অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নামিবিয়াৰ নাৰী

নামিবিয়াৰ নাৰীক (Women in Namibia) স্বাস্থ্য, লিংগভিত্তিক হিংসা আৰু শিক্ষাৰ সুবিধাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখা যায়। অৱশ্যে নামিবিয়া চৰকাৰে মহিলাসকলক সম-অধিকাৰ প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ য'ত লিংগ সমতাৰ প্ৰতিশ্ৰুতি আৰু নামিবিয়াৰ সংবিধানত সংসদৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ…

হালনাগাদ: ৩ মে’ ২০২৬ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

নামিবিয়াৰ নাৰীক (Women in Namibia) স্বাস্থ্য, লিংগভিত্তিক হিংসা আৰু শিক্ষাৰ সুবিধাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখা যায়। অৱশ্যে নামিবিয়া চৰকাৰে মহিলাসকলক সম-অধিকাৰ প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ য'ত লিংগ সমতাৰ প্ৰতিশ্ৰুতি আৰু নামিবিয়াৰ সংবিধানত সংসদৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ প্ৰতিশ্ৰুতিও অন্তৰ্ভুক্ত হৈছে।১২ বৰ্তমান সংসদৰ সকলো আসনৰ প্ৰায় আধাসংখ্যকতে মহিলাই কাৰ্যনিৰ্বাহ কৰি আছে আৰু ২০১৫ চনত নামিবিয়াই দেশৰ প্ৰধানমন্ত্ৰী হিচাপে এগৰাকী মহিলাক নিৰ্বাচিত কৰিছিল।৩

স্বাস্থ্য

এইচ আই ভি/এইডছ ৰোগৰ নামিবিয়াত বিস্তৃতি অধিক। ২০০৪ চনত এইচআইভিৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই শিখৰ স্পৰ্শ কৰে৷ সেইসময়ত ১২,০০০ লোকৰ মৃত্যু হৈছিল৷ অৱশ্যে পাছলৈ ২০২১ চনত মৃতকৰ সংখ্যা প্ৰায় ২,৯০০ লোকলৈ হ্ৰাস পায়।৪

মহিলাৰ আৰ্থ-সামাজিক অৱস্থা এইচআইভিৰ অৱস্থাৰ এক উল্লেখযোগ্য সূচক হৈয়েই আছে।৫নামিবিয়াৰ দৰিদ্ৰতম মহিলাসকলৰ ভিতৰত এইচআইভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ২১.৪%৷ আনহাতে ধনী পৰিয়ালৰ ক্ষেত্ৰত এইচআইভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ৩.৭%।৫

নামিবিয়াত মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ যোৱা দশকত কিছুমান পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ২০০৪ চনত এক লাখ জীৱিত শিশুৰ বিপৰীতে মৃত শিশুৰ সংখ্যা আছিল ৩৫৮ টা ৷ কিন্তু ২০১৭ চনত এই সংখ্যা কমি প্ৰতি এক লাখ জীৱিত শিশুৰ ভিতৰত ১৯৫ হৈছেগৈ৷৬ নামিবিয়াত মহিলাৰ আয়ুসৰো উন্নতি হৈছে। ২০২০ চনত মহিলাৰ আয়ুস হৈছে ৬৭ বছৰ আনহাতে ২০০৪ চনত মহিলাৰ আয়ুস আছিল ৫৩ বছৰ৷৭

ঘৰুৱা হিংসা

ছাৰা কুউগংগেলেভা, নামিবিয়াৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী
ছাৰা কুউগংগেলেভা, নামিবিয়াৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীছবি: User:Chtrede · CC BY-SA 3.0 de

১৯৯০ চনৰ ৰাষ্ট্ৰখনৰ সংবিধানে মহিলাসকলক আইনৰ অধীনত সমান সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰে আৰু লিংগ বৈষম্য নিষিদ্ধ কৰে।৮৯ তৎস্বত্ত্বেও নামিবিয়াত পুৰুষ আৰু মহিলাৰ মাজত লিংগ ব্যৱধান হ্ৰাস কৰিবলৈ এতিয়াও বহু কাম কৰিবলগীয়া আছে।

