নাৰুহিট (জাপানী ভাষাত: 徳仁, জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৬০) জাপানৰ সম্ৰাট। তেওঁ ক্ৰিচেণ্টিমাম সিংহাসনত আসীন হৈছিল ২০১৯ চনৰ ১ মে' তাৰিখে। তেওঁৰ শাসন কালৰ পৰাই জাপানৰ ৰেইৱা কালৰ আৰম্ভণি হৈছে। তেওঁৰ পিতৃ আকিহিট'ই জীৱিতাৱস্থাতেই ৰাজ্যভাৰ ত্যাগ কৰিছিল, যাৰ পাছত নাৰুহিট'ই তেওঁৰ পিতৃৰ পদবী গ্ৰহণ কৰিছিল। নাৰুহিট' পূৰ্বৰ সম্ৰাট আকিহিট' আৰু পূৰ্বৰ সম্ৰাজ্ঞী মিচিক'ৰ জ্যেষ্ঠ পুত্ৰ। জাপানৰ পৰম্পৰাগত সূচীৰ মতে, নাৰুহিট' জাপানৰ ১২৬তম্ সম্ৰাট, যদিও ঐতিহাসিকভাৱে জাপানৰ ৰাজপৰিয়ালৰ প্ৰথম কেইজনমান সম্ৰাটৰ বিশেষ সাক্ষ্য পোৱা নাযায়। তেওঁ ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক্স আৰু ২০২০ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিক্স অধ্যক্ষ্য, তথা ৱৰ্ল্ড অৰ্গেনাইজেশ্যন অৱ দ্য স্কাউট মুভমেণ্টৰ সমৰ্থক।১
জন্ম, শিক্ষা আৰু ব্যক্তিগত জীৱন
১৯৬০ চনত ট'কিঅ' মহানগৰত নাৰুহিট'ৰ জন্ম হওঁতে পিতৃ আকিহিট' যুৱৰাজ আছিল।২৩ ১৯৮৯ চনৰ ৭ জানুৱাৰী তাৰিখে আকিহিট'ই জাপানৰ সম্ৰাটৰ দায়িত্ব গ্ৰহণ কৰিছিল, যাৰ লগে লগেই নাৰুহিট' জাপানৰ সিংহাসনৰ আপাত উত্তৰাধিকাৰী হৈ পৰিছিল। দুবছৰ পাছত, ১৯৯১ চনত তেওঁক আনুষ্ঠানিকভাৱে যুৱৰাজ ঘোষিত কৰা হৈছিল: তেওঁৰ নাম হিৰ'-ন'-মিয়া ৰখা হ'ল।৪
নাৰুহিট'ই ট'কিঅ'ৰ গাকুশ্বুইন বিদ্যালয়ত৫৬ আৰু পাছলৈ গাকুশ্বুইন বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেওঁ গাকুশ্বুইন বিশ্ববিদ্যালয়ত বুৰঞ্জী অধ্যয়ন কৰিছিল।৭ তাৰ পাছত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ মাৰ্টন মহাবিদ্যালয়ত ইংৰাজী অধ্যয়ন কৰিছিল।৮
১৯৯৩ চনত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰী আৰু কূটনীতিবিদ মাচাক' অ'ৱাডাৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল।৯ অ'ৱাডাৰ সৈতে নাৰুহিট'ৰ এজনী পুত্ৰী আছে: আইক', ৰাজকুমাৰী ট'শ্বি।১০১১
নাৰুহিট'ৰ জল-নীতি আৰু জল-সংৰক্ষণত ৰুচী আছে বুলি জনা যায়।১২ তেওঁ এগৰাকী ভায়'লাবাদকো হয়।
জাপানৰ যুৱৰাজ
১৯৯১ চনত নাৰুহিট'ক আনুষ্ঠানিকভাৱে জাপানৰ যুৱৰাজ ঘোষিত কৰা হৈছিল। যুৱৰাজ হিচাপে, তেওঁ ১৯৯৮ চনৰ শীতকালীন অলিম্পিক্স আৰু ১৯৯৮ চনৰ শীতকালীন পেৰালিম্পিক্সৰ এজন পৃষ্ঠপোষক আছিল। যুৱৰাজ হিচাপে নাৰুহিট'ই বিশ্বৰ স্কাউট আন্দোলনকো উৎসাহ যোগাইছিল। ২০০৬ চনত তেওঁ চতুৰ্দশ নিপ্পন জাম্ব'ৰিলৈ অতিথি হিচাপে গৈছিল, যি স্কাউট এচিচিয়েশ্যন অৱ জাপানৰ জাতীয় জাপানী জাম্ব'ৰি।১৩
