অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পাপিলিঅ' বুদ্ধ

পাপিলিঅ’ বুদ্ধ, বা মালাবাৰ বেণ্ডেড ময়ুৰ:Papilio buddha, the Malabar banded peacock, ভাৰতৰ পশ্চিম ঘাটত পোৱা এটা পাপিলিঅ' প্ৰজাতিৰ ‘গিলি-নেজীয়া’। কেৰালা চৰকাৰে ইয়াক চৰকাৰী কেৰালা ৰাজ্যিক পখিলা হিচাপে ঘোষণা কৰে।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ৪০৫ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পাপিলিঅ’ বুদ্ধ, বা মালাবাৰ বেণ্ডেড ময়ুৰ:Papilio buddha, the Malabar banded peacock, ১২ ভাৰতৰ পশ্চিম ঘাটত পোৱা এটা পাপিলিঅ' প্ৰজাতিৰ ‘গিলি-নেজীয়া’। ১২৩ কেৰালা চৰকাৰে ইয়াক চৰকাৰী কেৰালা ৰাজ্যিক পখিলা হিচাপে ঘোষণা কৰে। পাপিলিঅ' বুদ্ধ হৈছে এটা বিপন্ন প্ৰজাতি আৰু ২০২৩ চনত পাপিলিঅ’ প্ৰজাতিৰ আণৱিক বংশবিজ্ঞান অধ্যয়নত বিবেচিত প্ৰজাতিসমূহৰ ভিতৰত অন্যতম, এই অধ্যয়নত এই সিদ্ধান্ত লোৱা হৈছে যে ই প্ৰায় ৩ কোটি বছৰ আগতে অলিগোচিন যুগত থকা পুৰণি বিশ্বৰ ক্লেড(Old World clade)ৰ অংশ।৪

বিৱৰণ

পাপিলিঅ’ বুদ্ধ দেখাত পি পেলিনুৰাছৰ সৈতে যথেষ্ট মিল আছে, কিন্তু পাপিলিঅ’ বুদ্ধ আকাৰত তুলনামূলকভাৱে ডাঙৰ। ডেউকাৰ ওপৰৰ পৃষ্ঠৰ ক্ষেত্ৰত দুয়োটা প্ৰজাতিৰ মাজত কিছুমান স্পষ্ট পাৰ্থক্য দেখা যায়। পেপিলিঅ’ বুদ্ধৰ ডেউকাত সেউজীয়া আঁহ বা আঁচৰ বিস্তৃতি তুলনামূলকভাৱে সীমিত। আগডেউকাৰ বাহিৰৰ আধা অংশত, ডেউকাৰ শীৰ্ষৰ পৰা তললৈ থকা এটা ত্ৰিভুজাকাৰ অংশ বাদ দি, সেউজীয়া আঁচ নাথাকে। একেদৰে পিছডেউকাৰ বাহিৰৰ প্ৰায় এক-তৃতীয়াংশ অংশতো সেউজীয়া আঁচ নাথাকে; অৱশ্যে ইয়াত অস্পষ্টভাৱে গঠিত চাবটাৰমিনেল লুনুলৰ এটা শাৰী থাকে। আগডেউকা আৰু পিছডেউকা দুয়োটাৰে মাজভাগত পথালিকৈ থকা আঁচবোৰ পি পেলিনুৰাছৰ সৈতে মিল আছে, কিন্তু পাপিলিঅ’ বুদ্ধত এই আঁচবোৰ যথেষ্ট বহল।আগডেউকাৰ ডিস্কেল বেণ্ডটো পিঠিৰ কাষ ৰ পৰা জুখিলে ডেউকাৰ পিঠিৰ দৈৰ্ঘ্যৰ এক-তৃতীয়াংশতকৈ যথেষ্ট বেছি অংশ জুৰি থাকে। পিছডেউকাৰ ডিস্কেল বেণ্ডটোও আগ আৰু পিছ দুয়োফালে প্ৰায় সমান বহল। কিন্তু পি পেলিনুৰাছত এই বেণ্ডটো পিছফাললৈ গৈ যথেষ্ট ঠেক হৈ পৰে। ইয়াৰ অক্ৰেচিয়াছ টৰ্নেল অচেলাছ অৰ্থাৎ ডেউকাৰ তল-কোণৰ হালধীয়া-বাদামী চকুৰ দৰে দাগটো অধিক উজ্জ্বল আৰু ইয়াৰ ওপৰত নীলা ৰং নাথাকে। একেদৰে আন্তঃস্থান 7 ত থকা চাবএপিকেল অক্ৰেচিয়াছ লুনুলটোও অধিক উজ্জ্বল আৰু পি পেলিনুৰাছৰ তুলনাত যথেষ্ট ডাঙৰ।

