পাম ৱাইন:Palm wine;স্থানীয় কেইবাটাও নামেৰে জনাজাত পাম ৱাইন হৈছে বিভিন্ন প্ৰজাতিৰ তাল গছৰ ৰস যেনে পালমাইৰা, খেজুৰ আৰু নাৰিকল গছৰ ৰসৰ পৰা সৃষ্টি হোৱা এক প্ৰকাৰ মদ্যপান।১ ২ ইয়াক বিভিন্ন অঞ্চলত বিভিন্ন নামেৰে জনা যায় আৰু আফ্ৰিকা, কেৰিবিয়ান, দক্ষিণ আমেৰিকা, দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া, আৰু মাইক্ৰ’নেছিয়া আদি অঞ্চলৰ বিভিন্ন প্ৰান্তত প্ৰচলিত। "টডী" শব্দটো পানীয়ৰ তেলেগু নাম তাডি (తాడి)ৰ পৰা আহিছে যিটো আদি-দ্ৰাভিড়ীয় মূল *taẓ(দ্ৰাভিড়ীয়ান ব্যুৎপত্তিবিজ্ঞান অভিধানৰ সংখ্যা: ৩১৮০) "পালমাইৰা তাল"ৰ পৰা আহিছে।৩
ক্ষুদ্ৰ পাম উৎপাদক আৰু ব্যক্তিগত পাম উৎপাদক সকলে নিয়মীয়াকৈ ৱাইন উৎপাদন আৰু সংৰক্ষণ প্ৰচেষ্টাক অব্যাহত ৰাখি পৰিয়ালৰ আয়ৰ উৎস প্ৰসাৰ কৰিব পৰে যি নেকি অৰ্থনৈতিকভাৱে বিক্ৰী হোৱা কাঠৰ মূল্যতকৈ অধিক মূল্য হ'ব পাৰে।৪৫
ৰস আহৰণ
'' তালৰ কামত টডি সংগ্ৰাহক]]
[[চিত্ৰ:Timor palm wine.jpg|পূব টিমৰত কলমৰ ৰস টেপ কৰা
]]টেপাৰৰ দ্বাৰা ৰস উলিয়াই সংগ্ৰহ কৰা হয়। সাধাৰণতে তালগছৰ কটা ফুলৰ পৰা ৰস সংগ্ৰহ কৰা হয়। ফুলৰ ঠাৰিটোত এটা পাত্ৰ বান্ধি ৰস সংগ্ৰহ কৰা হয়। প্ৰথমতে জমা হোৱা বগা তৰল পদাৰ্থ কিম্বন হোৱাৰ আগতে অতি মিঠা আৰু অ-মদ্যপানীয় হোৱাৰ প্ৰৱণতা থাকে। এটা বিকল্প পদ্ধতি হ’ল গোটেই গছজোপা কটা। কাটি লোৱা মূৰত জুই জ্বলোৱা হয় যাতে ৰস সংগ্ৰহ কৰাত সুবিধা হয়।
সংগ্ৰহ কৰাৰ লগে লগে তালৰ ৰস কিম্বন হ’বলৈ আৰম্ভ কৰে, বতাহত থকা প্ৰাকৃতিক চেনিৰ বাবে (সততে সংগ্ৰহ কৰা পাত্ৰত ৰৈ যোৱা অৱশিষ্ট চেনিৰ দ্বাৰা প্ৰেৰিত)। দুঘণ্টাৰ ভিতৰত কিম্বন কৰিলে ৪% পৰ্যন্ত এলকহলযুক্ত সুগন্ধি ৱাইন পোৱা যায়, যিটো মৃদুভাৱে মাদক আৰু মিঠা। তাল ৰস বেছি সময়, কিম্বন হ’বলৈ দিলে, ইয়াৰ সোৱাদ অধিক শক্তিশালী, টেঙা আৰু এচিডিক হয়, যিটো বহুতো মানুহে পছন্দ কৰে। দীঘলীয়া কিম্বন কৰিলে শক্তিশালী ৱাইনৰ পৰিৱৰ্তে ভিনেগাৰ উৎপন্ন হয়।৬
আসৱিত
তাল ৰসক আসৱন কৰি শক্তিশালী পানীয় সৃষ্টি কৰিব পাৰি, যিটো অঞ্চল অনুসৰি বিভিন্ন নামেৰে জনা যায় (যেনে, আৰেক, পাম ফেনি, ছ’পি, ভিলেজ জিন, চৰাইম, আৰু কান্ট্ৰী হুইস্কি)।
