অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ফলেন এষ্ট্ৰ'নট

ফলেন এষ্ট্ৰ'নট (Fallen Astronaut), ৮.৫ চে.মি. (৩ ইঞ্চিতকৈ সামান্য ডাঙৰ) এলুমিনিয়ামেৰে নিৰ্মিত এক ভাস্কৰ্য। ভাস্কৰ্যটোত মহাকাশ-যাত্ৰাৰ পোছাক পিন্ধা অৱস্থাত মহাকাশচাৰী এগৰাকী দেখুওৱা হৈছে। মহাকাশ যাত্ৰাৰ অগ্ৰগতিৰ সময়ত জীৱন হেৰুওৱা মহাকাশচাৰীসকলৰ স্মৃতিত এই ভাস্কৰ্য নিৰ্মাণ কৰা হৈছিল।

হালনাগাদ: ২৭ মে’ ২০২৪ ৮৫৪ শব্দ · ৫ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ফলেন এষ্ট্ৰ'নট (Fallen Astronaut), ৮.৫ চে.মি. (৩ ইঞ্চিতকৈ সামান্য ডাঙৰ) এলুমিনিয়ামেৰে নিৰ্মিত এক ভাস্কৰ্য। ভাস্কৰ্যটোত মহাকাশ-যাত্ৰাৰ পোছাক পিন্ধা অৱস্থাত মহাকাশচাৰী এগৰাকী দেখুওৱা হৈছে। মহাকাশ যাত্ৰাৰ অগ্ৰগতিৰ সময়ত জীৱন হেৰুওৱা মহাকাশচাৰীসকলৰ স্মৃতিত এই ভাস্কৰ্য নিৰ্মাণ কৰা হৈছিল। ইয়াক চন্দ্ৰপৃষ্ঠৰ মনছ হেড্‌লি বা হেড্‌লি ৰিলে নামৰ ঠাইত ৰখা হৈছে। এপ'লো-১৫-ৰ মহাকাশচাৰীসকলে এই ভাস্কৰ্য ১ আগষ্ট ১৯৭১-ত ইয়াক চন্দ্ৰপৃষ্ঠত স্থাপন কৰে।

ইতিহাস

বেলজিয়ামৰ ভাস্কৰ পল ভেন হুইডংক-য়ে মহাকাশচাৰী ডেভিড স্কট-ক এক নৈশভোজত লগ পোৱাৰ পাছত এই ভাস্কৰ্য নিৰ্মাণৰ পৰিকল্পনা কৰে। অৱশ্যে দুয়োজনে পিছত দিয়া বিৱৰণত কিছু অমিল পোৱা যায়। স্কটৰ মুখ্য উদ্দেশ্য আছিল মহাকাশ যাত্ৰাৰ নামত প্ৰাণ উছৰ্গা কৰা মহাকাশচাৰীসকলৰ স্মৃতি এই ভাস্কৰ্যৰ জৰিয়তে যুগমীয়া কৰি ৰখা। এই ভাস্কৰ্যৰ লগত সংলগ্ন স্মাৰক ফলিখন স্কটে নিজাববীয়াকৈ আৰ্হি নিৰ্মাণ আৰু প্ৰস্তুত কৰে। ভাস্কৰ পল ভেন হুইডংক-ক এই ভাস্কৰ্য নিৰ্মাণৰ সময়ত কেইটামান বাধ্য-বাধকতা মানি চলিবলৈ কোৱা হৈছিল। ভাস্কৰ্যটো হ'বলগীবা সৰু আৰু কম ওজনৰ অথচ মজবুত যাতে চন্দ্ৰপৃষ্ঠৰ প্ৰচণ্ড শীত-তাপ ই সহিব পাৰে, ইয়াক দেখিলে পুৰুষ নে স্ত্ৰী ধৰিব নোৱৰা হ'ব লাগিব, বা কোনো বিশেষ জনগোষ্ঠীৰ ছাপ থাকিব নোৱাৰিব। স্কটৰ মতে মহাকাশ যাতে বজাৰৰ পণ্য হৈ নুঠে তাৰ বাবে হুইডংকৰ নাম ৰাজহুৱা কৰা নহ'ব। অৱশ্যে এই কথা হুইডংকে সম্পূৰ্ণৰূপে মানি লোৱা নাছিল।১

