পালক পানীৰ (Palak paneer) বা পালক চানা১ এবিধ ভাৰতীয় খাদ্য।২ পিহি মিহি কৰা পালেং শাকৰ পৰা তৈয়াৰী ডাঠ পেষ্টত চানা৩ বা পনীৰেৰে ইয়াক ৰন্ধা হয়, হিন্দী, মাৰাঠী, গুজৰাটী আৰু অন্যান্য ভাৰতীয় ভাষাত পালক বুলি কোৱা হয় যদিও অসমীয়াত পালেং বুলি কোৱা হয়।৪৫৬
এংলো-আমেৰিকাৰ ৰেষ্টুৰেণ্টত কেতিয়াবা পালক চানা আৰু সাগ চেনা(শাক চানা) শব্দ দুটা বিনিময়ত ব্যৱহাৰ কৰা হয়। কিন্তু সাগ চেনা পৰম্পৰাগত পালক চেনাতকৈ পৃথক কাৰণ ইয়াত অন্যান্য সেউজীয়া পাতৰ শাক-পাচলি, যেনে সৰিয়হৰ সেউজীয়া, আনহাতে পালক পনীৰত কেৱল পালেং শাকহে থাকে।৭৮৯ ধাবাৰ ৰেষ্টুৰেণ্টসমূহ প্ৰায়ে পালক চেনাৰ প্ৰস্তুত কৰাত পাৰ্গত।
প্ৰস্তুতি
প্ৰথমে পালেং শাক উতলাই পেষ্ট কৰি পালক পানীৰ প্ৰস্তুত কৰা হয়। তাৰ পিছত পেষ্টখিনি ছ’টেড টমেটো আৰু পিঁয়াজৰ সৈতে মিহলাই লোৱা হয়। তাৰ পিছত পেষ্টত গ্ৰীল কৰা পানীৰৰ টুকুৰা যোগ কৰা হয়। পালক পনীৰ সাধাৰণতে আদা, নহৰু, টমেটো, গৰম মছলা, হালধি, জলকীয়া পাউদাৰ আৰু জিৰাৰ সৈতে মছলাযুক্ত কৰি ৰন্ধা হয়।১০৯১১১২
পৰিৱেশন
পালক পানীৰ গৰমে গৰমে পাৰ্শ্বীয় খাদ্য যেনে ৰুটি, নান, পৰঠা, মক্কি কি ৰোটি, বা সিজোৱা ভাতৰ লগত পৰিৱেশন কৰা হয়। অধিক পৰম্পৰাগত পদ্ধতিৰ বাবে কাষত পিঁয়াজৰ সৈতেও পৰিবেশন কৰিব পাৰি।
শেহতীয়া বছৰবোৰত পালক পনীৰ সংযোজনত ভিন্নতা দেখা গৈছে। ২০২০ চনৰ জুলাই মাহত বাংগালুৰুৰ এগৰাকী ফুড ব্লগাৰে তেওঁৰ পালক পনীৰ ইডলীৰ সেতে পোষ্ট কৰিছিল। এই খাদ্যই টুইটাৰ আৰু ইনষ্টাগ্ৰামত এই দুটা উত্তৰ আৰু দক্ষিণ ভাৰতীয় খাদ্যৰ অস্বাভাৱিক সংমিশ্ৰণৰ বিষয়ে আলোচনাৰ সূচনা কৰে।১৩১৪
তথ্যসূত্ৰ
- ↑ (18 March 2019). छेना कॉर्न पालक (Chena Corn Palak recipe in Hindi) रेसिपी बनाने की विधि in Hindi by Rimjhim Agarwal. Cookpad
- ↑ Pastime, Palatable. PALAK PANEER (INDIAN FRESH SPINACH WITH PANEER CHEESE)
- ↑ Wennakoski-Bielicki, Lakshmi. (2015-07-21). Pure Vegetarian: 108 Indian-Inspired Recipes to Nourish Body and Soul. Shambhala Publications. ISBN 978-1-61180-144-6
- ↑ spinach - Meaning in Hindi - Shabdkosh. www.shabdkosh.com
- ↑ spinach - Meaning in marathi - Shabdkosh. www.shabdkosh.com
- ↑ spinach - Meaning in gujarati - Shabdkosh. www.shabdkosh.com
- ↑ amit, dassana. (2013-05-22). palak paneer recipe, how to make palak paneer · best palak paneer recipe. Veg Recipes of India
- ↑ LeVaux, Ari. (15 May 2020). Summer blend: Mix up some spinach, spices for palak paneer. The Palm Beach Post
- ↑ (2013-05-22). Palak Paneer · Easy Palak Paneer Recipe » Dassana's Veg Recipes. Dassana's Veg Recipes
- ↑ (12 May 2023). Easy, Creamy, Tasty Palak Paneer Recipe Hindi · पालक पनीर रेसिपी. hothindirecipe.in
- ↑ Palak Paneer Recipe · How to Make Palak Paneer · Palak Paneer. NDTV Food
- ↑ Pitre, Urvashi. (September 19, 2017). Indian Instant Pot® Cookbook: Traditional Indian Dishes Made Easy and Fast. Rockridge Press. পৃ. 88. ISBN 978-1939754547
- ↑ (29 July 2020). 'Palak Paneer Idli' is a North-South Fusion Dish that Twitter Doesn't Want to Have. News18
- ↑ (2020-07-30). There's now a palak paneer idli that has sparked a debate on social media. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পালক পনীৰ” প্ৰবন্ধৰ সংশোধন ৬৩১৮১৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।