নাইজেৰিয়াত ইয়াক সাধাৰণতে পাম ৱাইন, দক্ষিণ-পশ্চিম নাইজেৰিয়া আৰু কেমেৰুণৰ কিছু অংশত ইয়াক ইমু বা মাটাংগো, কংগোতে ইয়াক nsámbá, দক্ষিণ ঘানাৰ কিছু অংশত ডিষ্টিলড পাম ৱাইনক ককপেটেছি বা বুৰুকুটু, ট’গো আৰু বেনিনত ইয়াক ছ’ডাবে, টিউনিছিয়াত ইয়াক লাগমি, কেনিয়াৰ উপকূলীয় অঞ্চলত ইয়াক mnazi,আইভৰি কোষ্টত ইয়াক কৌটৌকৌ আৰু ভাৰতত ইয়াক টডি বুলি কোৱা হয়। ফিলিপাইনছত আটাইতকৈ সাধাৰণ ডিষ্টিলড পাম ৱাইন হৈছে লেম্বানগযাক বয়স্ক টুবাৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ আয়তনৰ হিচাপত অতি বেছি এলকহল থাকে, ৪০ৰ পৰা ৪৫% abv (৮০ৰ পৰা ৯০ প্ৰমাণ)।৭
অঞ্চল অনুসৰি ব্যৱহাৰ
দক্ষিণ এছিয়া
দক্ষিণ এছিয়াৰ দেশসমূহ যেনে, বাংলাদেশ, ভাৰত আৰু শ্ৰীলংকাত নাৰিকল গছ আৰু তাল গছ (Arecaceae আৰু Borassus)ৰ পৰা ৰস প্ৰস্তুত কৰা হয়।। ই মূলত লালা গছ (Hyphaene coriacea) ৰ পৰা উৎপাদন কৰা হয়, য'ত গছৰ ডাঁটি কাটি ৰস সংগ্ৰহ কৰা হয়। ভাৰতৰ কিছুমান অঞ্চলত তাল ৰসক বাষ্পীভূত কৰি অপৰিশোধিত গুড় তৈয়াৰ কৰা হয়।
ভাৰতৰ কিছুমান অংশত, অপৰিস্ফুটিত তাল ৰসক "নীৰা" (তামিলনাডুত "পটানীৰ") বুলি কোৱা হয় আৰু ইয়াক বহুতে ৰেফ্ৰিজাৰেটৰ কৰি সংৰক্ষণ আৰু বিতৰণ কৰে। ৰস বোৰ কিম্বন নহবলৈ সামান্য পৰিমাণৰ চুণ (কেলচিয়াম হাইড্ৰ'ক্সাইড) যোগ কৰা হয়। ফলৰ ৰসজাতীয় সামগ্ৰীৰ দৰে, নীৰা পটাছিয়ামৰ এটা ভাল উৎস।
ভাৰতত পাম ৱাইন বা টডী নীৰা বা পাতনিৰ (সতেজ ৰসৰ পৰা আহৰণ কৰা মিঠা, অ-মদ্যপানীয়) বা কল্লু (কিম্বন কৰা ৰসৰ পৰা তৈয়াৰী টেঙা পানীয়, কিন্তু ৱাইনৰ দৰে শক্তিশালী নহয়) হিচাপে পৰিবেশন কৰা হয়।৮ পামৰ ৰসত প্ৰাকৃতিক চেনি থাকে, যিয়ে ইয়াত নিহিত গ্লুক’জক কিম্বন কৰি এলক’হললৈ পৰিণত কৰে, লগতে এচিট’বেক্টেৰ থাকে, যিয়ে পৰৱৰ্তী সময়ত এলক’হলক এচিটিক এচিড (ভিনেগাৰ)লৈ ৰূপান্তৰিত কৰে। ভিনেগাৰৰ পৰিমাণ নূন্যতম হ’লে টেপ কৰাৰ এদিন পিছত খোৱাৰ অনুকূল সময়; এই সময়ৰ পাছত ই ক্ৰমান্বয়ে টেঙা হৈ পৰে। কিছুমান পাম ৱাইন খোৱা লোকে তেওঁলোকৰ পানীয় সাধাৰণতকৈ বেছি টেঙা পছন্দ কৰে, কিন্তু বেছি সময় কিম্বন কৰিলে ৱাইনতকৈ ভিনেগাৰ পোৱা যাব। ফ্ৰীজত ৰাখিলে পানীয়ৰ আয়ুস বৃদ্ধি পায়, লগতে বিভিন্ন ধৰণৰ পদাৰ্থ বৃদ্ধি কৰে, যিয়ে সোৱাদত অৰিহণা যোগায়।
ভাৰতত পাম ৱাইন সাধাৰণতে টডী দোকানত পোৱা যায় (মালয়ালমত কল্লু শ্বাপ, তামিল ভাষাত কল্লু কডাই, তুলুত কলিতা গডং, তেলেগু ভাষাত কল্লু দুকানাং, কানাড়া ভাষাত কল্লু আংগাড়ী বুলি জনা যায়)। তামিলনাডুত বৰ্তমান এই পানীয় নিষিদ্ধ।