১৯৯৪ চনৰ পৰা যুৱৰাজ নাৰুহিট' জাপানী ৰে'ড ক্ৰছ চচাইটিৰ সন্মানসূচক উপ-সভাপতিও।১৪
২০১২ চনত, দুসপ্তাহৰ বাবে নাৰুহিট'ই পিতৃ আকিহিট'ৰ সলনি জাপানৰ সম্ৰাটৰ ভাৰ বহন কৰিছিল। সেই সময়ত সম্ৰাট আকিহিট'ৰ হৃদয়ৰ বাইপাছ অস্তোপ্ৰচাৰ কৰা হৈছিল, যাৰ পাছত তেওঁ সুস্থ হৈ উঠিছিল।১৫ শ্বিজুকা আৰু য়ামানাশ্বি প্ৰিফেক্চাৰত নাৰুহিট'ৰ জন্মদিনক "ফুজি পৰ্বত" নাম দিয়া হৈছে, কাৰণ নাৰিহিট'ই এই পৰ্বতক পচন্দ কৰাৰ কথা কোৱা হয়।১৬
জাপানৰ সম্ৰাট
২০১৭ চনৰ ১ ডিচেম্বৰ তাৰিখে ঘোষণা কৰা হ'ল যে ২০১৯ চনৰ ৩০ এপ্ৰিল তাৰিখে তদানীন্তন সম্ৰাট আকিহিট'ই সিংহাসন ত্যাগ কৰিব, আৰু তাৰ পাছত ২০১৯ চনৰ ১ মে' তাৰিখে নাৰুহিট'ই জাপানৰ ১২৬তম্ সম্ৰাটৰ পদবী লাভ কৰিব।১৭১৮ ৩০ এপ্ৰিললৈকে জাপানৰ হেইচেই কাল আছিল। দিনটো শেষ হোৱাৰ লগে লগেই এই কালৰ অন্ত পৰিল। ১ মে' তাৰিখে নাৰুহিট'ই জাপানৰ সম্ৰাটৰ ভাৰ গ্ৰহণ কৰিলে আৰু ইয়াৰ লগে লগেই মধ্যৰাত্ৰিত জাপানৰ ৰেইৱা কালৰ আৰম্ভ হ'ল। নাৰুহিট'ৰ সম্ৰাটৰ শক্তি ৰাতিপুৱা পৰম্পৰাগতভাৱে আনুষ্ঠানিকভাৱে স্বীকৃত হ'ল। সম্ৰাট হিচাপে নিজৰ প্ৰথম বক্তৃতাত নাৰুহিট'ই প্ৰতিজ্ঞা কৰিলে যে তেওঁ তেওঁৰ পিতৃ আকিহিট'ৰ শাসনৰ বিষয়ে গভীৰ চিন্তন কৰিব আৰু "ৰাজ্য আৰু জনতাৰ মাজৰ ঐক্যৰ চিহ্ন" হিচাপে নিজৰ সাংবিধানিক দায়িত্ব পালন কৰিব।১৯
জাপানৰ সংবিধানৰ ৪ নং দফা অনুযায়ী, নাৰুহিট'ৰ দায়িত্ব কেৱল ঔপচাৰিক, কোনো শাসকীয় শক্তিবিহীন।২০ তেওঁ কোনো ৰাজনৈতিক মন্তব্যও প্ৰদান কৰিব নোৱাৰে।১৯ তেওঁ সংবিধানত লিখিত দায়িত্বহে পালন কৰিব পাৰে, আৰু তেনে কৰোঁতেও তেওঁ সাংবিধানিক নিতি-নিয়ম আৰু কেবিনেটৰ পৰামৰ্শৰে বাধিত। উদাহৰণস্বৰূপে, যদিও সম্ৰাটে জাপানৰ প্ৰধান মন্ত্ৰীক পদবীৰ ভাৰ প্ৰদান কৰে, তেওঁ নিজ ইচ্ছাৰে প্ৰধান মন্ত্ৰী চয়ন কৰিব নোৱাৰে। জাতীয় ডিয়েটে চয়ন কৰি দিয়া ব্যক্তিকহে তেওঁ প্ৰধান মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিব পাৰে।২১
