অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ফেমিলী প্লেনিং এছ'ছিয়েছন অৱ ইণ্ডিয়া

ফেমিলী প্লেনিং এছ'ছিয়েছন অৱ ইণ্ডিয়া বা ভাৰতীয় পৰিয়াল পৰিকল্পনা সংস্থা (FPA India) হৈছে ভাৰতৰ পঞ্জীয়নভুক্ত এটা দাতব্য সংস্থা। ১৯৪৯ চনত ধনবন্তী ৰামা ৰাও আৰু অৱবাই বোমাঞ্জী ৱাডিয়াই এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ২৩ অক্টোবৰ ২০২৫ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ফেমিলী প্লেনিং এছ'ছিয়েছন অৱ ইণ্ডিয়া বা ভাৰতীয় পৰিয়াল পৰিকল্পনা সংস্থা (FPA India) হৈছে ভাৰতৰ পঞ্জীয়নভুক্ত এটা দাতব্য সংস্থা। ১৯৪৯ চনত ধনবন্তী ৰামা ৰাও আৰু অৱবাই বোমাঞ্জী ৱাডিয়াই এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল। ১২ এই সংস্থাটোৰ সমগ্ৰ দেশতে ৪০টা স্থানীয় শাখা আছে যিয়ে যৌন স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক প্ৰসাৰিত কৰে।৩ এই সংস্থা আন্তঃৰাষ্ট্ৰীয় পৰিকল্পিত পিতৃ-মাতৃত্ব ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সংযুক্ত প্ৰতিষ্ঠান। এই সংস্থাৰ যোগেদি অন্যান্য বিষয়ৰ লগতে প্ৰজনন পছন্দ, আইনী আৰু নিৰাপদ গৰ্ভপাত, যৌন সংক্ৰামক ৰোগ, আৰু যৌন আৰু প্ৰজনন স্বাস্থ্যৰ বিষয়ে শিক্ষাৰ প্ৰসাৰ ঘটায়। এফ পি এ ইণ্ডিয়াত আছে ৩৯টা স্থায়ী ক্লিনিক। ইয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় সভাপতি ড° ৰত্নমালা এম দেশাই। এফ পি এ ইণ্ডিয়া হৈছে ভাৰতৰ ১৮খন ৰাজ্যত যৌন আৰু প্ৰজনন স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা আগবঢ়োৱা এক প্ৰভাৱশালী সামাজিক সংস্থা।

স্থানীয় শাখা

এই সংস্থাৰ স্থানীয় শাখাসমূহ ৪ আগ্ৰা, আহমেদাবাদ, বাংগালুৰু, বেলগাঁও, বেলাৰী, ভূপাল, ভুৱনেশ্বৰ, বিদাৰ, বিজাপুৰ, চেন্নাই, ধৰৱাদ, ডিণ্ডিগুল, গোমিয়া, গোৱালিয়ৰ, হাইদৰাবাদ, ইন্দোৰ, জবলপুৰ, জয়পুৰ, কলচিনি, কলকাতা, লক্ষ্ণৌ, মাদুৰাই, মহলী, মুম্বাই, মহীশূৰ, নাগালেণ্ড, নতুন দিল্লী, নীলগিৰি, উত্তৰ কানাৰা, পঞ্চকুলা, পাটনা, পুনে, ৰাইচুৰ, ৰাজকোট, শিমোগা, সিংভূম, সোলাপুৰ, দক্ষিণ কানাৰা, শ্ৰীনগৰ, ত্ৰিবান্দ্ৰম, থানে আৰু যমুনানগৰ ৷

সহযোগী অংশীদাৰ

  • ৰাষ্ট্ৰীয় সংহত চিকিৎসা সংস্থা (NIMA) * ভাৰতীয় বাণিজ্য আৰু উদ্যোগ সংস্থাৰ ফেডাৰেচন (FICCI)
  • পেকাৰ্ড ফাউণ্ডেশ্যন
  • প্লেনড পেৰেণ্টহুড ফেডাৰেচন অৱ আমেৰিকা, ইউনিভাৰ্চিটি অৱ ৰচেষ্টাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ
  • জাপান ট্ৰাষ্ট ফাণ্ড
  • UNFPA
  • ৱেষ্ট ৱাইন্দ ফাউণ্ডেশ্যন
  • ফৰ্ড ফাউণ্ডেচন
  • ভাৰত চৰকাৰ
  • ৰাজ্যিক এইডছ কোষ
  • Falmily Health International (FHI)
  • চেণ্টাৰ ফৰ অপাৰেচন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (CORT)
  • হুমানাছ
  • এভাৰ্ট

তথ্যসূত্ৰ

  1. ↑ (2 March 2010). Band of brothers. New Indian Express
  2. ↑ Paul Bell. (11 August 2005). Obituary: Avabai Wadia. Web report. The Guardian
  3. ↑ Dhar, Aarti. (16 January 2012). Web of love. The Hindu
  4. ↑ Annual Report 2013. Family Planning Association of India

সম্পৰ্কিত শ্ৰেণী

নাৰী শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেমিলী প্লেনিং এছ'ছিয়েছন অৱ ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৫৪৪৯৭৮ (২৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।