অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ছেক্স ষ্ট্ৰাইক

ছেক্স ষ্ট্ৰাইক বা ছেক্স বয়কট (Sex strike বা Sex boycott) হৈছে এক প্ৰকাৰৰ ধৰ্মঘট, ই এক অহিংস প্ৰতিৰোধৰ পদ্ধতি য'ত এজন বা একাধিক ব্যক্তিয়ে (সাধাৰণতে মহিলা) কিছুমান লক্ষ্য প্ৰাপ্তিৰ উদ্দেশ্যে তেওঁলোকৰ সঙ্গীৰ সৈতে যৌন সম্ভোগৰ পৰা সাময়িক ভাৱে বিৰত থাকে।

হালনাগাদ: ১৯ জুন ২০২৫ ৮৬০ শব্দ · ৫ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ছেক্স ষ্ট্ৰাইক বা ছেক্স বয়কট (Sex strike বা Sex boycott) হৈছে এক প্ৰকাৰৰ ধৰ্মঘট, ই এক অহিংস প্ৰতিৰোধৰ পদ্ধতি য'ত এজন বা একাধিক ব্যক্তিয়ে (সাধাৰণতে মহিলা) কিছুমান লক্ষ্য প্ৰাপ্তিৰ উদ্দেশ্যে তেওঁলোকৰ সঙ্গীৰ সৈতে যৌন সম্ভোগৰ পৰা সাময়িক ভাৱে বিৰত থাকে। ই এক প্ৰকাৰৰ অস্থায়ী যৌন সম্ভোগৰ পৰিহাৰ প্ৰক্ৰিয়া। যুদ্ধৰ পৰা আৰম্ভ কৰি দলবদ্ধ হিংসালৈকে বহুতো বিষয়ৰ প্ৰতিবাদ স্বৰূপে এই ধৰ্মঘটৰ প্ৰচলন হৈ আহিছে।

ইতিহাস

পৌৰাণিক গ্ৰীচ

ছেক্স ষ্ট্ৰাইকৰ আটাইতকৈ বিখ্যাত উদাহৰণ হৈছে গ্ৰীক নাট্যকাৰ এৰিষ্টোফেনছৰ লিচিষ্ট্ৰাটা নামৰ এক যুদ্ধ বিৰোধী কৌতুক নাট।১ নাটকখনৰ কাহিনী অনুসৰি নামী লিচিষ্ট্ৰাটাৰ নেতৃত্বত নাটকখনৰ মহিলা চৰিত্ৰসমূহে শান্তি সুৰক্ষাৰ বাবে পেলোপনেচিয়ান যুদ্ধৰ সমাপ্তিৰ কৌশলৰ অংশ হিচাপে তেওঁলোকৰ স্বামীৰ সৈতে যৌন সম্পৰ্ক বন্ধ কৰিছিল।

নাইজেৰিয়া

নাইজেৰিয়াৰ ইগবো লোকসকলৰ মাজত, প্ৰাক-ঔপনিৱেশিক সময়ত, মহিলা সম্প্ৰদায়ে সময়ে সময়ে নিজকে এক পৰিষদ হিচাপে, এক প্ৰকাৰৰ মহিলা ট্ৰেড ইউনিয়ন গঠন কৰিছিল। ইয়াৰ নেতৃত্ব দিছিল আগবা একৱে নামৰ ইদেমিলি দেৱী এগৰাকীয়ে। তেওঁ তেওঁৰ কৰ্তৃত্বৰ মহিলা সকলক লগত লৈ ৰাজহুৱা সমাৱেশ আৰু সভাত কিছুমান ঘোষণা কৰিছিল। তেওঁলোকৰ কামবোৰৰ ভিতৰত প্ৰধান আছিল পুৰুষৰ ভাল আচৰণ নিশ্চিত কৰা, মহিলাক নিৰ্যাতন বা উৎপীড়নৰ চেষ্টা কৰা পুৰুষক শাস্তি দিয়া। ইগবো নৃতত্ত্ববিদ ইফি আমাদিয়ামৰ মতে: "পৰিষদে পুৰুষসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰা আটাইতকৈ শক্তিশালী অস্ত্ৰ আছিল সকলো মহিলাৰ দ্বাৰা গণ ধৰ্মঘট। যেতিয়া ধৰ্মঘট আৰম্ভ কৰিছিল, মহিলাসকলে তেওঁলোকৰ প্ৰত্যাশিত কৰ্তব্য আৰু ভূমিকা আদি পালন কৰিবলৈ অস্বীকাৰ কৰিছিল, এই কৰ্তব্যৰ ভিতৰত আছিল সকলো ঘৰুৱা, যৌন আৰু মাতৃ সেৱা। তেওঁলোকে একেলগে নিজ চহৰ এৰি আন স্থানলৈ গুচি গৈছিল। লগত কেৱল স্তন্যপান কৰি থকা কেঁচুৱাবোৰহে লৈছিল। উগ্ৰ প্ৰতিবাদী হিচাপে আনকি তেওঁলোকে লগ পোৱা যিকোনো লোকক আক্ৰমণ কৰে বুলি জনা গৈছিল। "২

