৰ প্ৰায়বোৰ ঠাইতেই এই মান মোটামুটি একেই৷ সেইগতিকে কুঁৱাবোৰ বহু কিলোমিটাৰ গভীৰ হ'ব লাগিব যাতে বৈদ্যুতিক উৎপাদন সম্ভৱ হ'ব পাৰে৷ ৩
তথ্যসূত্ৰ
- ↑ Geothermal Energy Association. Geothermal Energy: International Market Update May 2010, p. 4-6
- ↑ Bassam, Nasir El; Maegaard, Preben; Schlichting, Marcia. (2013). Distributed Renewable Energies for Off-Grid Communities: Strategies and Technologies Toward Achieving Sustainability in Energy Generation and Supply. Newnes. পৃ. 187. ISBN 978-0-12-397178-4
- ↑ Fridleifsson, Ingvar B.; Bertani, Ruggero; Huenges, Ernst. (11 February 2008). The possible role and contribution of geothermal energy to the mitigation of climate change. পৃ. 59–80
- ↑ Dye, S. T. (2012). Geoneutrinos and the radioactive power of the Earth. Reviews of Geophysics. পৃ. RG3007
- ↑ Gando, A.; Dwyer, D. A.; McKeown, R. D. (2011). Partial radiogenic heat model for Earth revealed by geoneutrino measurements. Nature Geoscience. পৃ. 647
- ↑ (May 2015). The International Geothermal Market At a Glance – May 2015. GEA—Geothermal Energy Association
- ↑ Moomaw, W., P. Burgherr, G. Heath, M. Lenzen, J. Nyboer, A. Verbruggen, 2011: Annex II: Methodology. In IPCC: Special Report on Renewable Energy Sources and Climate Change Mitigation (ref. page 10)
- ↑ Craig, William; Gavin, Kenneth. (2018). Geothermal Energy, Heat Exchange Systems and Energy Piles. ICE Publishing. পৃ. 41–42. ISBN 9780727763983
- ↑ Pollack, H.N.; S. J. Hurter, and J. R. Johnson; Johnson, Jeffrey R. (1993). Heat Flow from the Earth's Interior: Analysis of the Global Data Set. Rev. Geophys.. পৃ. 267–280
- ↑ Rybach, Ladislaus. (September 2007). Geothermal Sustainability. Geo-Heat Centre Quarterly Bulletin. Oregon Institute of Technology. পৃ. 2–7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূতাপীয় শক্তি” প্ৰবন্ধৰ সংশোধন ৪৪৬০৬১ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।