অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ধ্ৰুৱী আচাৰ্য

ধ্ৰুৱী আচাৰ্য, জন্ম: ১৯৭১ চন, যি তেওঁৰ মানসিকভাৱে জটিল আৰু দৃশ্যগতভাৱে স্তৰিত চিত্ৰকলাৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় শিল্পী। শেহতীয়াকৈ তেওঁ চিৰামিক তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁৰ ঘৰ ভাৰতৰ মুম্বাইত।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ধ্ৰুৱী আচাৰ্য, জন্ম: ১৯৭১ চন,১ যি তেওঁৰ মানসিকভাৱে জটিল আৰু দৃশ্যগতভাৱে স্তৰিত চিত্ৰকলাৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় শিল্পী।২ শেহতীয়াকৈ তেওঁ চিৰামিক তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছে।৩ তেওঁৰ ঘৰ ভাৰতৰ মুম্বাইত।৪

জন্ম, বিবাহ আৰু শিক্ষা

১৯৭১ চনত ভাৰতত জন্মগ্ৰহণ কৰা ধ্ৰুৱী আচাৰ্য মুম্বাইত ডাঙৰ-দীঘল হৈছিল।৫ তেওঁ মুম্বাইৰ ৱালচিংহাম হাউচ স্কুল নামৰ ব্যক্তিগত ছোৱালীৰ বিদ্যালয়ত পঢ়িছিল।৬ আচাৰ্যই ১৯৯৩ চনত মুম্বাইৰ ছফিয়া পলিটেকনিকত প্ৰয়োগ কলা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।১৭ ১৯৯৮ চনত মেৰিলেণ্ডৰ বাল্টিমোৰৰ মেৰিলেণ্ড ইনষ্টিটিউট কলেজ অৱ আৰ্ট (MICA)ৰ হফবাৰ্গাৰ স্কুল অৱ পেইন্টিঙৰ পৰা চাৰু কলাৰ স্নাতকোত্তৰ (MFA) ডিগ্ৰী লাভ কৰে।১ MICAত তেওঁ চিত্ৰশিল্পী গ্ৰেচ হাৰ্টিগানৰ ওচৰত অধ্যয়ন কৰিছিল।৫ চলচ্চিত্ৰ নিৰ্মাতা মনীষ আচাৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁৰ দুটি পুত্ৰ সন্তান জন্ম হয়। ২০১০ চনত এক দুৰ্ঘটনাত মনীষ আচাৰ্যৰ মৃত্যু হয়।৮৯

কৰ্ম

২০০৫ চনৰ জানুৱাৰী মাহত ইণ্ডিয়া টুডে বাতৰি আলোচনীত আচাৰ্যক “সফলতাৰ দ্ৰুত পথেৰে আগবঢ়া’’ ৩৫ বছৰৰ তলৰ ৫০জন ভাৰতীয়ৰ ভিতৰত এগৰাকী হিচাপে প্ৰকাশ কৰিছিল।১০ তেওঁ নিউয়ৰ্কৰ কুইন্স মিউজিয়াম অৱ আৰ্ট, ছান জোছ মিউজিয়াম অৱ আৰ্ট, মুম্বাইৰ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্ট, মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰহালয় মিউজিয়াম, গ্ৰীফিথ বিশ্ববিদ্যালয়, ব্ৰিজবেনৰ ছেইণ্ট লুইছৰ ৱেবষ্টাৰ বিশ্ববিদ্যালয় আৰু মিলানৰ পূৰ্বৰ স্পাজিঅ' অবেৰডানত প্ৰদৰ্শনী কৰিছে।১১ ২০১৭ চনত আচাৰ্যই মুম্বাইৰ এছিয়া ছ'চাইটি ইণ্ডিয়া চেণ্টাৰত পোষ্ট-বুম: আৰ্টিষ্টছ এণ্ড থেৰ প্ৰেকটিছ নামৰ পেনেলত অংশগ্ৰহণ কৰে।১২ আচাৰ্যৰ বিশেষ প্ৰকল্পসমূহৰ ভিতৰত আছে "পেইণ্টিং এজ পাৰফৰমেন্স", চিত্ৰ গণেশৰ সৈতে ২০১৫ চনত ভাৰত কলা মেলা আৰু "জে এছ ডব্লিউ", জিন্দাল ষ্টীল ৱৰ্কছ চেণ্টাৰ, মুম্বাইৰ ৩২ ফুটৰ মিউৰেল।১৩ ইনষ্টলেচনৰ শিৰোনাম "যি আছিল, এতিয়াও আছে, কিন্তু নহয়..." য'ত আচাৰ্যই দিল্লীৰ মৰ্টে গেলেৰীত কপাহী কাপোৰেৰে গেলেৰীৰ কোঠাটো বুৰাই পেলাইছিল।১৪১৫

তথ্যসূত্ৰ

  1. ↑ Dhruvi Acharya Biography. www.artnet.com
  2. ↑ (2010). Painting, Still Lively - Slide 4 of 13. The New York Times
  3. ↑ Deodhar, Neerja. (December 10, 2023). Ladies first. Mid-day
  4. ↑ Agrawal, Ravin. (2009). Transcript of "10 young Indian artists to watch". TedIndia
  5. ↑ (2016-09-15). People: Dhruvi Acharya. The Floating Magazine
  6. ↑ The Universality of the Human Experience. magzter.com
  7. ↑ Dhruvi Acharya. Saffronart
  8. ↑ Mishra, Manish D. (2013-10-20). Take risks & trust your intuition: Dhruvi Acharya. DNA India
  9. ↑ Losing her father and husband in one year, here's how this artist fought back. Elle India
  10. ↑ March 21, 2005UPDATED. (2005-01-31). Young guns who represent the changing face of India. India Today
  11. ↑ India Arte Oggi Spazio Oberdan Milano. 1995-2015.undo.net
  12. ↑ Post-Boom: Artists and Their Practices. Asia Society
  13. ↑ (December 7, 2015). There's accounting for taste. Mumbai Mirror
  14. ↑ (2020-01-30). Filling a Vacuum. The Indian Express
  15. ↑ Deepak, Sukant. (2020-01-14). Dhruvi Acharya and art of dealing with loss. www.thehansindia.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধ্ৰুৱী আচাৰ্য” প্ৰবন্ধৰ সংশোধন ৬৩৫৪১৯ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।