নামিবিয়াত ঘৰুৱা হিংসা এতিয়াও এক বৃহৎ চিন্তাৰ বিষয়৷ গড়ে ১৫-৪৯ বছৰৰ ভিতৰৰ নামিবিয়াৰ ২৬.৭% মহিলাই অন্ততঃ এবাৰ ঘৰুৱা আৰু/বা যৌন হিংসাৰ সন্মুখীন হৈছে৷ এই মহিলাসকলৰ ৫২%য়েই ১৫-১৯ বছৰ বয়সৰ।১০

২০০০ চনত নামিবিয়াই বৈবাহিক ধৰ্ষণ নিষিদ্ধ কৰিছিল।

আইনী অধিকাৰ আৰু সংসদীয় প্ৰতিনিধিত্ব

যোৱা দশকৰ ভিতৰত নামিবিয়াত সংসদত মহিলাৰ প্ৰতিনিধিত্বৰ গুৰুত্ব বৃদ্ধি পাইছে। ২০০৪ চনত সংসদত মহিলাৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত নামিবিয়াক বিশ্বৰ সোতৰ নম্বৰ স্থানত ৰখা হৈছিল।.১১২০১৪ চনত দক্ষিণ পশ্চিম আফ্ৰিকা পিপলছ অৰ্গেনাইজেশ্যনে সংসদৰ আধা আসন মহিলাৰে পূৰণ কৰাৰ প্ৰতিশ্ৰুতিৰ নীতি প্ৰৱৰ্তন কৰে৷ ইয়াৰ উপৰিও নামিবিয়াত "জেব্ৰা" ব্যৱস্থা আছে য'ত এজন পুৰুষ প্ৰধানমন্ত্ৰীৰ এগৰাকী মহিলা উপমন্ত্ৰী থাকিব নাইবা এগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ এগৰাকী পুৰুষ উপমন্ত্ৰী থাকিব।২২০২১ চনলৈকে নামিবিয়াৰ সংসদৰ ৪৪% আসন মহিলাই পূৰণ কৰিছে।৩

২০১৫ চনৰ মাৰ্চ মাহত ছাৰা কুউগংগেলেভাই নামিবিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে৷ তেখেত নামিবিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।১২

তথ্যসূত্ৰ

  1. ↑ Namibia. UN Women
  2. ↑ O'Riordan, By Alexander; Service, from the South African Civil Society Information; AllAfrica.com, through. (2014-07-08). Namibia's 'zebra' politics could make it stand out from the global herd · Alexander O'Riordan. The Guardian
  3. ↑ Country Fact Sheet · UN Women Data Hub. data.unwomen.org
  4. ↑ Namibia. www.unaids.org
  5. ↑ Ekholuenetale, Michael; Onuoha, Herbert; Ekholuenetale, Charity Ehimwenma. (2021). Socioeconomic Inequalities in Human Immunodeficiency Virus (HIV) Sero-Prevalence among Women in Namibia: Further Analysis of Population-Based Data. International Journal of Environmental Research and Public Health. পৃ. 9397
  6. ↑ Maternal mortality ratio (modeled estimate, per 100,000 live births) - Namibia · Data. data.worldbank.org
  7. ↑ Life expectancy at birth, female (years) - Namibia · Data. data.worldbank.org
  8. ↑ (January 2015). Women's Property Rights In Namibia: An Investigative Report to Determine The Potential for Litigation. University of Wyoming Human Rights Clinic
  9. ↑ · Human Development Reports. hdr.undp.org
  10. ↑ Proportion of ever-partnered women and girls aged 15-49 years subjected to physical and/or sexual violence by a current or former intimate partner in the previous 12 months. www.who.int
  11. ↑ Bauer, Gretchen. (2004). 'The Hand That Stirs the Pot Can Also Run the Country': Electing Women to Parliament in Namibia. The Journal of Modern African Studies. পৃ. 479–509
  12. ↑ Saara Kuugongelwa-Amadhila. Council of Women World Leaders

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামিবিয়াৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৬০৪২২২ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।