
টি-বেগ বা যৌগিক চাহৰ বেগ (Tea bag) হৈছে চাহৰ পাত বা আন বনৌষধিৰ পাত থকা সৰু, ছিদ্ৰযুক্ত, বন্ধ বেগ বা পেকেট, যিটো পানীত ডুবাই ঠেক কৰি ইনফিউজন কৰা হয়। প্ৰথমে কেৱল চাহৰ (Camellia sinensis) বাবে ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান ইয়াক অন্যান্য টিছান (বনৌষধি চাহ)ৰ সৈতেও তৈয়াৰ কৰা হয়।
চাহৰ বেগ সাধাৰণতে ফিল্টাৰ পেপাৰ বা খাদ্য গ্ৰেডৰ প্লাষ্টিক, ৰেচম বা কপাহৰে তৈয়াৰ কৰা হয়। এনেকুৱা চাহৰ বেগে চাহ ইনফিউজাৰৰ দৰেই কাম কৰে। কোনো নিষ্কাষণ বাকী নথকাকৈ একোটা চাহৰ বেগ একাধিকবাৰ ব্যৱহাৰ কৰিব পাৰি। কিছুমান চাহৰ বেগত ওপৰত কাগজৰ লেবেল থকা ডোঙাৰ টুকুৰা এটা সংলগ্ন থাকে যিয়ে বেগটো আঁতৰোৱাত সহায় কৰে, লগতে ইয়াত চাহৰ ব্ৰেণ্ড বা বিভিন্ন ধৰণৰ প্ৰদৰ্শন অন্তৰ্ভুক্ত থাকে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টি-বেগ” প্ৰবন্ধৰ সংশোধন ৩৭৫৪১০ (২৪ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।