ইজিপ্টৰ দেৱী
৬ প্ৰবন্ধ
-
ফাৰাও
ফাৰাও (Pharaoh) হৈছে প্ৰাচীন ইজিপ্টৰ প্ৰথমটো ৰাজবংশৰ পৰা (৩১৫০ খ্ৰীষ্টপূৰ্ব) ৰোমানসকলে অধিগ্ৰহণ কৰালৈকে (৩০ খ্ৰীষ্টপূৰ্ব) সম্ৰাটসকলক বুজাবলৈ বৰ্তমান কালত ব্যৱহাৰ কৰা উপাধি। অৱশ্যে ফাৰাও শব্দটো ১২১০ খ্ৰীষ্টপূৰ্বৰ আগলৈকে অৰ্থাৎ মাৰ্নেপ্টাহৰ ৰাজত্বকালৰ পূৰ্বে সমসাময়িক শাসকসকলে ব্যৱহাৰ কৰা নাছিল।
-
ভেষ্টা
ভেষ্টা (ইংৰাজী: Vesta) ৰোমান ধৰ্মত জুইশাল, ঘৰ আৰু পৰিয়ালক প্ৰতিনিধিত্ব কৰা কুমাৰী দেৱী। তেওঁক মানৱ ৰূপত খুব কমেইহে চিত্ৰিত কৰা হৈছিল, আৰু বেছিকৈ তেওঁক ৰোমান ফ'ৰামৰ তেওঁৰ মন্দিৰৰ জুই হিচাপে চিত্ৰিত কৰিছিল। তেওঁৰ মন্দিৰত কেৱল তেওঁৰ পুৰোহিত ভেষ্টাল ভাৰ্জিনসকলৰহে প্ৰৱেশৰ অনুমতি আছিল।
-
মা-আট
মিচৰৰ পৌৰাণিক কাহিনীত ‘মুহ-আহত’ বুলি উচ্চাৰণ কৰা মা-আট আইন, নৈতিকতা আৰু ন্যায়ৰ দেৱী। মা-আটে তৰা, ঋতু, মানুহ আৰু দেৱতা উভয়ৰে কৰ্ম নিয়ন্ত্ৰণ কৰিছিল। ইজিপ্তৰ পৌৰাণিক কাহিনীত তেওঁৰ প্ৰথম ভূমিকা আছিল পাতালত সংঘটিত হোৱা শব্দৰ ওজন, দুয়াত লোৱা।
-
মুট
মুট আছিল প্ৰাচীন মিচৰত প্ৰচলিত ধৰ্মৰ এগৰাকী দেৱী। প্ৰাচীন মিচৰীয় ভাষাত মুট শব্দৰ অৰ্থ আছিল মাতৃ। তেওঁৰ নামটো মাউট বা মউট বুলিও বানান কৰিব পাৰি। যি পানীৰ পৰা সকলো জন্ম হৈছিল, সেই পানীৰ লগত তাইৰ সম্পৰ্ক আছে। অৰ্থাৎ তেওঁৰ উৎপত্তি নীল নদীৰ ব-দ্বীপ বা মধ্য মিচৰত বুলি কোৱা হয়।
-
আনুকেট
আনুকেট (ইংৰাজী: Anuket) আছিল নীল নদী উপত্যাকা আৰু নিম্ন নুবিয়াৰ এগৰাকী প্ৰাচীন ইজিপ্টিয়ান দেৱী৷ এলিফেণ্টাইনত এই দেৱীৰ পূজা কৰা হৈছিল।
-
আমুন
আমুন মিচৰৰ পৌৰাণিক কাহিনীত পূজা কৰা এক অতি শক্তিশালী দেৱতা, প্ৰায়ে ৰাৰ সৈতে সংযুক্ত হৈ আমুন-ৰা দেৱতা গঠন কৰা হৈছিল। মিচৰৰ ইতিহাসৰ এটা সময়ত তেওঁক "দেৱতাসকলৰ ৰজা" বুলি জনা গৈছিল।