ভেন হুইডংকে বেলজিয়ামৰ কাকত 'লা ছয়ৰ'-ক দিয়া সাক্ষাৎকাৰত কয় যে ভাস্কৰ্যটো মহাকাশচাৰী হ'ব লাগিব বুলি ভবা হোৱা নাছিল, বৰং ই সমগ্ৰ মানৱ-জাতিকে প্ৰতিফলিত কৰাটোহে বিচৰা হৈছিল। তেখেতে উল্লেখ কৰা মতে, তেওঁ নাজানিছিল যে ভাস্কৰ্যটো মৃত্যু হোৱা মহাকাশচাৰীৰ প্ৰতিভূ হ'ব। আনকি দিয়া নামটোও তেখেতৰ পছন্দ হোৱা নাছিল। তেখেতে ভাস্কৰ্যটো থিয়কৈ ৰখাতো বিচাৰিছিল।১২ দুয়োজনৰে বিৱৰণী ষ্টেট আলোচনীত ২০১৩ চনত একেলগে প্ৰকাশ হৈছিল।১

স্মাৰক

১৯৭১ চনৰ ১ আগষ্ট তাৰিখে৩ Fallen Astronaut শীৰ্ষক ভাস্কৰ্যটো চন্দ্ৰপৃষ্টত স্থাপন কৰে এপ'লো-১৫ মহাকাশ অভিযানৰ কৰ্মীসকলৰে। ইয়াৰ কাষতে আঠগৰাকী আমেৰিকান আৰু ছয় গৰাকী ৰাছিয়ান মহাকাশচাৰীৰ নাম খোদিত এক স্মাৰক ফলি ৰখা হয়। কেউজন মহাকাশচাৰীৰে মৃত্যু হৈছিল। স্মাৰক ফলিত নাম থকা মহাকাশচাৰীসকল হ'ল:

  • থিঅ'দৰ ফ্ৰীমেন (Theodore Freeman) (অক্টোবৰ ৩১, ১৯৬৪ বিমান দুৰ্ঘটনা)
  • চাৰ্লছ বেছেট (Charles Bassett) (ফেব্ৰুৱাৰী ২৮, ১৯৬৬ বিমান দুৰ্ঘটনা)
  • এলিয়ট ছী (Elliot See) (ফেব্ৰুৱাৰী ২৮, ১৯৬৬ বিমান দুৰ্ঘটনা)
  • গাছ গ্ৰিছম (Gus Grissom) (জানুৱাৰী ২৭, ১৯৬৭ এপ'ল'-১ ৰ জুই)
  • ৰজাৰ বি চেফে (Roger B. Chaffee) (জানুৱাৰী ২৭, ১৯৬৭ এপ'ল'-১ ৰ জুই)
  • এডাৱৰ্ড হিগিন্‌ছ হোৱাইট (Edward White) (জানুৱাৰী ২৭, ১৯৬৭ এপ'ল'-১ ৰ জুই)
  • ভ্লাডিমিত ক'মাৰভ (Vladimir Komarov) (এপ্ৰিল ২৪, ১৯৬৭ ছয়ুজ ১ পুনৰ প্ৰৱেশৰ সময়ত পেৰাছুটৰ অসফলতা (re-entry parachute failure))
  • এডৱাৰ্ড গিভেন্স (Edward Givens) (জুন ৬, ১৯৬৭ মটৰ দুৰ্ঘটনা)
  • ক্লিফটন উইলিয়ামছ (Clifton Williams) (অক্টোবৰ ৫, ১৯৬৭ বিমান দুৰ্ঘটনা)
  • য়ুৰি গেগেৰিন (Yuri Gagarin) (মাৰ্চ ২৭, ১৯৬৮ বিমান দুৰ্ঘটনা)
  • পাভেল বেলয়ায়েভ (Pavel Belyayev) (জানুৱাৰী ১০, ১৯৭০ৰোগ)
  • জৰ্জি ড'ব্ৰ'ভলস্কি (Georgy Dobrovolsky) (জুন ৩০, ১৯৭১ ছয়ুজ-১১ পুনৰ-প্ৰৱেশ চাপনিৰ্মাণ অসফলতা (Soyuz 11 re-entry pressurization failure))
  • ভিক্টৰ পেটছায়েভ (Viktor Patsayev) (জুন ৩০, ১৯৭১ ছয়ুজ-১১ পুনৰ-প্ৰৱেশ চাপনিৰ্মাণ অসফলতা (Soyuz 11 re-entry pressurization failure))
  • ভ্লাডিশ্লাভ ভলকভ (Vladislav Volkov) (জুন ৩০, ১৯৭১ ছয়ুজ-১১ পুনৰ-প্ৰৱেশ চাপনিৰ্মাণ অসফলতা (Soyuz 11 re-entry pressurization failure))