ডেউকাৰ তলৰ পৃষ্ঠটো পি পেলিনুৰাছৰ সৈতে যথেষ্ট মিল আছে। কিন্তু পিছডেউকাৰ উপটাৰ্মিনেল শৃংখলাৰ অক্ৰেচিয়াছ লুনুলবোৰ তুলনামূলকভাৱে ঠেক আৰু ইয়াৰ ভিতৰৰ কাষবোৰত ৰূপালী-বগা সীমাৰেখা অধিক স্পষ্টভাৱে দেখা যায়। ইয়াৰ শুঙ, মূৰ, বুকু আৰু উদৰ পি পেলিনুৰাছৰ সৈতে প্ৰায় একে ধৰণৰ।৫

পাপিলিঅ’ বুদ্ধৰ ডেউকাৰ বিস্তৃতি প্ৰায় ১০৭–১৫৫ মি.মি.।

জীৱন চক্ৰ

ইয়াৰ পলু (কেটাৰপিলাৰ)ৰ বক্ষখণ্ডত এটা ঢালৰ দৰে গঠন থাকে। পলুৰ মূল ৰং সেউজীয়া। এই ঢাল টোৰ কাষ আৰু পিছফালটো অতি সৰু বগা সীমাৰেখাৰে আগুৰি থাকে।দেহৰ ৫মৰ পৰা ১১তম খণ্ডলৈ প্ৰতিটো খণ্ডত এটা বহল বগা ৰেখা দেখা যায়। এই বগা ৰেখাৰ ওপৰত প্ৰতিটো খণ্ডতে সৰু সৰু বগা দাগৰ এটা শাৰী থাকে। এই বৈশিষ্ট্যসমূহে পলুটোক চিনাক্ত কৰাত সহায় কৰে।

পিউপাটো তলফাললৈ বেঁকা আকৃতিৰ। ইয়াৰ মূৰটো মাজত বিভক্ত যেন দেখা যায় আৰু ইয়াৰ প্ৰক্ষেপণসমূহ দীঘল আৰু ওপৰলৈ বেঁকা। পিঠি আৰু কাষৰ অংশত কীলৰ দৰে উত্থিত ৰেখা থাকে।ৰঙৰ ক্ষেত্ৰত পিউপাৰ তলফাল গাঢ় সেউজীয়া, আনহাতে পিঠিৰ ফাল পাতল সেউজীয়া। এই বৰ্ণনা ডেভিডছন আৰু আইটকেনৰ পৰ্যবেক্ষণৰ ওপৰত আধাৰিত।

পোষক উদ্ভিদ

এই প্ৰজাতিৰ কেটাৰপিলাৰক Zanthoxylum rhetsa উদ্ভিদত পোৱা বুলি নথিভুক্ত কৰা হৈছে।৬

স্থিতি

এই প্ৰজাতি স্থানীয়ভাৱে সাধাৰণ আৰু বিৰল নহয়। ভাৰতত ইয়াক সুৰক্ষিত যদিও ভাবুকিৰ সন্মুখীন হোৱা বুলি জনা নাযায়।[citation needed]

শ্ৰেণীবিভাজন

ই প্ৰজাতি গোট পেলিনুৰাছৰ ৰ সদস্য

তথ্যসূত্ৰ

  1. ↑ Varshney, R.K.; Smetacek, Peter. (2015). A Synoptic Catalogue of the Butterflies of India. Butterfly Research Centre, Bhimtal & Indinov Publishing, New Delhi. পৃ. 5. ISBN 978-81-929826-4-9
  2. ↑ Savela, Markku. Papilio buddha Westwood, 1872. Lepidoptera and Some Other Life Forms
  3. ↑ Westwood, John O. (1872). Transactions of the Entomological Society of London. Royal Entomological Society of London. পৃ. 500
  4. ↑ Condamine, Fabien L. (2023). A comprehensive molecular phylogeny of the genus Papilio. Systematic Entomology. পৃ. 789–805
  5. ↑ Moore, Frederic. (1903–1905). Lepidoptera Indica. Vol. VI. Lovell Reeve and Co. পৃ. 69–71
  6. ↑ Ravikanthachari Nitin; V.C. Balakrishnan; Paresh V. Churi. (2018-04-10). Larval host plants of the buterfies of the Western Ghats, India. Journal of Threatened Taxa. পৃ. 11495–11550

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাপিলিঅ' বুদ্ধ” প্ৰবন্ধৰ সংশোধন ৬২৬৬১৭ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।