নিক্স বনাম হেডেন, (Nix v. Hedden) ১৪৯ ইউ.এছ.৩০৪ (১৮৯৩), হৈছে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ এক সিদ্ধান্ত য’ত আদালতে ৯–০ ৰায় দি শুনানি দিছিল যে আমদানি আৰু ৰপ্তানি শুল্কৰ উদ্দেশ্যে বিলাহীক ফলৰ পৰিৱৰ্তে শাক-পাচলি হিচাপে শ্ৰেণীভুক্ত কৰিব লাগে। ন্যায়াধীশ হৰেচ গ্ৰেই আদালতৰ মতামত আগবঢ়াই কৈছিল যে ১৮৮৩ চনৰ শুল্ক আইনত কাৰিকৰী উদ্ভিদবিজ্ঞানৰ অৰ্থৰ পৰিৱৰ্তে "ফল" আৰু "শাক-পাচলি" শব্দ দুটাৰ সাধাৰণ অৰ্থ ব্যৱহাৰ কৰা হৈছে।
পটভূমি
১৮৩৯ চনতজন নিক্সে নিউয়ৰ্ক চহৰতজন নিক্স এণ্ড কোম্পানীৰ ফল কমিছন প্ৰতিষ্ঠা কৰে। সেই সময়ত নিউয়ৰ্ক চহৰৰ উৎপাদিত সামগ্ৰীৰ ই এক অন্যতম বৃহৎ বিক্ৰেতা হৈ পৰে আৰু ফ্ল'ৰিডাৰ ভাৰ্জিনিয়া আৰু বাৰ্মুডাৰ পৰা নিউয়ৰ্কলৈকে উৎপাদিত সামগ্ৰী প্ৰেৰণ কৰা প্ৰথম কোম্পানীসমূহৰ ভিতৰত অন্যতম বিবেচিত হয়।১
১৮৮৩ চনত ৰাষ্ট্ৰপতি চেষ্টাৰ এ আৰ্থাৰে ১৮৮৩ চনৰ ৩ মাৰ্চৰ শুল্ক আইনত স্বাক্ষৰ কৰে। এই আইনত আমদানিকৃত শাক-পাচলিৰ ওপৰত কৰ দিব লাগিব বুলি লিখা আছিল, অৱশ্য এই কৰ ফলৰ ওপৰত প্ৰযোজ্য নহয়। জন নিক্স এণ্ড কোম্পানীয়ে প্ৰতিবাদৰ অধীনত প্ৰদান কৰা বেক ড্যুটি আদায়ৰ বাবে নিউয়ৰ্ক বন্দৰৰ কালেক্টৰ এডৱাৰ্ড এল হেডেনৰ বিৰুদ্ধে মামলা দাখিল কৰা হয়। তেওঁলোকে এই শুল্কৰ বিৰুদ্ধে যুক্তি দি কৈছিল যে উদ্ভিদ বিজ্ঞানৰ ফালৰ পৰা বিলাহী উদ্ভিদৰ ফুলৰ অংশৰ পৰা বিকশিত হোৱা বীজ ধাৰণকাৰী এক গঠন হোৱা বাবে ই এক ফলহে। .২
তথ্যসূত্ৰ
- ↑ (January 20, 1917). Virginia Truck Farms: How They Supply Food For The Great Cities.. Fruit Trade Journal and Produce Record. পৃ. 14
- ↑ Garden Tomato - Solanum lycopersicum - Overview - Encyclopedia of Life. Encyclopedia of Life
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিক্স বনাম হেডেন” প্ৰবন্ধৰ সংশোধন ৩৬৬৮০৩ (২২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।