নীলা-বগা মাখি ধৰা চৰাই (blue-and-white flycatcher), বিশ্বৰ প্ৰাচীন মাখি ধৰা পৰিয়াল Muscicapidae ৰ অন্তভূৰ্ক্ত এবিধ পৰিভ্ৰমী গীত গোৱা চৰাই। বৈজ্ঞানিক নাম Cyanoptila cyanomelana। এই প্ৰজাতিটোক জাপানীজ ফ্লাইকেচাৰ বুলিও কোৱা হয়। জাপান, কোৰিয়া আৰু উত্তৰ-পূব চীন আৰু ৰাছিয়াৰ সুদূৰ পূবৰ কিছু অংশত ইয়াৰ প্ৰজনন হয়। দক্ষিণ-পূব এছিয়াত বিশেষকৈ ভিয়েটনাম, কম্বোডিয়া, থাইলেণ্ড, সুমাট্ৰা আৰু বৰ্নিওত শীতকালৰ সময় ছেৱাত এই চৰাই বিধ দেখা পোৱা যায়। বৰ্তমান অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ আশে পাশে থাকা দিৰিং চাহ বাগিচাত ইয়াৰ উপস্থিতি নিশ্চিত কৰিছে।১
“অলপতে পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ কাষৰ দিৰিং চাহ বাগিচাত এই পক্ষীৰ সন্ধান লাভকৰে দুজন ‘টুৰিষ্ট গাইডে’। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ তৰফৰ পৰা এটা সংবাদ টোকাত সদৰি কৰা হৈছে এই ‘সুখবৰটো’। অহা দুই ফেব্ৰুৱাৰীত “বিশ্ব জলাশয় দিৱস”ৰ লগত সংগতি ৰাখি পক্ষী প্ৰেমী,পক্ষী গবেষক আৰু উৎসাহী পৰ্যটৰ্ক সকলৰ বাবে পাণবাৰী সংৰক্ষিত বনাঞ্চলত বাৰ্ড ছাফাৰি মুকলি কৰা হ’ব যিটো আজি দহ বছৰে বন্ধ আছিল।” অসমত ইয়াক নীলা আৰু বগা ৰংৰ ‘বাৰী নাচনী চৰাই’ নামেৰে জনাজাত।২
এই প্ৰজাতিটো ২০১৪ চনত শ্ৰীলংকাৰ সিংহাৰাজা বৰ্ষাৰণ্যৰ পৰা অহা ভ্ৰমণকাৰী পক্ষী হিচাপে লিপিবদ্ধ কৰা হৈছে।
বিবৰণ
এই বিধ চৰাইৰ মতাচৰাইৰ বোৰৰ দেহৰ ওপৰফাল নীলা আৰু পেট বগা আৰু ক’লা ‘মাস্ক’সহ দৃষ্টিনন্দন হোৱাৰ বিপৰীতে দেহৰ ওপৰ ফাল বাদামী আৰু পেটৰ বগা ৰঙেৰে মাইকী ফ্লাইকেচাৰ বিলাকো আকৰ্ষণীয়। মতাতকৈ মাইকী ফ্লাইকেচাৰে পোৱালী যত্ন লোৱাত অধিক সময় আৰু শক্তি খৰচ কৰে।৩ গড় হিচাবত মতা ফ্লাইকেচাৰ বোৰ মাইকী ফ্লাইকেচাৰত কৈ ডাঙৰ।৪ পুৱাৰ ভাগত এই চৰাই বিধ বেছি সক্ৰিয় অৱস্থাত থাকে।৫
দৈনিক অসম ৩০/০১/২৫ ৰ বাতৰি মতেঃ-অসমৰ ৰাষ্ট্ৰীয় উদ্যান কাজীৰঙাত নিশ্চিত হৈছে ‘নীলা-বগা মাখি ধৰা চৰাই’ (‘ব্লু এণ্ড হেৱাইট ফ্লাইকেচাৰ’) নামৰ অপৰূপ পখীটিৰ বিচৰণ।
খাদ্য
ই প্ৰধানকৈ পোক-পৰুৱা আৰু পলু খায়, কিন্তু নৰ্থ আমেৰিকাৰ ঘাঁহত পোৱা পকেৱেড[6] নামৰ এবিধ গুটিকে ধৰি জামুও খায়।৬
তথ্যসূত্ৰ
- ↑ ‘ব্লু এণ্ড হোৱাইত ফ্লাইকেচাৰ’
- ↑ ‘ব্লু এণ্ড হোৱাইত ফ্লাইকেচাৰ’ দৈনিক অসম,পৃষ্ঠা ১ আৰু ৬,তাৰিখ ৩০-০১-২০২৫।
- ↑ Li, D.W., Zhao, W.G., Liu, P., Yu, D. and Chen, H., 2017. A study on the reproductive behavior of the Blue–and–white flycatcher in eastern Heilongjiang Province. Heilongjiang Anim. Sci. Vet. Med., 529: 229–233
- ↑ Wang, Bin Liu, Libo; Xue, Dandan; Xu, Peng. (2021). The Function of a Migration Corridor for a Passerine: A Case Study Based on Age and Gender of Blue-and-white Flycatcher (Cyanoptila cyanomelana). Pakistan Journal of Zoology
- ↑ Jeong, Young-Hun; Choi, Sung-Hwan; Banjade, Maniram. (2024-02-26). Spatiotemporal Niche Separation among Passeriformes in the Halla Mountain Wetland of Jeju, Republic of Korea: Insights from Camera Trap Data. Animals. পৃ. 724
- ↑ Blue-and-white Flycatcher. www.oiseaux-birds.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলা-বগা মাখি ধৰা চৰাই” প্ৰবন্ধৰ সংশোধন ৪৬৭১৮৬ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।