হিমাচল প্ৰদেশ
৫ প্ৰবন্ধ
-
জ্বালামুখী মন্দিৰ
জ্বালামুখী মন্দিৰ উত্তৰ ভাৰতত অৱস্থিত এটি বিখ্যাত শক্তিপীঠ। হিমাচল প্ৰদেশৰ কাংৰাৰ সমীপবৰ্তী জ্বালামুখী নামে চহৰত অৱস্থিত এই মন্দিৰ ভাৰতৰ একাৱন্নটা শক্তিপীঠৰ অন্যতম। ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে খণ্ডিত কৰা দেৱী সতীৰ জিভা ইয়াত পৰিছিল বুলি প্ৰচলিত বিশ্বাস আছে।
-
তোষ, হিমাচল প্ৰদেশ
তোষ (Tosh) গাঁও ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত অৱস্থিত। এই গাঁওখন পাৰ্বতী উপত্যকাৰ পাৰ্বতী নদীৰ সোঁ পাৰৰ এক পৰ্বতীয়া ঢালত, সাগৰ পৃষ্ঠৰপৰা প্ৰায় ২,৪০০ মিটাৰ (৭,৯০০ ফুট) উচ্চতাত অৱস্থিত আৰু ই চাৰিওফালে পৰ্বতমালাৰে পৰিবেষ্টিত (তোষ হৈছে এই উপত্যকাৰ অন্তিমখন গাঁও)।
-
নৰকান্দ
নৰকান্দ ভাৰতৰ হিমাচল প্ৰদেশৰ চিমলা জিলাৰ এখন চহৰ।
-
মালানা
মালানা ভাৰতৰ হিমাচল প্ৰদেশৰাজ্যৰ এখন গাঁও। কুল্লু উপত্যকাৰ উত্তৰ-পূবত থকা পাৰ্বতী উপত্যকাৰ এটা পাৰ্শ্ব উপত্যকা মালানা নালাত অৱস্থিত এইখনেই একমাত্ৰ গাঁও। ইয়াৰ ওপৰত চন্দ্ৰখানি আৰু দেও টিব্বা পৰ্বতৰ শৃংগসমূহৰ ছাঁ পৰে।
-
হিড়িম্বা মন্দিৰ
হিড়িম্বা দেৱী মন্দিৰ মন্দিৰ, যাক স্থানীয়ভাৱে ধেংগেৰী মন্দিৰ বুলি জনা যায়,যাক বিভিন্নভাৱে হাদিম্বা মন্দিৰ বুলিও জনা যায়, হৈছে উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যৰ এটা পাহাৰীয়া আস্থান মানালীত অৱস্থিত এটা হিন্দু মন্দিৰ।