এপ'ল'-১৫ অভিযানৰ নায়ক স্কটে কৈছিল দুগৰাকী ব্যক্তি ক্ৰমে ভেলেণ্টিন ব'ন্দাৰেনকো আৰু গ্ৰিগ'ৰি নেলুবভ-ৰ নাম উল্লেখ কৰিবলৈ ৰৈ গ'ল, কাৰণ ৰাছিয়াই নিজৰ মহাকাশ অভিযানৰ ক্ষেত্ৰত অৱলম্বৱনৰ কৰা গোপনীয়তাৰ বাবে তেওঁলোকৰ মৃত্যুৰ কথা জানিব পৰা হোৱা নাছিল।

দুগৰাকী আমেৰিকাৰ বায়ু-সেনা বিভাগৰ নভোচৰ-ৰ নামো উক্ত স্মাৰকত উল্লেখ কৰা হোৱা নাই। মাইকেল জে. এডাম্‌ছ আৰু ৰবাৰ্ট হেন্‌ৰি লৰৱন্স, দুয়োৰে মৃত্যু হৈছিল ১৯৬৭ চনত। দুয়োৰে নাম Space Mirror Memorial-ত উল্লেখ কৰা হৈছে।

পাছৰ-ঘটনা

জেন ষ্টলমেন্‌ছৰদ্বাৰা ''পল ভেন হুইডংক-লৈ লিখা চিঠি, তলত হুইডংকে দিয়া উত্তৰ হাতে-লিখা আখৰত
জেন ষ্টলমেন্‌ছৰদ্বাৰা ''পল ভেন হুইডংক-লৈ লিখা চিঠি, তলত হুইডংকে দিয়া উত্তৰ হাতে-লিখা আখৰতছবি: Jan Stalmans and Paul Van Hoeydonck · Public domain

মহাকাশ অভিযানৰ পাছত দিয়া প্ৰেছ-সন্মিলনত এই ভাস্কৰ্য স্থাপন কৰাৰ কথা মহাকাশচাৰীসকলে ব্যক্ত কৰে। 'নেশ্যনেল এয়াৰ আৰু স্পেছ মিউজিয়াম'-য়ে এই ভাস্কৰ্যৰ ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে এক প্ৰতিলিপি নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰে। মহাকাশচাৰীৰ দলটোৱে সন্মতি প্ৰদান কৰে যদিও চৰ্ত ৰাখে যে উক্ত ভাস্কৰ্য 'প্ৰচাৰৰপৰা দূৰৈত আৰু সন্মান সহকাৰে'হে প্ৰদৰ্শন কৰিব লাগিব। ১৯৭২ চনৰ এপ্ৰিল মাহৰ ১৭ তাৰিখে উক্ত ভাস্কৰ্যৰ নকল স্মিথছনিয়ান ইনষ্টিটিউট-লৈ প্ৰদান কৰা হয়। ইয়াৰ আগদিনা চিবিএছ টেলিভিছনৰ পৰিৱেশক ৱাল্তাৰ ক্ৰংকাইটে উক্ত ভাস্কৰ্যৰ কথা ৰাজহুৱা কৰে আৰু এপ'ল-১৬ অভিযানৰ আগে আগে প্ৰদৰ্শিত এই অনুষ্ঠানত ইয়াত চন্দ্ৰপৃষ্ঠত স্থাপিত প্ৰথমটো কলা-নিদৰ্শন বুলি অভিহিত কৰে।৪ বৰ্তমান 'নেশ্যনেল মল' মিউজিয়ামত 'মহাকাশ দৌৰ অংশ, গেলেৰী ১১৪'-ত এই ভাস্কৰ্যৰ প্ৰতিলিপি ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে ৰখা হৈছে।