বিশ্বৰ ইতিহাস

চিকাৰী-সংগ্ৰাহক আৰু সমগ্ৰ বিশ্বৰ অন্যান্য প্ৰাক-ঔপনিৱেশিক পৰম্পৰাত মহিলাৰ ধৰ্মঘট কাৰ্যৰ একে ধৰণৰ উদাহৰণ দাঙি ধৰি, কিছুমান নৃতত্ত্ববিদে যুক্তি দিয়ে যে এই ধৰণৰ একতাৰ বাবেই এই বিষয়টো প্ৰশংসনীয়। বিশেষকৈ ধৰ্ষণৰ সম্ভাৱনাৰ প্ৰতি সামূহিক প্ৰতিৰোধযে প্ৰথমতে আমাৰ প্ৰজাতিবোৰৰ মাজত উদ্ভৱ হৈছিল। এই বিতৰ্কিত ধাৰণাটোক মানৱ উৎপত্তিৰ তত্ত্ব হিচাপে "মহিলা প্ৰসাধনী মিত্ৰজোঁট", "লিচিষ্ট্ৰাটা",৩ বা "ছেক্স ষ্ট্ৰাইক"৪৫৬৭ বুলি কোৱা হয়।

আধুনিক প্ৰেক্ষাপট

কলম্বিয়া

১৯৯৭ চনৰ অক্টোবৰ মাহত কলম্বিয়াৰ সামৰিক বাহিনীৰ মুৰব্বী জেনেৰেল মেনুৱেল বনেটে কলম্বিয়াৰ বাওঁপন্থী গেৰিলা, ড্ৰাগ সৰবৰাহকাৰী আৰু পেৰামিলিটাৰীসকলৰ পত্নী আৰু প্ৰেমিকাসকলৰ মাজত যুদ্ধবিৰতি প্ৰাপ্ত কৰাৰ বাবে কূটনীতিৰ এটা অংশ হিচাপে ছেক্স ষ্ট্ৰাইকৰ আহ্বান জনায়। লগতে বোগোটাৰ মেয়ৰ এণ্টানাছ মকুছে ৰাজধানীখনক এনিশাৰ বাবে একমাত্ৰ মহিলা ক্ষেত্ৰ হিচাপে ঘোষণা কৰে আৰু পুৰুষসকলক হিংসাৰ বিষয়ে চিন্তা কৰিবলৈ ঘৰত থাকিবলৈ পৰামৰ্শ দিয়ে। গেৰিলাসকলে এই পদক্ষেপবোৰক উপহাস কৰি এই কথাটো আঙুলিয়াই দিছিল যে তেওঁলোকৰ সেনাবাহিনীত ২,০০০ তকৈও অধিক মহিলা আছে। অৱশেষত যুদ্ধবিৰতি প্ৰাপ্ত কৰা হৈছিল যদিও ই মাত্ৰ অলপ সময়ৰ বাবেহে বৰ্তি আছিল।

