নিক্ক' ৰাষ্ট্ৰীয় উদ্যান (Nikkō National Park জাপানৰ মূল দ্বীপ হনছু (Honshu) ৰ কান্টো অঞ্চল (Kantō region)ৰ এখন ৰাষ্ট্ৰীয় উদ্যান। টচিগি (Tochigi), গুনমা (Gunma) আৰু ফুকছিমা (Fukushima) নামৰ তিনিখন প্ৰদেশ বা প্ৰিফেকচাৰত বিস্তৃত এই উদ্যানখন ১৯৩৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল।
ইতিহাস
নিক্ক' ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিষ্ঠা ২০ শতিকাৰ আৰম্ভণিৰ পৰাই আৰম্ভ হৈছিল। ১৯১১ চনত নিক্ক'ক এক সাম্ৰাজ্যবাদী উদ্যান (Imperial park) বুলি ঘোষণা কৰা হয়। ১৯৩১ চনত জাপানৰ ৰাষ্ট্ৰীয় উদ্যান আইন গৃহীত হয় আৰু তাৰ পিছতেই ১৯৩৪ চনত নিকো ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হয়।১ সমগ্ৰ ২০ শতিকাজুৰি এই উদ্যানখনৰ সম্প্ৰসাৰণ কৰা হৈছিল। অজে ৰাষ্ট্ৰীয় উদ্যান (Oze National Park) এসময়ত নিক্ক' ৰাষ্ট্ৰীয় উদ্যানৰ অংশ আছিল, কিন্তু ২০০৭ চনত ই এক পৃথক ৰাষ্ট্ৰীয় উদ্যানত পৰিণত হয়।২
বিৱৰণ
নিক্ক' ৰাষ্ট্ৰীয় উদ্যান জাপানৰ অন্যতম ধুনীয়া উদ্যানসমূহৰ এখন বুলি পৰিগণিত আৰু সেয়ে ই এক জনপ্ৰিয় পৰ্যটন স্থলী।৩ ইয়াৰ আকৰ্ষণীয় দৃশ্যপটৰ বাহিৰেও, উদ্যানখন ইয়াৰ ঐতিহাসিক বৌদ্ধ মন্দিৰ আৰু শ্বিণ্ট' তীৰ্থক্ষেত্ৰ (Shinto shrines) সমূহ, বিশেষকৈ নিক্ক' টচ'গ' (Nikkō Tōshō-gū) আৰু ৰিন'জি (Rinnō-ji)ৰ বাবে বিখ্যাত। এই তীৰ্থক্ষেত্ৰসমূহক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত "নিক্ক'ৰ তীৰ্থক্ষেত্ৰ আৰু মন্দিৰ" হিচাপে তালিকাভুক্ত কৰা হৈছে।২৪ এই উদ্যানৰ মুঠ মাটিকালি ১১৪,৯০৮ হেক্টৰ আৰু ট'কিঅ'ৰ পৰা গাড়ীৰে এই উদ্যানৰ দুৰত্ব দেৰ বা দুঘণ্টা।৫
উদ্যানখনত প্ৰৱেশ বিনামূলীয়া। সমগ্ৰ উদ্যানখনক তিনিটা ভাগত ভাগ কৰা হৈছে, যেনে নিক্কো, কিনুগাৱা/কুৰিয়ামা, নাছু কাছি/ছিঅ’বাৰা।৬
উল্লেখযোগ্য ঠাই সমূহ
- নিক্ক' ট'চ'গু (Nikkō Tōshō-gū), এটা শ্বিন্টো মন্দিৰ, নিক্ক', টোচিগি প্ৰিফেকচাৰ
- চুজেঞ্জি হ্ৰদ (Lake Chūzenji), 11.62 বৰ্গ কি.মি., এটা হ্ৰদ, নিক্ক'
- কেগ'ন জলপ্ৰপাত (Kegon Falls), 97 মিটাৰ, জাপানৰ তিনিটা উচ্চতম জলপ্ৰপাতৰ ভিতৰত অন্যতম
- নাণ্টাই পৰ্বত (Mount Nantai), 2486 মিটাৰ, চুজেনজি হ্ৰদৰ ওপৰত নাটকীয়ভাৱে ওপৰলৈ উঠিছে
- নিক্ক'-শ্বিৰেন পৰ্বত (Mount Nikkō-Shirane), 2578 মিটাৰ, এটা ঢাল আগ্নেয়গিৰ (shield volcano)
- ৰিন'-জি (Rinnō-ji), এটা বৌদ্ধ মন্দিৰ, নিক্ক'
- ৰোজো জলপ্ৰপাত (Ryūzu Falls), 60 মিটাৰ, এটা যমজ জলপ্ৰপাত
- ছেশ্ব'-ছেকি (Sessho-seki), ২০২২ চনত ফাঁট মেলা এটা "হত্যাকাৰী শিল" (killing stone) ৭
জীৱ-জন্তু
ওজেগাহাৰা জলাশয় (Ozegahara marshland)ৰ মিজু-বাশ্বো(Lysichiton camtschatcensis,white skunk cabbage), মেপ'ল, ফাৰ, জাপানী দেৱদাৰু আদি বহুতো প্ৰজাতিৰ উদ্ভিদ আৰু গছৰ বাবে নিক্ক' ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত।৩৪
বিনোদন
নিকো ৰাষ্ট্ৰীয় উদ্যান হাইকিং, স্কিইং, কেম্পিং, গলফিং, আৰু ইয়াৰ অসংখ্য ঐতিহাসিক গৰম পানীৰ পুং ৰিজৰ্টৰ বাবে জনপ্ৰিয় গন্তব্যস্থান।১২৩ এই ৰাষ্ট্ৰীয় উদ্যানত পৰ্য্যটকৰ আগ্ৰহ অনুযায়ী ভিজিটৰ চেণ্টাৰত গাইডৰ সৈতে চৰাই পৰ্যবেক্ষণ, জন্তুৰ ট্ৰেকিং আদিৰো ব্যৱস্থা আছে। ইয়াত মাজে মাজে বিভিন্ন বিষয় যেনে হৰিণক খুৱাই দিয়াৰ ক্ষতিকাৰক প্ৰভাৱ কম কৰা, অকুনিকোৰ ইতিহাস, আঞ্চলিক গৰম বসন্তৰ সংস্কৃতি আদিৰ ওপৰত প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। ৮
তথ্যসূত্ৰ
- ↑ (2012). 日光国立公園 (Nikkō Kokuritsu Kōen). Nihon Daihyakka Zensho (Nipponika) (日本大百科全書(ニッポニカ). Shogakukan
- ↑ (2012). 日光国立公園 (Nikkō Kokuritsu Kōen). Dijitaru daijisen. Shogakukan
- ↑ Nikko National Park
- ↑ (2012). Nikkō National Park. Encyclopedia of Japan. Shogakukan
- ↑ https://www.japan.travel/national-parks/parks/nikko/
- ↑ About Nikko National Park - Nikko Travel Guide · Planetyze. Planetyze
- ↑ Zornosa, Laura. (2022-03-18). A 'Killing Stone' Broke in Japan. Is a Demon on the Loose?. New York Times
- ↑ https://www.japan.travel/national-parks/parks/nikko/see-and-do/nikko-yumoto-visitor-center/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিক্ক' ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪৪৫৮৪১ (১৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।