বগা হাতী (White elephant (animal)) (এলবিনো হাতীও)১ এবিধ বিৰল প্ৰকাৰৰ হাতী, কিন্তু ই এটা সুকীয়া প্ৰজাতি নহয়। ইয়াক প্ৰায়ে বৰফৰ দৰে বগা ৰূপত চিত্ৰিত কৰা হয় যদিও, ইহঁতৰ ছাল সাধাৰণতে কোমল ৰঙা-বাদামী ৰঙৰ আৰু তিতিলে পাতল গোলাপী ৰঙৰ হয়।২ ইহঁতৰ চকুৰ পতা আৰু ভৰিৰ নখ উজ্জ্বল। পৰম্পৰাগত "বগা হাতী"ক সাধাৰণতে এলবিনো বুলি ভুল বুজা যায়, কিন্তু থাই ভাষাৰ চাং সামখান শব্দৰ প্ৰকৃত অনুবাদ হয় 'শুভ হাতী', বগাক বিশুদ্ধতাৰ প্ৰতীক বুলি ধৰা হয়।৩
২০২৩ চনৰ হিচাপত ম্যানমাৰত দহটা বগা হাতী আছে।৪ থাইলেণ্ডৰ ৰজাই কেইবাটাও বগা হাতীও পুহি ৰাখিছে, ইয়াৰে এঘাৰটা ২০১৬ চনলৈকে জীয়াই আছিল।৫
ধৰ্মীয় গুৰুত্ব
হিন্দু ধৰ্ম

হিন্দুৰ পুৰাণত ইন্দ্ৰ দেৱতাৰ বাহন (বৌদ্ধ প্যান্থেয়নত চক্ৰ) হ’ল, উৰণ ক্ষমতা থকা ঐৰাৱত নামৰ বগা হাতী।৬ অসুৰ আৰু দেৱতাসকলে ক্ষীৰসাগৰ মন্থন কৰি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতে ঐৰাৱতৰো সৃষ্টি হৈছিল।৭ সেয়ে, ঐৰাৱতাক পৱিত্ৰ বগা হাতী হিচাপে চিত্ৰিত কৰা হয় আৰু সাধাৰণতে ভাৰতত ঐৰাৱতৰ চাৰিটা দাঁত থাকে আৰু কেতিয়াবা দক্ষিণ-পূব এছিয়াত পাঁচটা মূৰ থাকে বুলি গণ্য কৰা হয়।৭ বগা হাতীক ঐশ্বৰিক সত্তা হিচাপে পূজা কৰাৰ সময়ত শ্ৰীগজ (আক্ষৰিক অৰ্থত 'শ্ৰীৰ হাতী'), মেঘা (আক্ষৰিক অৰ্থত 'মেঘ'), বা গজ লক্ষ্মী (আক্ষৰিক অৰ্থত 'সকলো হাতীৰ ভিতৰত লক্ষ্মী') বুলি কোৱা হয়।৭
ৰজা বিম্বিসাৰৰ এটা বগা হাতী আছিল, যাক তেওঁ হাতীটোৰ পূৰ্ণ যৌৱনপ্ৰাপ্ত সময়ত এখন অৰণ্যত বন্দী কৰিছিল। তেওঁ মতা হাতীটোক চেচানাকা নাম দিছিল, যাৰ অৰ্থ আছিল, "পানী দিয়া", কিয়নো হাতীটোৱে আগতে কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ নিজেই গছবোৰক পানী দিছিল। কোৱা হয় এই হাতীটোৰ খৰচ মগধৰ আধাতকৈ বেছি আছিল। পিছত তেওঁ পুত্ৰ বিহল্লকুমাৰক দিছিল, যাৰ বাবে তেওঁৰ আনজন পুত্ৰ অজাতশত্ৰুৰ ঈৰ্ষা হৈছিল। অজাতশত্ৰুৱে বহুবাৰ হাতীটো চুৰি কৰিবলৈ চেষ্টা কৰিছিল, যাৰ ফলত দুখন ভয়ংকৰ যুদ্ধ হৈছিল, যাক মহাশিলকান্তক আৰু ৰথ-মুছলা বুলি কোৱা হৈছিল৷
বৌদ্ধ ধৰ্ম
বুদ্ধই মাতৃ গৰ্ভত স্থিত হোৱা আৰু জন্মৰ কাহিনীতো বগা হাতীৰ তাৎপৰ্য আছে৷৮ বুদ্ধ মাতৃৰ গৰ্ভধাৰণৰ কাহিনী অনুসৰি সিদ্ধাৰ্থই গৰ্ভত স্থিত হোৱাৰ নিশা ৰাণী মায়াই সপোনত দেখিছিল যে, তেওঁৰ সোঁফালে ছটা বগা দাঁত থকা এটা হাতী সোমাইছে।৯১০ এই সপোনৰ পৰাই ভৱিষ্যবক্তাসকলে ভৱিষ্যদ্বাণী কৰিছিল যে, শিশুটিৰ জন্মি হয় পৰম জ্ঞানী বা বুদ্ধ হ’ব, নহ’লে চক্ৰৱৰ্তী শাসক বা ৰজা হ'ব।১০
তথ্যসূত্ৰ
- ↑ Why do we say 'white elephant'? History Extra. Retrieved 5 October 2021
- ↑ Men ride albino elephants, Reuters via The Atlantic, 1 March 2012
- ↑ Royal Elephant Stable. Thai Elephant Conservation Center
- ↑ (2022-08-04). Status-Obsessed Myanmar Junta Chief's Reverence for White Elephants Draws Ridicule. The Irrawaddy
- ↑ งดงามยิ่งนัก!! ชมประวัติช้างเผือกคู่พระบารมีพระบาทสมเด็จพระเจ้าอยู่หัวในพระบรมโกศ (รายละเอียด). www.tnews.co.th
- ↑ Johnson, W. J. (2009). A dictionary of Hinduism. Oxford University Press. ISBN 978-0-19-861025-0
- ↑ Andaya, Leonard Yuzon. (2016-01-01). The Social Value of Elephant Tusks and Bronze Drums among Certain Societies in Eastern Indonesia. Bijdragen tot de Taal-, Land- en Volkenkunde / Journal of the Humanities and Social Sciences of Southeast Asia. পৃ. 66–89
- ↑ Min Zin. (December 2001). The power of Hpoun. The Irrawaddy
- ↑ Hirschi, Eva. (2019-01-19). Improving life for Yangon's white elephants. Frontier Myanmar
- ↑ Keown, Damien. (2003). A dictionary of Buddhism. Oxford University Press. ISBN 0-19-860560-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগা হাতী (প্ৰাণী)” প্ৰবন্ধৰ সংশোধন ৫৮৩০০৫ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।