২০০৬ চনৰ ছেপ্টেম্বৰ মাহত কলম্বিয়াৰ পেৰেৰাৰ পৰা বহুসংখ্যক পত্নী আৰু প্ৰেমিকাই কফি অঞ্চলত দলবদ্ধ হিংসাৰ ফলত ৪৮০জন লোকৰ মৃত্যুৰ ঘটনাৰ প্ৰতিক্ৰিয়াস্বৰূপে দলবদ্ধ হিংসাক নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে লা হুয়েলগা দে লাছ পিয়েৰনাছ ক্ৰুজদাছ ("অথালি-পথালি ভৰিৰ ধৰ্মঘট") নামৰ ছেক্স ষ্ট্ৰাইক আৰম্ভ কৰে। প্ৰবক্তা জেনিফাৰ বেয়াৰৰ মতে এই ধৰ্মঘটৰ নিৰ্দিষ্ট লক্ষ্য আছিল দলৰ সদস্যসকলক আইন অনুসৰণ কৰি তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ পৰিত্যাগ কৰিবলৈ বাধ্য কৰা। তেওঁলোকৰ মতে দলটোৰ বহুতো সদস্য 'ষ্টেটাছ' আৰু যৌন আকৰ্ষণৰ বাবে হিংসাত্মক অপৰাধত জড়িত হৈছিল, আৰু ধৰ্মঘটটোৱে এই বাৰ্তা প্ৰেৰণ কৰিছিল যে বন্দুকবোৰ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰাটো আবেদনময় নহয়।৮ ২০১০ চনত চহৰখনৰ হত্যাৰ হাৰ কলম্বিয়াৰ ভিতৰতে আটাইতকৈ বেছি অৰ্থাৎ ২৬.৫% হ্ৰাস পাইছিল।৯ ২০১১ চনৰ জুন মাহত দক্ষিণ-পশ্চিম কলম্বিয়াৰ বাৰবাকোৱাচ চহৰত তথাকথিত ক্ৰছড লেগছ আন্দোলনত মহিলাসকলে বাৰবাকোৱাচ আৰু ইয়াৰ চুবুৰীয়া চহৰ আৰু চহৰসমূহক সংযোগ কৰা পথটো মেৰামতি কৰিবলৈ চৰকাৰক হেঁচা দিবলৈ ছেক্স ষ্ট্ৰাইক আৰম্ভ কৰে।১০ তেওঁলোকে ঘোষণা কৰে যে যদি চহৰখনৰ পুৰুষসকলে ইয়াৰ ব্যৱস্থা গ্ৰহণৰ দাবী নকৰে, তেন্তে তেওঁলোকে পুৰুষসকলৰ সৈতে যৌন সম্ভোগ কৰিবলৈ অস্বীকাৰ কৰিব। আৰম্ভণিতে বাৰবাকোৱাচৰ লোকসকলে এই আন্দোলনৰ সমৰ্থন কৰা নাছিল যদিও অচিৰেই প্ৰতিবাদী কাৰ্যসূচীটোত যোগদান কৰিছিল।১১ ২০১১ চনৰ অক্টোবৰত ১১২ দিনৰ ধৰ্মঘটৰ পিছত কলম্বিয়া চৰকাৰে পথ মেৰামতিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্মাণ কাৰ্য আৰম্ভ হয়।১২

কেনিয়া

২০০৯ চনৰ এপ্ৰিল মাহত কেনিয়াৰ মহিলাৰ এটা দলে ৰাজনীতিবিদসকলক লক্ষ্য কৰি এক সপ্তাহজোৰা ছেক্স ষ্ট্ৰাইকৰ আয়োজন কৰিছিল, তেওঁলোকে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পত্নীসকলকো যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। ইয়াৰোপৰি তেওঁলোকৰ এই প্ৰতিবাদত অংশগ্ৰহণৰ বাবে পতিতাসকলক তেওঁলোকৰ উপাৰ্জনৰ ধন পৰিশোধৰ প্ৰস্তৱেৰে আহ্বান জনাইছিল।১৩

