দ'ত বা দৈত্য হৈছে এবিধ অপদেৱতা।১ পাৰ্থিৱ ভূত-প্ৰেত সমূহৰ ভিতৰত দ'ত হৈছে এবিধ জলচৰ অপদেৱতা। দৈত্য শব্দটো সংস্কৃতৰ পৰা অহা। ই মানুহক বিভিন্ন ছলনা কৰি ফুচুলাই পথ হেৰুৱাই লৈ যায়। তাৰ পিছত নিৰ্জন হাবি বা আন্ধাৰত মানুহক অচেতন কৰি বা মাৰি পেলাই থৈ যায়। ৰাতি দোকমোকালিতে আন্ধাৰ সময়ত ই কোনো বন্ধুস্থানীয় লোকৰ ৰূপত দেখা দি মানুহক পুখুৰীৰ ফাললৈ লৈ যায়। পানীত থকা বাবে আন জলচৰ জীৱ সদৃশ দৈত্যবোৰ পিছল।২ ইয়াৰোপৰি দ'তবোৰ ওখ। ই দহ বাৰ ফুটলৈকে ওখ হ'ব পাৰে। পানী থকা জান, পুখুৰী বা জলাহৰ পানী যুঁৱলীত দ'ত থাকে বুলি কোৱা হয়। ই মানুহক ডিঙি চেপি ধৰে, ভুকুৱাই, হাতৰ আঙুলিৰে বাকুতি ধৰে। প্ৰথমে তাক মানুহৰ দৰে দেখি যদিও ক্ৰমে সি ডাঙৰ হৈ আহে আৰু হতাব নোৱৰা হৈ পৰে। দৈত্যৰ লগত এটা জলমোনা থাকে। এই জলমোনাটো কোনো মানুহে বশ কৰি ল'ব পাৰিলে সি তেওঁৰ আদেশ মানি চলে।
তথ্যসূত্ৰ
- ↑ দ'ত. xobdo.org
- ↑ পদ্মনাথ গোহাঞি বৰুৱা. ভূত নে ভ্ৰম. লীলা এজেঞ্চি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ'ত” প্ৰবন্ধৰ সংশোধন ৩৯৪০৮৩ (৩০ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।