অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিলছ্ ব'ৰ

নিলছ্ হেনৰিক ডেভিদ ব'ৰ (Niels Henrik David Bohr; ৭ অক্টোবৰ ১৮৮৫ – ১৮ নৱেম্বৰ ১৯৬২) এগৰাকী প্ৰখ্যাত ডেনিছ পদাৰ্থবিজ্ঞানী আছিল। ব'ৰে পৰমাণুৰ গঠন আৰু কোৱাণ্টাম তত্ত্বৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়াইছিল যাৰ বাবে তেওঁ ১৯২২ চনত পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

হালনাগাদ: ২৮ জানুৱাৰী ২০২২ ২৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নিলছ্ হেনৰিক ডেভিদ ব'ৰ (Niels Henrik David Bohr; ৭ অক্টোবৰ ১৮৮৫ – ১৮ নৱেম্বৰ ১৯৬২) এগৰাকী প্ৰখ্যাত ডেনিছ পদাৰ্থবিজ্ঞানী আছিল। ব'ৰে পৰমাণুৰ গঠন আৰু কোৱাণ্টাম তত্ত্বৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়াইছিল যাৰ বাবে তেওঁ ১৯২২ চনত পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ এগৰাকী দাৰ্শনিক আৰু বিজ্ঞান গৱেষণাৰ প্ৰচাৰৰ ক্ষেত্ৰত আগৰণুৱা ব্যক্তি।

নিলছ্ ব'ৰে পৰমাণুৰ গঠন সম্পৰ্কে তেওঁৰ বিখ্যাত ব'ৰৰ আৰ্হি দাঙি ধৰিছিল। এই আৰ্হিটোৰ দ্বাৰা ব'ৰে প্ৰস্তাৱ কৰিছিল যে ইলেকট্ৰনৰ শক্তিস্তৰবোৰ পৃথক পৃথক, ইহঁত অবিচ্ছিন্ন নহয়। তদুপৰি ইলেকট্ৰনবোৰে পৰমাণুটোৰ নিউক্লিয়াছৰ চৌদিশে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে, কিন্তু ইলেকট্ৰনবোৰে এটা শক্তিস্তৰৰ পৰা আন এটা শক্তিস্তৰলৈ জপিয়াব পাৰে। যদিও ব'ৰৰ আৰ্হিটো পিছলৈ আন উন্নত আৰ্হিৰ দ্বাৰা সংশোধন কৰা হৈছে, ইয়াৰ মূল অন্তৰ্নিহিত নীতিটো এতিয়াও প্ৰাসংগিক হৈয়েই আছে। তেৱেঁই পৰিপূৰকতা ( complementarity) নীতিটোৰ ধাৰণা আগবঢ়াইছিল। এই ধাৰণাটো মতে বস্তু এটাক কিছুমান পৰস্পৰবিৰুদ্ধ ধৰ্মৰে বিশ্লেষণ কৰিব পাৰি। উদাহৰণস্বৰূপে- একেটা বস্তুৱে তৰংগ বা কণিকাৰূপে আচৰণ কৰিব পাৰে বুলি ধৰি লোৱাটো। বিজ্ঞান আৰু দৰ্শন উভয় ক্ষেত্ৰতে ব'ৰৰ চিন্তাধাৰাত তেওঁৰ পৰিপূৰকতাৰ ধাৰণাটোৱে প্ৰভাৱ বিস্তাৱ কৰিছিল।

১৯২০ চনত ব'ৰে কোপেনহেগেন বিশ্ববিদ্যালয়ত ইনষ্টিটিউট অৱ্ থিয়ৰিটিকেল ফিজিক্স প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। এতিয়া এই প্ৰতিষ্ঠানটোক নিলছ্ ব'ৰ ইনষ্টটিউট নামেৰে জনা যায়। হানছ্ ক্ৰেমাৰ, অস্কাৰ ক্লেইন, জৰ্জ দে' হে'ভে'ছে', ৱাৰ্নাৰ হাইজেনবাৰ্গ আদিকে ধৰি অনেক গণমান্য পদাৰ্থবিজ্ঞানীৰ তেওঁ পৰামৰ্শদাতা হোৱাৰ উপৰি তেওঁলোকৰ লগত সহযোগিতাৰে কাম কৰিছিল। নিলছ্ ব'ৰেই জাৰ্ক'নিয়ামৰ নিচিনা আন এটা মৌলৰ ভৱিষ্যৎবাণী কৰিছিল যিটোৰ নাম পিছলৈ হাফণিয়াম ৰখা হয়। কোপেনহেগেনত আৱিষ্কাৰ হোৱা বাবে ইয়াৰ লেটিন নামটোৰে পৰমাণুটোৰ নাম হাফণিয়াম ৰখা হৈছিল। পিছলৈ ব'ৰৰ সন্মানত এটা মৌলৰ নাম ব'ৰিয়াম ৰখা হয়।

প্ৰাৰম্ভিক জীৱন

১৮৮৫ চনৰ ৭ অক্টোবৰত ডেনমাৰ্কৰ কোপেনহেগেনত নিলছ্ ব'ৰৰ জন্ম হৈছিল। ব'ৰ আছিল ক্ৰিষ্টিয়ান ব'ৰৰ তিনিটা সন্তানৰ দ্বিতীয় সন্তান।১২৩

তথ্যসূত্ৰ

  1. ↑ (7 June 1892). Politiets Registerblade. Københavns Stadsarkiv
  2. ↑ Pais 1991, পৃ. 44–45, 538–539
  3. ↑ There is no truth in the oft-repeated claim that Bohr emulated his brother, Harald, by playing for the Danish national team. Dart, James. (27 July 2005). Bohr's footballing career. The Guardian

সম্পৰ্কিত শ্ৰেণী

ডেনমাৰ্কৰ ব্যক্তিপদাৰ্থ বিজ্ঞানীতাত্ত্বিক পদাৰ্থ বিজ্ঞানীপদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিলছ্ ব'ৰ” প্ৰবন্ধৰ সংশোধন ৩১২১৬১ (২৮ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।