অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

বক্সা দুৰ্গ

বক্সা দুৰ্গ (Buxa Fort) ভাৰতৰ পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ আলিপুৰদুৱাৰ মহকুমাৰ কালচিনি চিডি ব্লকত বক্সা টাইগাৰ ৰিজাৰ্ভত ৮৬৭ মিটাৰ (২,৮৪৪ ফুট) উচ্চতাত অৱস্থিত এক দুৰ্গ। ই নিকটতম চহৰ আলিপুৰদুৱাৰৰপৰা ই ৩০ কিলোমিটাৰ (১৯ মাইল) দূৰৈত অৱস্থিত।

হালনাগাদ: ১১ জুলাই ২০২৬ ৫৩১ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বক্সা দুৰ্গ (Buxa Fort) ভাৰতৰ পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ আলিপুৰদুৱাৰ মহকুমাৰ কালচিনি চিডি ব্লকত বক্সা টাইগাৰ ৰিজাৰ্ভত ৮৬৭ মিটাৰ (২,৮৪৪ ফুট) উচ্চতাত অৱস্থিত এক দুৰ্গ। ই নিকটতম চহৰ আলিপুৰদুৱাৰৰপৰা ই ৩০ কিলোমিটাৰ (১৯ মাইল) দূৰৈত অৱস্থিত। ভূটানৰ ৰজাই ভূটানৰ মাজেৰে তিব্বতক ভাৰতৰ সৈতে সংযোগ কৰা ভূ-খণ্ড সুৰক্ষিত কৰিবলৈ এই দুৰ্গটো ব্যৱহাৰ কৰিছিল। চীনা গণৰাজ্যই তিব্বতক নিজৰ অধীনলৈ অনাৰ সময়ত হোৱা অশান্তিৰ সময়ত শ শ স্থানচ্যুত লোকে পৰিত্যক্ত দুৰ্গটোক আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিছিল।

ইতিহাস

দুৰ্গৰ ইতিহাস অনিশ্চিত। ইংৰাজে দুৰ্গটো দখল কৰাৰ আগতে ভূটান ৰজা আৰু পূৰ্বৰ কুচবিহাৰৰ ৰজাসকলৰ মাজৰ যোগসূত্ৰৰ স্থল আছিল।

ব্ৰিটিছ দখল

কুচ ৰজাৰ আমন্ত্ৰণত ব্ৰিটিছে হস্তক্ষেপ কৰি দুৰ্গটো দখল কৰিছিল। পাছলৈ ইয়াক আনুষ্ঠানিকভাৱে ১৮৬৫ চনৰ ১১ নৱেম্বৰত চিনচুলা সন্ধিৰ অংশ হিচাপে ব্ৰিটিছৰ হাতত গতাই দিয়া হয়।১ ইংৰাজে দুৰ্গটো বাঁহৰ কাঠৰ গঠনৰপৰা শিলৰ গঠনলৈ পুনঃ নিৰ্মাণ কৰিছিল। পাছলৈ এই দুৰ্গটো ১৯৩০ চনত উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰ আৰু ডিটেনচন কেম্প হিচাপে ব্যৱহাৰ কৰা হয়; ২ আন্দামানৰ চেলুলাৰ জেলৰ পাছত ই আছিল ভাৰতৰ আটাইতকৈ কুখ্যাত আৰু দুৰ্গম কাৰাগাৰ। অনুশীলন সমিতি আৰু যুগন্তৰ গোটৰ অন্তৰ্গত জাতীয়তাবাদী বিপ্লৱীসকল, যেনে কৃষ্ণপদ চক্ৰৱৰ্তীক ১৯৩০ চনত এই কাৰাগাৰত বন্দী কৰি থোৱা হৈছিল। কবি ৰবীন্দ্ৰনাথ ঠাকুৰে এই কাৰাগাৰত ৰখা বন্দীসকলৰ মনোবল বৃদ্ধি কৰিবলৈ কবিতা ৰচনা কৰিছিল। ফৰৱাৰ্ড ব্লকৰ নেতা তথা পশ্চিম বংগৰ প্ৰাক্তন আইন মন্ত্ৰী অমৰ প্ৰসাদ চক্ৰৱৰ্তীকো ১৯৪৩ চনত বক্সা দুৰ্গত কাৰাবন্দী কৰি ৰখা হৈছিল, লগতে নিৰদ চক্ৰৱৰ্তী, শিৱশংকৰ মিত্ৰ আৰু সতীশ পক্ৰাশীৰ দৰে কিছুমান কমিউনিষ্ট বিপ্লৱী আৰু বুদ্ধিজীৱীও আছিল। কবি সুভাষ মুখোপাধ্যায়ো ১৯৫০ চনত তাতেই বন্দী হৈ আছিল। তেওঁ তেওঁৰ এটি গল্প “মেঘৰ কাৰাগাৰ” (বাংলাত, মেঘেৰ গায়ে জেলখানা) নামৰ গল্প এটাত এই কাৰাগাৰৰ বিষয়ে জীয়া বৰ্ণনা দিছে।

তিব্বতী শৰণাৰ্থী সংকট

১৯৫৯ চনৰ মাৰ্চ মাহত তিব্বতী বিদ্ৰোহ দমনৰ দায়িত্ব দিয়া চীনা সৈন্যই ড্ৰেপুং মঠৰ বিৰুদ্ধে আক্ৰমণাত্মকভাৱে আক্ৰমণ কৰে; ১০,০০০ৰো অধিক সন্ন্যাসীৰ মাত্ৰ কেইশমান ভূটান হৈ ভাৰতলৈ পলায়ন কৰে। এই ড্ৰেপুং সন্ন্যাসীসকল, আৰু বিভিন্ন তিব্বতী গোটক প্ৰতিনিধিত্ব কৰা অন্যান্য শৰণাৰ্থী সন্ন্যাসীসকলে প্ৰথমে হাবিৰে আৱৰা পূৰ্বৰ কাৰাগাৰ শিবিৰৰ চৌহদত বক্সা চোগাৰ নামেৰে জনাজাত এটা মঠত অধ্যয়ন কেন্দ্ৰ আৰু শৰণাৰ্থী শিবিৰ স্থাপন কৰিছিল।৩৪

