শিৱসাগৰৰ পৰা ৮ মাইল দক্ষিণে নামতি। এই নামতিতে দুটা দ'ল আছে। এই দ'ল দুটাকে মানুহে নামতি দ'ল বুলি কয়। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত নামতিয়াল ভাগৱতীক খাৰঘৰীয়া ফুকন পদৰ পৰা আনি বৰবৰুৱা পাতে আৰু ৰজাই নিজৰ বায়েক বৰ আইদেউক বৰবৰুৱালৈ বিয়া দিয়ে। এইজনা বৰবৰুৱাই ১৭৭৫ চনত নামতিত দ'ল বন্ধায়। ঘাই দ'লটোৰ মেৰে ৫৮ হাত আৰু ওখকৈ ৩১ হাত। ডাঙৰ দ'লটো শিৱ দ'ল আৰু সৰু দ'লটো বিষ্ণু দ'ল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামতি দ'ল” প্ৰবন্ধৰ সংশোধন ৬২১৪৩৭ (২৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।