১৯৭২ চনৰ মে মাহত ডেভিদ স্কটে জানিব পাৰে যে ভেন হুউডংকে এই ভাস্কৰ্যৰ প্ৰতিলিপি নিৰ্মাণ কৰি বিক্ৰী কৰিবলৈ মনস্থ কৰিছে। এনে কৰিলে ভাস্কৰ্যটোৰ মূল উদ্দেশ্য বিনস্ত হ'ব বুলি তেওঁ আশংকা কৰিছিল আৰু হুইডংকক তেনে নকৰিবলৈ আহ্বান জনাইছিল। 'Art in America' আলোচনীত এটা সম্পূৰ্ণ পৃষ্ঠা জোৰা বিজ্ঞাপন প্ৰকাশ কৰি ভেন হুইডংকে ভাস্কৰ্যটোৰ প্ৰতিলিপি বিক্ৰীৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল।৫৬৭

বিক্ৰী কাৰ্যত নাছাৰ তৰফৰপৰাও আপত্তি অহাত হুইডংকে বিক্ৰীৰ অনুমতি ৰদ কৰে আৰু এটাও প্ৰতিলিপি বিক্ৰী কৰা নহ'ল।৮

২০০৭ চনত লিখিত এখন পত্ৰত ভেন হুইডংকে প্ৰকাশ কৰা মতে ৫০টা প্ৰতিলিপি নিৰ্মাণ কৰা হৈছিল যদিও তাৰে প্ৰায় সকলোবোৰেই তেখেতৰ হাততে আছে। মাত্ৰ এটা প্ৰতিলিপি বিক্ৰী হৈছিল যদিও সেইটোৰ বাবেও তেওঁ কোনো পইচা লাভ কৰা নাছিল। বিক্ৰীৰ বাবে বহু অনুৰোধ অহাৰ পাছতো তেখেতে এটা প্ৰতিলিপিও বিক্ৰি কৰা নাছিল।৯

আৰু চাওক

  • চন্দ্ৰপৃষ্ঠত মানৱ নিৰ্মিত বস্তুৰ তালিকা
  • মহাকাশ দুৰ্ঘটনাৰ তালিকা

তথ্য-উৎস

বৰ্হি-লিংক

তথ্যসূত্ৰ

  1. ↑ Powell Shapiro 2013
  2. ↑ Le Soir 17 July 2009, পৃ. 19
  3. ↑ (1971-08-01). images.jsc.nasa.gov. images.jsc.nasa.gov
  4. ↑ Smithsonian Collection Database – Object: A19860035000
  5. ↑ Associated Press. (21 July 1972). Commercialism Taints Another Apollo Memento. Modesto Bee. পৃ. page 7
  6. ↑ Check-Six.com – 'Fallen Astronaut' – includes copy of July 1972 "Art in America" ad
  7. ↑ Wieck, Paul. (25 July 1972). Anderson Will Probe Unauthorized Sales. Albuquerque Journal. পৃ. page 16
  8. ↑ Van den Bussche 1980, পৃ. 16-17
  9. ↑ পল ভেন হুইডংকৰ দ্বাৰা লিখিত চিঠি, য'ত তেওঁ প্ৰতিলিপি বিক্ৰীৰ বিষয়ে উল্লেখ কৰিছে।

সম্পৰ্কিত শ্ৰেণী

ভাস্কৰ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফলেন এষ্ট্ৰ'নট” প্ৰবন্ধৰ সংশোধন ৪২১৭৪৫ (২৭ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।