অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পানী লতা

পানী লতা (বৈজ্ঞানিক নাম: Cissus repanda) এম্পেলিকেচি (Ampelicaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ প্ৰকাণ্ড আকাৰৰ আৰোহী গুল্ম৷ এই লতা প্ৰধানকৈ নামনি অসমৰ শালনি হাবিবোৰত পোৱা যায়৷ লতাডাল দুটুকুৰা কৰিলে বহু পৰিমাণৰ পানী ওলায়৷ হাবিত কাম কৰা মানুহে এই পানী খাই পিয়াহ পলুৱায় বুলি জনা যায়৷

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৫ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৩৭
সংশোধনৰ পৰামৰ্শ

পানী লতা (বৈজ্ঞানিক নাম: Cissus repanda) এম্পেলিকেচি (Ampelicaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ প্ৰকাণ্ড আকাৰৰ আৰোহী গুল্ম৷ এই লতা প্ৰধানকৈ নামনি অসমৰ শালনি হাবিবোৰত পোৱা যায়৷ লতাডাল দুটুকুৰা কৰিলে বহু পৰিমাণৰ পানী ওলায়৷ হাবিত কাম কৰা মানুহে এই পানী খাই পিয়াহ পলুৱায় বুলি জনা যায়৷১

বিৱৰণ

নতুনকৈ ওলোৱা কুমলীয়া অংশ নোমেৰে আবৃত৷ কাণ্ড কোমল, পৰ্য্যাপ্তভাৱে ছিদ্ৰ থাকে, পুৰঠ হ’লে মৌচাকৰ দৰে জালিযুক্ত সোপোকা হয়৷

পাত সৰল, দীঘ-পুতল ক্ৰমে প্ৰায় ১২ ছেমি আৰু ৭ ছেমি৷পাতৰ আকৃতি উপবৃত্তকাৰ আৰু গভীৰ ভাৱে হৃদয়াকাৰ হয়৷ পাত দেখিবলৈ কেতিয়াবা সপ্ত-কোণাকাৰ বালতিকাৰ, দন্তাকাৰ অথবা কৰতাকাৰ, হ্ৰস্ব কুশাগ্ৰী, পাতল, লোমবিহীন সিৰ সামান্য কেশযুক্ত হয়৷ পাতৰ আধাৰিত সিৰ ৫ ডাল, ইয়াৰে প্ৰথম সিৰ মূলতে শাখাযুক্ত, মাধ্যমিক সিৰ ৪-৬, খীণাকাৰ, সামান্যভাৱে ভাঁজখোৱা৷ পাত্ৰবৃণ্ড ৮-১৩ ছেমি দীঘল৷ উপপত্ৰ প্ৰায় স্বতন্ত্ৰ, কেশযুক্ত, দীৰ্ঘায়তাকাৰ, গোল আৰু কেতিয়বা কাঁচিৰ আকাৰৰ হোৱা দেখা যায়৷

পুষ্পক্ৰম পত্ৰাভিমুখ, কোমল,কেশপূৰ্ণ, সঘন ছত্ৰাকাৰ, সমশীৰ্ষাকাৰভাৱে খতিত, সৰ্বশেষৰ কক্ষত বিকশিত ছত্ৰবিন্যাসে নিচেই কমেও ২০ পাহ ফুল ধাৰণ কৰে৷ পুষ্পবৃন্ত প্ৰায় ৬ ছেমি দীৰ্ঘ, কামিহাড় ওলোৱা, কেশযুক্ত, বৃতি আৰু বৃতিকা ক্ষুদ্ৰাকাৰ৷

ফুলৰ বৰণ ৰঙচুৱাকৈ মুগা, চাৰি পহীয়া, উভয়লিংগী৷ পাহি ডিম্বাকাৰ, দীৰ্ঘয়তাকাৰ, শীৰ্ষবিন্দু মুণ্ডাকাৰ কেশযুক্ত৷ চকা-চাৰি লতিকা ধাৰী৷ ফল এক বীজধাৰী৷২

তথ্যসূত্ৰ

  1. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানী লতা” প্ৰবন্ধৰ সংশোধন ৫৪০৩৯৯ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।