দহি ৱাদা বা দহি বাদা হৈছে ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা এক প্ৰকাৰৰ চাট (স্নেক)।১ ইয়াক ডাঠ ডাহি (দৈ)ত ৱাদা (ভজা মচুৰ দাইলৰ বল) তিয়াই প্ৰস্তুত কৰা হয়। ২
নাম
দহি ৱাদাক মাৰাঠী ভাষাত "দাহি বাদে" (দহী বালে), উৰ্দুত দাহি বাড়ে/দহি বালে, হিন্দীত দাহি বাদা/দাহি ৱাদা ( बाডা/दही ৱডা), পাঞ্জাবী ভাষাত দাহি ভল্লা (ভ্লা/दহি ভলা), তামিল ভাষাত থাইৰ ৱাদৈ (দৈ ৱদা),৩ থাইকুৰু ৱাদা বুলিও জনা যায় d vada) মালয়ালমত, perugu vada in তেলেগু, কানাড়া ভাষাত মোছাৰু ভাদে, ওদিয়া ভাষাত দহি বাৰা আৰু বাংলা ভাষাত দোই বৰা।
দহি বাদাৰ ইতিহাস
দহি বাদাৰ এটা (ক্ষীৰাৱট হিচাপে) পুৰণি ৰন্ধন প্ৰণালী ৰূপে উল্লেখ পোৱা যায়।৪৫ দ্বাদশ শতিকাৰ সংস্কৃত বিশ্বকোষ মনসোল্লাসাত। এই গ্ৰন্থখন ৰজা সমেশ্বৰ তৃতীয়ই (বৰ্তমানৰ কৰ্ণাটকৰ পৰা শাসন কৰা ৰজা) ৰচনা কৰিছিল। আজিকালি দহি বাদা বিশেষকৈ হোলী আৰু অন্যান্য উৎসৱত প্ৰস্তুত কৰা হয়।৫৬
প্ৰস্তুত প্ৰণালী
ধুই লোৱা উৰাদ মচুৰ দাইল ৰাতিটো তিয়াই ৰাখি ভালদৰে পিহি লৈ মিশ্ৰণ তৈয়াৰ কৰি লোৱা হয়। তাৰ পিছত গৰম তেলত সিজোৱা হয়।৭ গৰম তেলত ডুবাই ভালদৰে ভজাৰ পিছত বাদাবোৰ প্ৰথমে পানীত ডুবাই ঠাণ্ডা কৰা হয়। তাৰ পিছত ঠাণ্ডা কৰা বাদাবোৰ ঘন ফেটি লোৱা দৈলৈ স্থানান্তৰ কৰা হয়। বাদাবোৰ পৰিবেশনৰ আগলৈকে কিছু সময়ৰ বাবে এনেকৈয়ে থোৱা হয়।৭দহি বাদাৰ মিশ্ৰণ টোত যোগ কৰা বস্তুৰ ভিতৰত সোণালী কিচমিচকে ধৰি ওপৰত ধনীয়া বা পদিনা পাত, জলকীয়াৰ গুড়ি, গুড়ি কৰা ক’লা জালুক, চাট মছলা, জিৰা, টুকুৰা টুকুৰ কৰা নাৰিকল,কেচাঁ জলকীয়া, বুণ্ডী, পাতলকৈ কাটি লোৱা সতেজ আদা, বা ডালিম দিব পাৰি। ভাৰতৰ কিছুমান ঠাইত বিশেষকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত মিঠা দৈ পছন্দ কৰা হয় যদিও গাৰ্নিচিং একে ধৰনেই কৰে। ধনীয়া আৰু অমিতাৰ চাটনিৰ সংমিশ্ৰণক প্ৰায়ে গাৰ্নিচ হিচাপে ব্যৱহাৰ কৰা হয়।৭কিছুমান ঠাইত বেচনৰ আটা ব্যৱহাৰ কৰিও দহি বাদাৰ মিশ্ৰণ বনাব পাৰি।৮৯
স্থানসমূহ
জনপ্ৰিয় পথৰ দাঁতিৰ চাট হিচাপে দহি বাদা সমগ্ৰ ভাৰতৰ বিভিন্ন চহৰত পোৱা যায়, বিশেষ কৈ চেন্নাই, বাংগালুৰু, দিল্লী, মুম্বাই, জয়পুৰ, কলকাতা, কটক, ইন্দোৰ আদিও আছে। পাকিস্তানৰ, বিশেষকৈ কৰাচীত দহি বাদা পোৱা যায়।
লগতে চাওক
- দহি পুৰী
- দহি বাদা আলুদাম
- যোশপাৰা
- পাঞ্জাবী খাদ্য
তথ্যসূত্ৰ
- ↑ (20 February 2014). Soft, crisp vadas!. দ্য হিন্দু
- ↑ Madhulika, Nisha. (11 March 2015). Express Recipes: How to make the perfect Dahi Vada. The Indian Express
- ↑ சோள தயிர் வடை /கார்ன் தஹி வடா. Dinakaran
- ↑ K.T. Achaya. (2003). The Story of Our Food. Universities Press. পৃ. 85. ISBN 978-81-7371-293-7
- ↑ Vishal, Anoothi. Chaat Masala: Gourmet Indian street food. The Economic Times
- ↑ Mutton Khichda to Dahi Vadas: Home-made, but street style. The New Indian Express
- ↑ Street Food: Make Authentic Dahi Vada At Home With Veranda Restaurant's Exclusive Recipe. NDTV Food
- ↑ Dahi Vada Recipe: How to Make Dahi Vada. recipes.timesofindia.com
- ↑ (2020-03-09). The story of Dahi Bhalla and how to make it at home. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দহি বাদা” প্ৰবন্ধৰ সংশোধন ৬০২৩৬৯ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।