১৯৬৬ চনত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ক বক্সা শৰণাৰ্থী শিবিৰৰ অৱস্থাৰ বিষয়ে অৱগত কৰা হয়, আৰু স্পষ্ট হৈ পৰিল যে তিব্বতী শৰণাৰ্থীসকলক অধিক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব লাগিব। প্ৰথম অৱস্থাত অনিচ্ছুক হৈ পৰা দালাই লামাৰপৰা ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ আৰু পৰ্যাপ্ততাৰ বাবে চেষ্টা কৰিবলৈ আহ্বান জনোৱা এটা বাৰ্তা আৰু অন্যান্য তিব্বতী শৰণাৰ্থীৰ ওচৰত বসতি স্থাপন কৰাৰ বিকল্পই সন্ন্যাসীসকলক স্থানান্তৰিত হ’বলৈ পতিয়ন নিয়াইছিল। ১৯৭১ চনত সন্ন্যাসীসকলে বক্সা দুৰ্গ এৰি কৰ্ণাটক ৰাজ্যৰ বাইলাকুপে আৰু মুণ্ডগডত নতুন স্থানলৈ যায়।৫

ভূগোল

অৱস্থান

বক্সা দুৰ্গ ত অৱস্থিত।

এলেকাৰ চমু আভাস

আলিপুৰদুৱাৰ জিলা পশ্চিম বংগৰ ডুৱাৰ্ছৰ পূব প্ৰান্তৰ এক বিস্তৃত অঞ্চল। এই অঞ্চলটো ওখোৰা-মোখোৰা আৰু ঠায়ে ঠায়ে বনাঞ্চলেৰে আৱৰা; ইয়াৰ মাজেৰে ভূটানৰ হিমালয়ৰ বাহ্যিক পৰ্বতমালাৰ পৰা নামি অহা অসংখ্য নদী বৈ গৈছে। এইটো মূলতঃ এক গ্ৰাম্য অঞ্চল, য'ত প্ৰায় ৭৯.৩৮% লোক গাঁৱত বাস কৰে। জিলাখনত এখন পৌৰসভা চহৰ আৰু ২০খন পিয়ল চহৰ (census towns) আছে; অৰ্থাৎ ২০.৬২% লোক চহৰত বাস কৰে। জিলাখনৰ ছয়টা সামূহিক উন্নয়ন খণ্ডৰ (CD blocks) আটাইকেইটাতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ সংখ্যাই মুঠ জনসংখ্যাৰ আধাতকৈ বেছি। জিলাখনৰ উত্তৰ দিশৰ তিনিটা খণ্ডত জনজাতীয় লোকৰ (অনুসূচিত জনজাতি) ঘনত্ব অধিক।৬৭৮

টোকা: মানচিত্ৰখনত আলিপুৰদুৱাৰ মহকুমাৰ পূব অংশৰ গুৰুত্বপূৰ্ণ ঠাইবোৰ দেখুওৱা হৈছে। এই অঞ্চলটো বৰ্তমানৰ আলিপুৰদুৱাৰ জিলাৰ অন্তৰ্ভুক্ত।

ট্ৰেকিং

পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমীসকলৰ মাজত তলত দিয়া পথসমূহ জনপ্ৰিয় –

  • চন্তলাবাৰীৰ পৰা বক্সা দুৰ্গলৈ: 5 কি.মি.
  • বক্সা দুৰ্গৰ পৰা ৰোভাৰ্ছ পইণ্টলৈ: 3 কি.মি.
  • চন্তলাবাৰীৰ পৰা ৰূপাং উপত্যকালৈ: 14 কি.মি.
  • বক্সা দুৰ্গৰ পৰা লেপচাখাসকলৈ: 5 কি.মি.
  • বক্সা দুৰ্গৰ পৰা চুনাভাটিলৈ: 4 কি.মি.

তথ্যসূত্ৰ

  1. ↑ Singh, Nagendra. (1978). Bhutan: a Kingdom in the Himalayas: a study of the land, its people, and their government. Thomson Press Publication Division. পৃ. 243
  2. ↑ West Bengal Forest Development Corporation
  3. ↑ Brentano, Robyn. Buxa Chogar: Saving Tibetan Buddhism in Exile. FMPT
  4. ↑ About The Re-establishment of Drepung Gomang Monastic University in India. Drepung Gomang Monastery
  5. ↑ Buxa Refugee Camp
  6. ↑ District Statistical Handbook 2014 Jalpaiguri. Tables 2.2, 2.4b. Department of Planning and Statistics, Government of West Bengal
  7. ↑ CD block Wise Primary Census Abstract Data(PCA). 2011 census: West Bengal – District-wise CD blocks. Registrar General and Census Commissioner, India
  8. ↑ District Census Handbook, Jalpaiguri, Series 20, Part XIIA. Census of India 2011, page 13 Physiography. Directorate of Census Operations, West Bengal

সম্পৰ্কিত শ্ৰেণী

ঐতিহাসিক কীৰ্তিচিহ্ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বক্সা দুৰ্গ” প্ৰবন্ধৰ সংশোধন ৬১৬৬০৬ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।