লাইবেৰিয়া

প্ৰদান কৰা হৈছিল।]]

২০০৩ চনত লেমাহ গ্বোৱে আৰু 'ৱমেন অৱ লাইবেৰিয়া মাচ একচন ফৰ পিচ'ৰ দ্বাৰা অহিংসা প্ৰতিবাদৰ আয়োজন কৰা হৈছিল, য'ত ছেক্স ষ্ট্ৰাইক অন্তৰ্ভুক্ত আছিল। ১৪ বছৰীয়া গৃহযুদ্ধ আৰু দেশৰ প্ৰথম মহিলা ৰাষ্ট্ৰপ্ৰধান এলেন জনছন ছাৰলিফৰ নিৰ্বাচনৰ পিছত তেওঁলোকৰ কাৰ্যকলাপৰ ফলত লাইবেৰিয়াত শান্তি স্থাপন হয়।১৪ মহিলাৰ সুৰক্ষাৰ বাবে আৰু শান্তি নিৰ্মাণৰ কামত সম্পূৰ্ণ অংশগ্ৰহণৰ তথা মহিলাৰ অধিকাৰৰ বাবে কৰা অহিংস সংগ্ৰামৰ বাবে লেমাহ গ্বোৱেক ২০১১ চনৰ শান্তি ন'বেল বঁটা প্ৰদান কৰা হৈছিল।১৫১৬

নেপল, ইটালী

২০০৮ চনত নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত, শ শ নিয়াপোলিটান মহিলাই তেওঁলোকৰ স্বামী আৰু প্ৰেমিকসকলে যদি নৱবৰ্ষৰ নামত আতচবাজীৰ গুৰুতৰ আঘাত প্ৰতিহত কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তেওঁলোকক "চোফাত শুবলৈ" নিৰ্দেশ দি প্ৰতিবাদ কৰিছিল।১৭

ফিলিপাইন

২০১১ চনৰ গ্ৰীষ্মকালত, গ্ৰাম্য মিন্দানাওৰ মহিলাসকলে তেওঁলোকৰ দুখন গাঁৱৰ মাজৰ কাজিয়া সমাপ্ত কৰাৰ প্ৰচেষ্টাত কেইবা সপ্তাহধৰি যৌন ধৰ্মঘট জাৰি কৰিছিল।১৮১৯

দক্ষিণ চুদান

২০১৪ চনৰ অক্টোবৰ মাহত দক্ষিণ চুদানৰ এগৰাকী ৰাজনীতিবিদ প্ৰিচিলা নানিয়াঙে জুবাত মহিলা শান্তি কৰ্মীসকলৰ এখন সভাত "শান্তি, আৰোগ্য আৰু মীমাংসাৰ কাৰণক আগুৱাই নিয়াৰ বাবে" সমন্বয়কৰ ভূমিকা পালন কৰিছিল। উপস্থিত সকলে এক বিবৃতি জাৰি কৰিছিল য'ত দক্ষিণ চুদানলৈ "শান্তি ঘূৰি অহাটো নিশ্চিত নকৰালৈকে তেওঁলোকৰ স্বামীৰ দাম্পত্য অধিকাৰ অস্বীকাৰ কৰিবলৈ" মহিলাসকলক আহ্বান জনোৱা হৈছিল।২০

টোগো

২০১২ চনত লাইবেৰিয়ান ছেক্স ষ্ট্ৰাইকৰ দ্বাৰা অনুপ্ৰাণিত হৈ টোগলীজ বিৰোধী মিত্ৰজোঁট "লেটচ ছেভ টোগো"ৱে মহিলাসকলক ৰাষ্ট্ৰপতি ফৌৰে গ্নাচিংবেৰ (যাৰ পৰিয়াল ৪৫ বছৰৰো অধিক সময় ধৰি শাসনত আছিল) বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে এসপ্তাহৰ বাবে যৌনতাৰ পৰা বিৰত থাকিবলৈ কৈছিল। এই ধৰ্মঘটৰ উদ্দেশ্য আছিল "ৰাজনৈতিক আন্দোলনত জড়িত নোহোৱা পুৰুষসকলক ইয়াৰ লক্ষ্য অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰা। "২১ বিৰোধী নেতা ইছাবেল আমাগানভিয়ে ইয়াক ৰাজনৈতিক পৰিৱৰ্তন অনাৰ বাবে এক সম্ভাৱ্য "যুদ্ধাস্ত্ৰ" হিচাপে বিবেচনা কৰে।২২