ভাৰতৰ তেলেংগানা, আৰু অন্ধ্ৰ প্ৰদেশৰ গ্ৰাম্য অঞ্চলত টডী জনপ্ৰিয় পানীয় যিটো তেওঁলোকে পৰিশ্ৰমৰ পিছত দিনটোৰ শেষত প্ৰায়ে সেৱন কৰে।
লেংগানা আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যত টডি (কল্লু) প্ৰধানকৈ দুবিধ হয়, যেনে- তাড়ি কল্লু (তেলেগু: తాటికల్లు) (টডী পালমাইৰা গছৰ পৰা) আৰু ইটা কল্লু (তেলেগু: ఈతకల్లు) (ৰূপালী খেজুৰৰ পৰা)। ইতা কল্লু অতি মিঠা আৰু কম মাদক, আনহাতে তাড়ি কল্লু অধিক শক্তিশালী (ৰাতিপুৱা মিঠা, সন্ধিয়া টেঙাৰ পৰা তিতা-টেঙা হৈ পৰে) আৰু ই অতি মাদক। মানুহে কল্লুক নমাই অনা গছবোৰৰ ঠিক ওচৰতে উপভোগ কৰে। ঋতু অনুসৰি বিভিন্ন প্ৰকাৰৰ টডী: পণ্ডাতাডু, পাৰপুডতাডু, পাণ্ডুডাডু।
কেৰালাত আবকাৰী বিভাগৰ অনুজ্ঞাপত্ৰৰ অধীনত টডী বিক্ৰী কৰা হয় আৰু ই শ্ৰম বিভাগৰ অধীনত কল্যাণ ব’ৰ্ডৰ সৈতে ৫০ হাজাৰতকৈ অধিক কৰ্মচাৰী থকা এটা উদ্যোগ। ভাৰতৰ কৰ্ণাটক আৰু গোৱা অঞ্চলত বিখ্যাত ছান্নাৰ কোমল জাত প্ৰস্তুত কৰাতো ইয়াৰ ব্যৱহাৰ কৰা হয়।
জনপ্ৰিয় সংস্কৃতিত
তাল ৰস সংগ্ৰহ আৰু সেৱনৰ প্ৰসংগ চিনুৱা আচেবেৰ উপন্যাস Things Fall Apart ৯ আৰু আম'ছ টুটুওলাৰ The Palm-Wine Drinkard ১০ উপন্যাসত বাৰে বাৰে উল্লিখিত হৈছে। ২০০৬ চনৰ Blood Diamond চলচ্চিত্ৰতো তাল ৰসৰ উল্লেখ আছে।
তথ্যসূত্ৰ
- ↑ "Enjoying 'tuak' in Batak country" by Wan Ulfa Nur Zuhra, 21 January 2013, The Jakarta Post
- ↑ Rundel, Philip W. (Fall 2002). The Chilean Wine Palm. Mildred E. Mathias Botanical Garden Newsletter
- ↑ Dravidian etymology: Query result. starlingdb.org
- ↑ Confirel:Sugar Palm Tree – Conservation of natural heritage. Retrieved 15 April 2012
- ↑ (2020-01-30). Palm Wine Production. Comundos
- ↑ Fermented and vegetables. A global perspective. Chapter 4.. fao.org
- ↑ Fermented and vegetables. A global perspective. Chapter 4.. fao.org
- ↑ WebHost4Life. indianwine.org
- ↑ Achebe, Chinua. Things Fall Apart. UK: William Heinemann Ltd., 1958
- ↑ Tutuola, Amos. The Palm-Wine Drinkard. Grove Press, 1954
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাম ৱাইন” প্ৰবন্ধৰ সংশোধন ৫০৩৮৫৭ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।