অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

তাপ সঞ্চালন

শক্তিৰ এক অন্যতম প্ৰকাৰ হ'ল তাপ শক্তি। উষ্ণতা বিভেদৰ ফলস্বৰূপে উচ্চ উষ্ণতা সম্পন্ন অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপ শক্তিৰ পৰিবহণকে তাপ সঞ্চালন বোলা হয়।

হালনাগাদ: ২ জুলাই ২০২৬ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

শক্তিৰ এক অন্যতম প্ৰকাৰ হ'ল তাপ শক্তি। উষ্ণতা বিভেদৰ ফলস্বৰূপে উচ্চ উষ্ণতা সম্পন্ন অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপ শক্তিৰ পৰিবহণকে তাপ সঞ্চালন বোলা হয়।

তাপ সঞ্চালনৰ পদ্ধতি

তাপ শক্তি তিনিটা পদ্ধতিৰে সঞ্চালন হয়

  • পৰিবহণ (Conduction)
  • পৰিচলন (Convection)
  • বিকিৰণ (Radiation)

পৰিবহণ

মূল প্ৰবন্ধ: En:Thermal conduction

পৰিবহণ তাপ সঞ্চালন প্ৰক্ৰিয়াত কোনো পদাৰ্থৰ অন্তৰ্ভুক্ত উচ্চ উষ্ণতাৰ অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ বা উচ্চ উষ্ণতাৰ কোনো এক পদাৰ্থৰ সংস্পৰ্শত থকা নিম্ন উষ্ণতাৰ পদাৰ্থলৈ অণুবোৰৰ কোনোধৰণৰ স্থান পৰিবৰ্তন নোহোৱাকৈয়ে তাপৰ পৰিবহণ হয়। পৰিবহণ প্ৰক্ৰিয়াৰে তাপ সষ্ণালনৰ বাবে কঠিন মাধ্যমৰ প্ৰয়োজন। এই পদ্ধতিত পদাৰ্থৰ বেছি উষ্ণতাৰ অণুবোৰে তাপ গ্ৰহণ কৰি স্পন্দিত হ’বলৈ ধৰে। এই স্পন্দনৰ জৰিয়তে পদাৰ্থৰ উত্তপ্ত অণুবোৰে তাৰ পাৰ্শ্ববৰ্তী শীতল অণুবোৰক তাপ প্ৰদান কৰে। ধাতৱীয় পদাৰ্থৰ মাজেদি হোৱা তাপ পৰিবহণত মুক্ত ইলেকট্ৰণবোৰে অৰিহণা যোগায়। ধাতুৰ তাপ পৰিবাহী গুণ মুক্ত ইলেকট্ৰণৰ ঘনত্বৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল। মুক্ত ইলেকট্ৰণৰ সংখ্যা বৃদ্ধি হ’লে ধাতুৰ তাপ পৰিবাহিতাও বৃদ্ধি হয়। উদাহৰণস্বৰূপে, লোৰ দণ্ড এডালৰ এটা মূৰ জুইত সোমোৱালে আনটো মূৰলৈ পৰিবহণ পদ্ধতিৰে তাপৰ সঞ্চালন হয়।

পৰিচলণ

মূল প্ৰবন্ধ: En:Convective heat transfer

এই পদ্ধতিৰে তাপ সঞ্চালনত তৰল পদাৰ্থৰ অণুবোৰৰ চলাচলৰ জৰিয়তে উচ্চ উষ্ণতাৰ অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপৰ পৰিচলন হয়। তৰল পদাৰ্থৰ উষ্ণতা বৃদ্ধি হ’লে ঘনত্ব কমে। সেয়েহে উষ্ণতা বঢ়াৰ লগে লগে কম ঘনত্বৰ তৰল ওপৰলৈ গতি কৰে আৰু ওপৰৰ বেছি ঘনত্বৰ তৰল তললৈ আহিবলৈ ধৰে। এনেদৰে চক্ৰীয় গতিৰে গোটেই তৰল পদাৰ্থখিনিৰ মাজেৰে তাপৰ পৰিচলন হয়। উদাহৰণস্বৰূপে, এটা পাত্ৰত পানী লৈ তাপ প্ৰয়োগ কৰিলে পৰিচলন প্ৰক্ৰিয়াৰে পানীখিনিৰ উষ্ণতা বৃদ্ধি হয়।

বিকিৰণ

মূল প্ৰবন্ধ: En:Thermal radiation

বিকিৰণ পদ্ধতিৰে তাপ সঞ্চালনৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নহয়। সকলো উচ্চ উষ্ণতাৰ পদাৰ্থয়ে পাৰ্শ্বৱৰ্তী এলেকালৈ তাপৰ বিকিৰণ ঘটায়। তৰিৎচৌম্বকীয় তৰংৰ জৰিয়তে এই পদ্ধতিত তাপৰ সঞ্চালন হয়। উদাহৰণস্বৰূপে, সূৰ্য্যৰ পৰা অহা তাপ শক্তি বিকিৰণ প্ৰক্ৰিয়াৰ জৰিয়তে আমি অনুভৱ কৰোঁ। ১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ R.K.Rajput,Heat and Mass Transfer

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাপ সঞ্চালন” প্ৰবন্ধৰ সংশোধন ৬১৫২৭৯ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।