ফেৱিক'ল হৈছে ভাৰতীয় কোম্পানী পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ দ্বাৰা উৎপাদিত আঠাৰ এটা ব্ৰেণ্ড।
ইতিহাস
১৯৫৪ চনত বলবন্ত পাৰেখ আৰু সুশীল পাৰেখে এটা সৰু ব্যৱসায় আৰম্ভ কৰিছিল। ৫ বছৰৰ পাছত ১৯৫৯ চনত, এওঁলোকে জন্তুৰ পৰা প্ৰস্তুত কৰা আঠাৰ এটা সাংশ্লেষিক বিকল্প উলিয়াই। তেওঁলোকে এই বস্তুটোৰ নাম দিয়ে 'ফেৱিক'ল'। ১৯৬৩ চনত কনদিৱিটা গাঁও, মুম্বাইত ফেৱিক'লৰ প্ৰথমটো উদ্যোগ স্থাপন হয়। ইয়াতেই বৰ্তমান ফেৱিক'লৰ মুখ্য কাৰ্যালয় আছে। ১৯৯৭ চনত ফেৱিক'লে দূৰদৰ্শনত প্ৰথম বিজ্ঞাপন দিয়ে। ২০০৪ চনৰ ফেৱিক'লে ফেৱিক'ল মেৰাইন বুলি বজাৰলৈ এটা উপ-ব্ৰেণ্ড উলিয়াই১।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেৱিক'ল” প্ৰবন্ধৰ সংশোধন ২৩১২১৪ (২৪ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।