তথ্যসূত্ৰ

  1. ↑ Lucy Burns, sex-strikes through the ages.
  2. ↑ Amadiume, I. 1987. Male Daughters, Female Husbands. Gender and sex in an African society. London and New Jersey: Zed Books, pp. 66-67
  3. ↑ Camilla Power, 1990. Lysistrata, the ritual logic of the sex strike. University of East London (Anthropology) Occasional Papers
  4. ↑ Knight, C. 1991. "The Sex Strike". In Blood Relations. Menstruation and the origins of culture. New Haven and London: Yale University Press, pp. 122-153
  5. ↑ Power, C. and I. Watts 1996. Female strategies and collective behaviour: the archaeology of earliest Homo sapiens sapiens. In J. Steele and S. Shennan (eds), The Archaeology of Human Ancestry. London and New York: Routledge, pp. 306-330
  6. ↑ Power, C. and L. C. Aiello 1997. "Female Proto-symbolic Strategies". In L. D. Hager (ed.), Women in Human Evolution. New York and London: Routledge, pp. 153-171
  7. ↑ Power, C. 1999. "Beauty magic: the origins of art". In R. Dunbar, C. Knight and C. Power (eds), The Evolution of Culture. Edinburgh: Edinburgh University Press, pp. 92-112
  8. ↑ (2006-09-13). Colombian gangsters face sex ban. BBC News
  9. ↑ (2011-02-09). Do sex strikes ever work?. The Guardian
  10. ↑ Colombian women use sex strike to pressure government to repair road (Huelga de piernas cruzadas), 2011. Global Nonviolent Action Database. Swarthmore College
  11. ↑ Montes, Euclides. The "Crossed Legs" Movement: How a Sex Strike Got Things Done. AlterNet
  12. ↑ Otis, John. (November 5, 2013). Colombian women on 'crossed legs' sex strike over crumbling highway. NBC News
  13. ↑ (29 April 2009). Kenyan women hit men with sex ban. BBC News
  14. ↑ Bill Moyers Journal, PBS. June 19, 2009
  15. ↑ (2011-10-07). The Nobel Peace Prize 2011 – Press Release. Nobelprize.org
  16. ↑ "Kevin Conley, "The Rabble Rousers" in O, the Oprah Magazine, Dec. 2008, posted at www.oprah.com/omagazine/Leymah-Gbowee-and-Abigail-Disney-Shoot-for-Peace-in-Liberia/2#ixzz1bTSs28cd. Retrieved 21 October 2011
  17. ↑ Naples sex strike over fireworks, BBC News, Wednesday 31 Dec 2008
  18. ↑ "Philippines: Sex Strike Brings Peace", UNHCR
  19. ↑ Karen Smith, "Sex strike brings peace to Filipino village" . CNN. September 19, 2011
  20. ↑ (2014-10-23). South Sudan women propose sex ban until peace restored – Sudan Tribune: Plural news and views on Sudan. Sudan Tribune: Plural news and views on Sudan
  21. ↑ "Togo women call sex strike against President Gnassingbe ", BBC, 27 August 2012. Retrieved 27 August 2012
  22. ↑ Stanglin, Douglas. (27 August 2012). Togo Women Call Sex Strike to Force President's Resignation. USA Today

সম্পৰ্কিত শ্ৰেণী

মানৱ অধিকাৰমানৱ যৌনতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেক্স ষ্ট্ৰাইক” প্ৰবন্ধৰ সংশোধন ৫১৯১৩৬ (১৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।