ৰাভা জনগোষ্ঠী
৮ প্ৰবন্ধ
-
ৰাভা জনগোষ্ঠী
ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ খিলঞ্জীয়া জনজাতিসমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ জনগোষ্ঠী, যাৰ ভাষা-সংস্কৃতি চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ সৈতে সম্পৰ্কিত। ঐতিহ্যগত বনভিত্তিক জীৱনধাৰা, মাতৃতান্ত্ৰিক সমাজ-ৰীতি, আৰু ভাৰীগান-নৃত্য-গীতৰ দৰে লোকঐতিহ্যৰ বাবে ৰাভাসকল বিশেষভাৱে পৰিচিত।
-
ভাৰীগান
ভাৰীগান হৈছে অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী ৰাভাসকলৰ এবিধ লোকনাট্য। ৰাভা জনগোষ্ঠীৰ বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা অঞ্চলৰ পাতিৰাভাসকলৰ মাজত এই ভাৰীগান অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। এই নাট্যবিধৰ আৰম্ভণি কেতিয়া হৈছিল তাৰ কোনো লিখিত তথ্য নাই। ভাৰীগান বোৰ কাহিনীৰ ৰূপত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে।
-
পাজাৰ
পাজাৰ বা গামোচা ৰাভা জনগোষ্ঠীৰ পুৰুষে ব্যৱহাৰ কৰা এখন বস্ত্ৰ৷ ৰাভা জনগোষ্ঠীৰ পুৰুষৰ জাতীয় সাজপাৰ তেনেই সাধাৰণ৷ ’পাজাৰ’ এখন নানাৰঙী সূতাৰে বোৱা ফুলাম কাপোৰ৷ ইয়াক ৰাভা সমাজত অসমীয়া সমাজৰ ’বিহুৱান’ৰ সমানেই মৰ্যাদা দিয়া হয় আৰু পুৰুষসকলে ডিঙিত এইখন মেৰিয়াই লয়৷ পাজাৰ দীঘলে ৩/৪ হাত আৰু বহলে ১ হাত৷…
-
খোক্চি পূজা
খোক্চি পূজা হৈছে অসমৰ ৰাভাসকলে পালন কৰা পূজাবিশেষ। এই পূজাত ৰাভাসকলৰ বহুতো কিংবদন্তি জড়িত হৈ আছে।
-
টুকুৰীয়া পূজা
টুকুৰীয়া পূজা দক্ষিণ কামৰূপৰ পাতি ৰাভা জনগোষ্ঠীসকলৰ এটি উল্লেখযোগ্য বাৰ্ষিক ধৰ্মানুষ্ঠান। বনগাঁও মৌজাৰ খাটলপাৰা গাঁৱৰ এই পূজা প্ৰখ্যাত। এই উৎসৱ চাৰি দিনীয়াকৈ অনুষ্ঠিত হয়।
-
বগেজাৰী নৃত্য
বগেজাৰী নৃত্য (Bogejari Dance) ভাৰতৰ অসমৰ পাতিৰাভা জনগোষ্ঠীৰ এক পৰম্পৰাগত লোকনৃত্য। প্ৰধানকৈ মহিলাৰদ্বাৰা পৰিৱেশিত এই নৃত্যই ৰাভা জনগোষ্ঠীৰ ইতিহাস, লোককথা আৰু সামাজিক জীৱনক প্ৰতিফলিত কৰা এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰকাশক প্ৰতিনিধিত্ব কৰে।
-
বাইখো পূজা
বাইখো পূজা অসমৰ ৰাভা জনগোষ্ঠীয়ে পালন কৰা কৃষিভিত্তিক উৎসৱ। সাধাৰণতে ইংৰাজীৰ এপ্ৰিল-মে’ আৰু অসমীয়া জেঠ মাহত ৰাভাসকলে শস্যৰ আশা আৰু বৰষুণৰ কামনাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰি এই উৎসৱ পালন কৰে। ঠাইভেদে বাইখো দুদিনৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হয়।
-
ৰাভাসকলৰ পূজা-পাতল
ভাৰতবৰ্ষৰ উওৰ পূৰ্বাঞ্চলত বসবাস কৰা বৃহৎ মংগোলীয় গোষ্ঠীৰ বিশেষ শাখা হ'ল ৰাভা জনজাতীয় লোকসকল। বিশেষকৈ অসম, মেঘালয়, পশ্চিমবংগ, কোচবিহাৰ, জলপাইগুৰি জিলাৰ বিভিন্ন ভৌগোলিক অঞ্চলৰ বসবাস কৰে ৰাভা সকল। ৰাভা সকলোৰ ধৰ্মীয় আৰু সংস্কৃতিক জীৱন অতিশয় বৈচিত্ৰ্যময়।