অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফ্ৰিদা কাল'

ফ্ৰিদা কাল (Frida Kahlo de Rivera) এগৰাকী মেক্সিকান চিত্ৰকৰ। এওঁ বিশেষকৈ তেওঁৰ নিজা প্ৰতিকৃতি (self-portrait) সমূহৰ বাবে প্ৰসিদ্ধ। তেওঁৰ চিত্ৰসমূহ মেক্সিক'কে ধৰি আমেৰিকাৰ লোকসকলৰ মাজত দেশীয় সত্তাৰ পৰিচয়মূলকভাৱে আৰু নাৰিবাদী সকলৰ মাজত নাৰীৰ অনুভৱৰ প্ৰতিনিধি ৰূপে খ্যাত।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫২০ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ফ্ৰিদা কাল (Frida Kahlo de Rivera) এগৰাকী মেক্সিকান চিত্ৰকৰ।১২ এওঁ বিশেষকৈ তেওঁৰ নিজা প্ৰতিকৃতি (self-portrait) সমূহৰ বাবে প্ৰসিদ্ধ।৩ তেওঁৰ চিত্ৰসমূহ মেক্সিক'কে ধৰি আমেৰিকাৰ লোকসকলৰ মাজত দেশীয় সত্তাৰ পৰিচয়মূলকভাৱে আৰু নাৰিবাদী সকলৰ মাজত নাৰীৰ অনুভৱৰ প্ৰতিনিধি ৰূপে খ্যাত।৪

জীৱন

কাল'ৰ জীৱন আৰম্ভ হয় মেক্সিক' চহৰত। যদিও তেওঁ নিজৰ জন্ম তাৰিখ ১৯১০ চনৰ জুলাইৰ সাত তাৰিখ বুলি দাবী কৰে, প্ৰকৃততে তথ্য অনুসৰি তেওঁৰ জন্ম হৈছিল ১৯০৭ চনৰ জুলাই মাহৰ ৬ তাৰিখে। তেওঁ বিখ্যাত মেক্সিকান চিত্ৰকৰ ডিয়োগো ৰিভেৰা (Diego Rivera) ৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। ফ্ৰিদা কাল'ই আজীৱন বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগিছিল। এনেকাৰণতে তেওঁ প্ৰায় লোকাৰণ্যৰ পৰা আঁতৰত অকলশৰে থাকিবলৈ লৈছিল। এই একাকিত্বই তেওঁৰ কৰ্মৰাজিৰ ওপৰত প্ৰভাব পেলোৱা বুলি জনা যায়। কাল'ৰ নিজৰ ভাষাত, "I paint myself because I am so often alone and because I am the subject I know best."৫৬

১৯৫৪ চনৰ জুলাই মাহৰ ১৩ তাৰিখে ৪৭ বছৰ বয়সত ফ্ৰিদা কাল'ৰ মৃত্যু হয়। মৃত্যুৰ কিছুদিনৰ পূৰ্বে তেওঁ ডায়েৰীত লিখিছিল-"I hope the exit is joyful — and I hope never to return "১ চৰকাৰীভাবে মৃত্যুৰ কাৰণ 'pulmonary embolism' বুলি কোৱা হৈছিল যদিও বহুলোকে তেওঁ স্বইছ্ছাই ঔষধৰ অতিসেৱনেৰে মৃত্যুক আকোঁৱালি লোৱা বুলিও সন্দেহ প্ৰকাশ কৰে।১

কেৰিয়াৰ

স্বামী ডিয়গোৰ সৈতে ফ্ৰিদা কাল'
স্বামী ডিয়গোৰ সৈতে ফ্ৰিদা কাল'ছবি: Carl Van Vechten · Public domain

জন্মতে লৈ অহা শাৰীৰিক ব্যাধিৰ বাবে চিৰদিন ভুক্তভুগী হৈ ৰোৱা ফ্ৰিদা কাল'ই ছবি আঁকিয়ে নিসংগতা আৰু একাকিত্ব আঁতৰোৱাৰ যত্ন কৰিছিল। তেওঁ সৰ্বমুঠ ১৪০খন চিত্ৰ অঁকা বুলি জনা যায়। ইয়াৰে ৫৫ খনেই তেওঁৰ নিজৰ প্ৰতিকৃতি সম্বলিত (self-portrait)। স্বামী ডিয়োগো ৰিভেৰাৰ ফ্ৰিদা কাল'ৰ চিত্ৰশৈলীৰ ওপৰত যথেষ্ট প্ৰভাব পৰা বুলি জনা যায়। ৭

