টি এন সীমা এজন ভাৰতীয় সমাজকৰ্মী, শিক্ষক আৰু ৰাজনীতিবিদ যিয়ে ২০১০ চনৰ পৰা ২০১৬ চনলৈকে কেৰালাৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ বাবে নিৰ্বাচিত হোৱা ৰাজ্যসভাৰ সাংসদ আছিল।[1][2]
প্ৰাথমিক জীৱন আৰু শিক্ষা ১৯৬৩ চনৰ ১ জুনত ভাৰতৰ কেৰালা ৰাজ্যৰ থ্ৰিছুৰত সীমাৰ জন্ম হৈছিল।
১৯৮৬ চনৰ ২৩ ডিচেম্বৰত তেওঁ জি জয়ৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যিজন বৰ্তমান ৰাজ্য চৰকাৰে নিযুক্তি দিয়া চি-ডি আই টিৰ সঞ্চালক।[3] তেওঁৰ এগৰাকী কন্যা আছে।[1]
টি এন সীমা কেৰেলা ৰাজ্যিক সভাপতি আৰু ৰাষ্ট্ৰীয় উপ-সভাপতি এআইডিডব্লিউএও, আৰু কেৰালাত চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সদস্য।[উদ্ধৃতিৰ প্ৰয়োজন]।
কেৰিয়াৰ কেৰালাৰ কুডুম্বশ্ৰী দৰিদ্ৰতা নিৰাময় অভিযানৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে মহিলাৰ মাহেকীয়া "শ্ৰীসবদম"ৰ সম্পাদিকা।[1]
তেওঁ হৰিঠা কেৰালাম মিছনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ২০২০ চনত তিৰুৱনন্তপুৰমত চিপিএমৰ মেয়ৰ প্ৰাৰ্থী হিচাপে নিযুক্তি লাভ কৰে।[4]
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টি এন শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫০২২০৩ (৪ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।