২০১৯ চনৰ ২২ অক্টোবৰত নাৰুহিট'ৰ সিংহাসন গ্ৰহণ কৰাৰ ৰীতি-নীতি ৰাজহুৱাকৈ পালন কৰা হ'ল। প্ৰাচীন কালৰ ৰীতি-নীতিৰেই এক ৰাজহুৱা ঘোষণা কৰা হ'ল। ২০২১ চনৰ ২৩ জুলাইত তেওঁ ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক্সৰ শুভাৰম্ভ ঘোষণা কৰিছিল, যি ট'কিঅ' মহানগৰত এবছৰ পলমকৈ অনুষ্ঠিত হৈছিল, ক'ভিড মহামাৰীৰ বাবে। তেওঁৰ ককাক, হিৰ'হিট'য়ো ১৯৬৪ চনত এই সন্মান লাভ কৰিছিল।
তথ্যসূত্ৰ
- ↑ Their Majesties the Emperor and Empress – The Imperial Household Agency. www.kunaicho.go.jp
- ↑ (23 February 1960). 浩宮徳仁親王(現皇太子)誕生. Mainichi Shimbun
- ↑ Hills 2006, পৃ. 69
- ↑ Personal Histories of Their Imperial Highnesses the Crown Prince and Crown Princess
- ↑ Hills 2006, পৃ. 77–78
- ↑ Hills 2006, পৃ. 79
- ↑ Hills 2006, পৃ. 81
- ↑ Hills 2006, পৃ. 142–143, 152
- ↑ Hills 2006, পৃ. 2
- ↑ (1 December 2001). Girl Born to Japan's Princess. The New York Times
- ↑ French, Howard W. (8 December 2001). Japan: A Name For The Royal Baby. The New York Times
- ↑ Personal Histories of Their Imperial Highnesses the Crown Prince and Crown Princess
- ↑ Frankensausur. Why Scout Association of Japan and World Organization of the Scout Movement are similar. frankensaurus.com/_related/Scout_Association_of_
- ↑ Personal Histories of Their Imperial Highnesses the Crown Prince and Crown Princess
- ↑ (18 February 2012). Japanese Emperor Akihito's heart surgery 'a success'. BBC News
- ↑ First Post. Naruhito, Japan's new emperor is an Oxford graduate who believes in water conservation; will usher in Reiwa era in country. www.firstpost.com/world/naruhito-japans-new-empe
- ↑ Emperor Akihito to abdicate on April 30, 2019. japantoday.com
- ↑ Osaki, Tomohiro. (1 December 2017). Japan sets date for Emperor Akihito's abdication as April 30, 2019. The Japan Times
- ↑ (1 May 2019). Japan's new Emperor Naruhito pledges unity. BBC News
- ↑ The Status of the Emperor. দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছ Country Studies
- ↑ Japan at Encyclopedia Britannica
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰুহিট'” প্ৰবন্ধৰ সংশোধন ৩৮৫২৮৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।