অৱশ্যে কাল'ৰ মৃত্যুৰ বহু দশক পিছলৈকে তেওঁৰ কৰ্মৰাজিয়ে বিশেষ স্বীকৃতি পাবলৈ সক্ষম হোৱা নাছিল। তেওঁক প্ৰায়ে চিত্ৰকৰ ডিয়োগো ৰিভেৰাৰ পত্নীৰূপেই জনা গৈছিল। ১৯৭০ৰ দশকৰ শেষভাগৰ ফালেহে মেক্সিক'ৰ নতুন চিত্ৰশৈলী 'Neomexicanismo' আৰম্ভ হোৱাৰ লগে লগে ফ্ৰিদা কাল'ৰো জনপ্ৰিয়তা বাঢ়িবলৈ লয়।৮৯

তথ্য সংগ্ৰহ

  • Pierre, Clavilier (2006). Frida Kahlo, les ailes froissées, ed Jamsin ISBN 978-2-912080-53-0
  • Fuentes, C. (1998). Diary of Frida Kahlo. Harry N. Abrams, Inc. (March 1, 1998). ISBN 0-8109-8195-5.
  • Gonzalez, M. (2005). Frida Kahlo – A Life . Socialist Review, June 2005.
  • Arts Galleries: Frida Kahlo. Exhibition at Tate Modern, June 9 – October 9, 2005. The Guardian, Wednesday May 18, 2005. Retrieved May 18, 2005.
  • Nericcio, William Anthony. (2005). A Decidedly 'Mexican' and 'American' Semi(er)otic Transference: Frida Kahlo in the Eyes of Gilbert Hernandez.
  • Tibol, Raquel (original 1983, English translation 1993 by Eleanor Randall) Frida Kahlo: an Open Life. USA: University of New Mexico Press. ISBN 0-8263-1418-X
  • Turner, C. (2005). Photographing Frida Kahlo. The Guardian, Wednesday May 18, 2005. Retrieved May 18, 2005.
  • Zamora, M. (1995). The Letters of Frida Kahlo: Cartas Apasionadas. Chronicle Books (November 1, 1995). ISBN 0-8118-1124-7
  • The Diary of Frida Kahlo. Introduction by Carlos Fuentes. Essay by Sarah M. Lowe. London: Bloomsburry, 1995. ISBN 0-7475-2247-2
  • Griffiths J. (2011). A Love Letter from a Stray Moon, Text Publishing, Melbourne Australia (forthcoming).
  • "Frida's bed" (2008) – a novel based on the life of Frida Kahlo by Croatian writer Slavenka Drakulic. Penguin (non-classics) ISBN 978-0-14-311415-4
  • Aguilar, Louis. "Detroit was muse to legendary artists Diego Rivera and Frida Kahlo ." The Detroit News. April 6, 2011.
  • Espinoza, Javier. "Frida Kahlo's last secret finally revealed." The Observer at The Guardian. Saturday August 11, 2007.
  • "Frida Kahlo, Artist, Diego Rivera's Wife" (obituary). The New York Times. Wednesday, July 14, 1954.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Herrera, Hayden. (1983). A Biography of Frida Kahlo. HarperCollins. ISBN 978-0-06-008589-6
  2. ↑ Frida Kahlo. Smithsonian.com
  3. ↑ Klein, Adam G. (2005). Frida Kahlo. ABDO Pub. Co. ISBN 9781596797314
  4. ↑ Norma Broude, Mary D. Garrard. The Expanding discourse: feminism and art history. 1992, page 399
  5. ↑ Andrea Kettenmann, Frida Kahlo. Frida Kahlo, 1907–1954: pain and passion page 27
  6. ↑ Levine, Barbara. Finding Frida Kahlo: An Unexpected Archive. New York: Princeton Architectural, 2009. Print
  7. ↑ Andrea, Kettenmann. (1993). Frida Kahlo: Pain and Passion. Benedikt Taschen Verlag GmbH. পৃ. 3. ISBN 3-8228-9636-5
  8. ↑ Emerich, Luis Carlos. (1989). Figuraciones y desfiguros de los ochentas. Editorial Diana. ISBN 968-13-1908-7
  9. ↑ Helland, Janice. (Fall 1990/Winter 1991). Aztec Imagery in Frida Kahlo's Paintings. Woman's Art Journal. পৃ. 8–13

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পীমেক্সিকোৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰিদা কাল'” প্ৰবন্ধৰ সংশোধন ৬৩১১৪৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।