বগাপেটীয়া কোকলোঙা (White-bellied treepie; বৈজ্ঞানিক নামঃ Dendrocitta leucogastra) দক্ষিণ ভাৰতৰ অৰণ্যৰ স্থানীয় কাউৰী পৰিয়ালৰ এবিধ চৰাই। কিছুমান অঞ্চলত কোকলোঙাৰ সৈতে ইহঁতৰ বিচৰণক্ষেত্ৰ ওপৰা-উপৰি যদিও চেহেৰা আৰু মাতৰ পৰা দুয়োটাকে পৃথক কৰাটো সহজ।
বিৱৰণ
মূৰ আৰু শৰীৰৰ বগা ৰঙৰ বাবে ইয়াক কোকলোঙাৰ পৰা সহজে পৃথক কৰিব পাৰি। এইবিধ চৰাই অধিক ঘন অৰণ্যত পোৱা যায় আৰু কোকলোঙাৰ দৰে মানুহৰ বাসস্থানৰ সৈতে ইয়াৰ সম্পৰ্ক কম।১ বগাপেটীয়া কোকলোঙা দীঘলে ৪৮ চে.মি.(১৯ ইঞ্চি)।২ ডিঙিৰ পিছফালৰ অংশ বগা, ডিঙি আৰু বুকু ক’লা। উৰু ক’লা, আৰু নেজৰ তলৰ অংশ বাদামী৷ বাকী তলৰ অংশবোৰ বগা। পিঠিখন বাদামী-মুগা ৰঙৰ। ডেউকাবোৰ ক’লা আৰু বগা ৰঙৰ দাগ থাকে। তপিনা বগা। নেজডালৰ কেন্দ্ৰীয় দুই তৃতীয়াংশ ৰূপালী ধূসৰ ৰঙৰ, আৰু নেজডালৰ মূৰৰ তৃতীয়টো অংশ ক’লা।নেজডালৰ আন পাখিবোৰ ক’লা। ঠোঁট ক’লা, আৰু ঠেং দুখন ধূসৰ ক'লা।২
বিতৰণ
ইয়াক প্ৰধানকৈ গোৱাৰ দক্ষিণে পশ্চিম ঘাটৰ অৰণ্যত পোৱা যায়।৩ ধৰ্মপুৰীৰ ওচৰৰ এৰিমলাইৰ৪ পৰা পোৱা এক অভিলেখ আৰু অন্ধ্ৰপ্ৰদেশৰ চুৰাট ডাংছ আৰু দক্ষিণ-পূব ঘাটৰ পৰা পোৱা প্ৰতিৱেদন ইয়াৰ মূল বিতৰণ ক্ষেত্ৰৰ বাহিৰত ই থকাৰ তথ্য দিছে। মধ্য ভাৰতৰ (চিকালদা, গৱিলগড়৫) এটা অভিলেখক লৈ প্ৰশ্ন উত্থাপন হৈছে।১
আচৰণ আৰু পৰিৱেশ বিজ্ঞান
বগাপেটীয়া কোকলোঙাই ফল, বীজ, অমৃত, অমেৰুদণ্ডী প্ৰাণী, সৰীসৃপ, কৃন্তক, পোৱালি আৰু কণী খায়।২ মাতিবৰ সময়ত চৰাইটোৱে প্ৰণাম কৰাৰ ভংগীমাত ডেউকা তললৈ নমাই দিয়ে। বাৰিষাৰ পূৰ্বৰ প্ৰজনন কালত (মূলতঃ এপ্ৰিল–মে’ কিন্তু কিছুমান ফেব্ৰুৱাৰী মাহৰ পৰাই) এজোপা গছত কেইবাটাও চৰাই আহি বহি লৈ বাৰে বাৰে মাতে৷ এই চৰাইবিধৰ বাহটো হৈছে মধ্যমীয়া আকাৰৰ গছৰ ওপৰত ডাল-পাতেৰে সজা মঞ্চসদৃশ৷ তিনিটা কণী পাৰে আৰু কণীবোৰত ছাই ধূসৰ, সেউজীয়া আৰু ধূসৰ ৰঙৰ দাগ থাকে।৬৫
ইয়াক মিশ্ৰিত প্ৰজাতিৰ খাদ্য বিচাৰি ফুৰা চৰাইৰ জাকৰ সৈতে পোৱা যায় আৰু ইয়াক প্ৰায়ে ভীমৰাজৰ সৈতে পোৱা যায়।১
তথ্যসূত্ৰ
- ↑ Rasmussen, PC; JC Anderton. (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃ. 596
- ↑ Madge, Steve. (2010). Crows and Jays. A&C Black. পৃ. 116. ISBN 978-1-4081-3169-5
- ↑ Daniels, R J Ranjit; NV Joshi; Madhav Gadgil. (1992). On the relationship between bird and woody plant species diversity in the Uttara Kannada district of south India. Proc. Natl. Acad. Sci.. পৃ. 5311–5315
- ↑ Daniels, R.J.R.; MV Ravikumar. (1997). Birds of Erimalai. Newsletter for Birdwatchers. পৃ. 80–82
- ↑ Baker, ECS. (1922). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 1. Taylor and Francis, London. পৃ. 51–52
- ↑ Hume, A O. (1889). The Nests and Eggs of Indian Birds. Volume 1. R H Porter, London. পৃ. 22
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগাপেটীয়া কোকলোঙা” প্ৰবন্ধৰ সংশোধন ৬২১০৪০ (২৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।