অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পাল্‌ছ মৰ্টন

আনুষ্ঠানিকভাৱে পাছ পাছ পাল্‌ছ নামেৰে জনাজাত পাল্‌ছ মৰ্টন (Pulse Candy) হৈছে নয়ডাস্থিত ডি এছ গ্ৰুপে নিৰ্মাণ কৰা আৰু ইয়াৰ বহুজাতিক ব্ৰেণ্ড ‘পাছ পাছ’ৰ অধীনত বজাৰত বিক্ৰী কৰা এবিধ কঠিন মৰ্টন।

হালনাগাদ: ২৪ ডিচেম্বৰ ২০২৩ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আনুষ্ঠানিকভাৱে পাছ পাছ পাল্‌ছ নামেৰে জনাজাত পাল্‌ছ মৰ্টন (Pulse Candy) হৈছে নয়ডাস্থিত ডি এছ গ্ৰুপে নিৰ্মাণ কৰা আৰু ইয়াৰ বহুজাতিক ব্ৰেণ্ড ‘পাছ পাছ’ৰ অধীনত বজাৰত বিক্ৰী কৰা এবিধ কঠিন মৰ্টন। মূলতঃ আটাইতকৈ বেছিকৈ বিক্ৰী হোৱা ‘কাচ্চা আম’ (কেঁচা আম) সোৱাদৰে মুকলি কৰা এই কঠিনভাৱে তৈয়াৰী মিঠাইৰ কেন্দ্ৰীয় অংশত মূলত টেঙা সোৱাদৰ উপৰি নিমখ আৰু মছলা (আমচূৰৰ দৰেই) ভৰোৱা থাকে। কেঁচা আম, মধুৰি-আম, কমলা, আনাৰস আৰু লিচুৰ সোৱাদতো পাল্‌ছ পোৱা যায়। ভাৰতত পাল্‌ছ প্ৰতি ৪গ্ৰাম মিঠাইত ১ টকা দৰত বিক্ৰী কৰা হয়।১

ইতিহাস

২০১৩ চনত পাল্‌ছৰ ধাৰণা কৰা হৈছিল আৰু প্ৰডাক্ট ডেভেলপমেণ্টৰ বাবে নিবেদিত এটা অভ্যন্তৰীণ দলে ইয়াৰ ওপৰত দুবছৰ কাম কৰিছিল।২ অৱশেষত ২০১৫ চনৰ মাজভাগত কচ্ছা আম (কেঁচা আম) সোৱাদত এই সামগ্ৰী মুকলি কৰা হয়।৩ "লেথৰিং"ক ইয়াৰ মূল উপাদান হিচাপে লৈ ২০১৬ চনৰ ডিচেম্বৰ মাহত সমগ্ৰ ভাৰততে মধুৰি-আম আৰু কমলাৰ সোৱাদত পাল্‌ছ মুকলি কৰা হৈছিল। পাল্‌ছৰ প্ৰস্তুতি ইয়াৰ নিৰ্মাতা (ডি এছ গ্ৰুপ)ৰ দ্বাৰা পেটেণ্ট কৰা হৈছে।৪

বিক্ৰী

আৰম্ভণিৰ ৮ মাহত পাল্‌ছৰ মুঠ বিক্ৰী ১০০ কোটি ভাৰতীয় মুদ্ৰা, যিটো কোকা-কোলা জিৰ'ৰ বিক্ৰীৰ সমতুল্য।৫ ২০১৬ চনত ডি এছ গ্ৰুপে প্ৰতিমাহে ৩০০-৪০০ টন পাল্‌ছ উৎপাদন কৰিছিল। ২০১৭ চনৰ মাৰ্চ মাহত পাল্‌ছৰ সামগ্ৰিক বিক্ৰীৰ পৰিমাণ আছিল ৩০০ কোটি ভাৰতীয় মুদ্ৰা, যিয়ে অৰিঅ’ আৰু মাৰ্ছ বাৰৰছক পৰাস্ত কৰিবলৈ সক্ষম হয়। ডি এছ গ্ৰুপে আমেৰিকা, ব্ৰিটেইন আৰু ছিংগাপুৰতো ইয়াৰ ষ্ট'ৰ স্থাপন কৰি আছে।৬

তথ্যসূত্ৰ

  1. ↑ DS Group Pulse. DS Group
  2. ↑ Word of mouth sends demand soaring for Pulse candy. Livemint
  3. ↑ Pulse Candy hits whopping 300 crore sale in just 2 years, beats Cadbury and Coke Zero. India Times
  4. ↑ Case Study: How Pulse made it a success and reached Rs 1 crore in just 8 months. DSIM
  5. ↑ DS Group's Pulse candy hits Rs 100 Crore in just 8 months, equals Coke Zero's record. The Economic Times
  6. ↑ Re 1 candy Pulse hits Rs 3000 crore sales in 2 years, MNCs feel the heat. The Economic Times

সম্পৰ্কিত শ্ৰেণী

খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাল্‌ছ মৰ্টন” প্ৰবন্ধৰ সংশোধন ৩৯৮৭৬১ (২৪ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।