অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

টাউ

দক্ষিণ আমেৰিকাৰ গুয়াৰানি পৌৰাণিক কাহিনীত টাউ হৈছে এটা দুষ্ট আত্মাৰ নাম। যদিও খ্ৰীষ্টান বিশ্বাসত টাউ চয়তানৰ সম্পূৰ্ণ সমাৰ্থক নহয়, উদাহৰণস্বৰূপে, তেওঁক কেতিয়াবা দ্য ইভিল স্পিৰিট বুলিও কোৱা হৈছিল আৰু সেইবাবেই হয়তো তেওঁ নিজেই দুষ্টতাৰ ব্যক্তিত্ব হিচাপে পৰিগণিত হৈছিল।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৬ ২৮৯ শব্দ · ২ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

দক্ষিণ আমেৰিকাৰ গুয়াৰানি পৌৰাণিক কাহিনীত টাউ হৈছে এটা দুষ্ট আত্মাৰ নাম। যদিও খ্ৰীষ্টান বিশ্বাসত টাউ চয়তানৰ সম্পূৰ্ণ সমাৰ্থক নহয়, উদাহৰণস্বৰূপে, তেওঁক কেতিয়াবা দ্য ইভিল স্পিৰিট বুলিও কোৱা হৈছিল আৰু সেইবাবেই হয়তো তেওঁ নিজেই দুষ্টতাৰ ব্যক্তিত্ব হিচাপে পৰিগণিত হৈছিল। টাউক তেওঁৰ বিপৰীত এংগাটুপিৰীৰ সৈতে গুয়াৰানি সৃষ্টি মিথৰ সৰ্বোচ্চ দেৱতা টুপাই সৃষ্টি কৰিছিল আৰু পৃথিৱীত মানৱতাৰ সৈতে বাস কৰিবলৈ তেওঁক এৰি থৈ গৈছিল।১

পত্নী আৰু সন্তান

গুয়াৰানি জনগোষ্ঠীৰ মাজত বাস কৰা মাৰাংগাটুৰ কন্যা কেৰানা নামৰ এগৰাকী মহিলাৰ প্ৰতি টাউৱে আকৰ্ষণ অনুভৱ কৰিছিল। টাউৱে নিজকে সুদৰ্শন যুৱকৰ বেশ ধৰি সাত দিন ধৰি তাইক আকৰ্ষণ কৰাৰ চেষ্টা কৰাৰ পাছত তাইক অপহৰণ কৰাৰ সিদ্ধান্ত লয় যদিও তেওঁৰ ভালপোৱাৰ চক্ৰান্তক আত্মা এংগাটুপিৰীয়ে বিফল কৰি পেলায়। টাউ আৰু এংগাটুপিৰীয়ে সাত দিন সাত ৰাতি ইজনে সিজনৰ লগত যুঁজিছিল, অৱশেষত তেওঁ পৰাজিত হোৱালৈকে। পৰাজয়ৰ পিছত যুদ্ধ আৰু বীৰত্বৰ দেৱতা পিটাজোভায়ে তেওঁক দেশৰপৰা নিৰ্বাসিত কৰে।

টাউ ইমান সহজে পৰাজিত হোৱা বিধৰ নাছিল। বহিষ্কাৰ হোৱাৰ পিছতো তেওঁ উভতি আহি ধুনীয়া কেৰানাজনীক অপহৰণ কৰিবলৈ সক্ষম হয়। সাধাৰণতে ধাৰণা কৰা হয় যে তেওঁ তাইক বন্দী কৰি ৰাখি ধৰ্ষণ কৰিছিল যদিও কাহিনীটো প্ৰায়ে বেলেগ ধৰণে কোৱা হয় কাৰণ গুয়াৰানীসকলৰ লিখিত ভাষা নাছিল আৰু কিছুমান বিৱৰণীত টাউ আৰু কেৰানাৰ বিবাহৰ কথা কোৱা হৈছে। যিয়েই নহওক, টাউ আৰু কেৰানাৰ সংগমৰ ফল আছিল সাতটা সন্তান, যিবোৰক দেৱী আৰসীৰ অভিশাপ লৈ দানৱ হিচাপে জন্ম হৈছিল। সাতজনৰ প্ৰতিজনকে শ্ৰদ্ধা বা ভয় কৰা হৈছিল, প্ৰত্যেকৰে বিভিন্ন ক্ষমতা আৰু বৈশিষ্ট্য আছিল, যিটো গুয়াৰানি লোককথাৰ কেন্দ্ৰীয় বিশ্বাস।

সাতটা সন্তান জন্মৰ ক্ৰমত আছিল: তেজু জাগুয়া, আধা জেঠী আৰু আধা কুকুৰ জীৱ যাক গুহাৰ প্ৰভু বুলি গণ্য কৰা হয়; মবই টুই কপৌৰ মূৰ থকা এটা বিশাল সাপ; ম’নাই, এটা বিশাল শিংযুক্ত সাপ, যিটো পথাৰৰ প্ৰভু আৰু ৰক্ষক বুলি কোৱা হয়; জেচি জাটেৰে, ছিয়েষ্টাৰ প্ৰভু; কুৰুপি, যৌনতাৰ দেৱতা; আও আও, হয়তো এটা দানৱীয় ভেড়া বা বনৰীয়া গাহৰি হিচাপে দেখা দিছিল আৰু লুইচন, কুকুৰৰ দৰে মানুহ, মৃত্যুৰ প্ৰভু।২

তথ্যসূত্ৰ

  1. ↑ COLMAN, Narciso R. (Rosicrán): Ñande Ypy Kuéra ("Nuestros antepasados"), 1929. Online version
  2. ↑ Academic Dictionary Of Mythology by Ramesh Chopra

সম্পৰ্কিত শ্ৰেণী

লোককথাৰ জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাউ” প্ৰবন্ধৰ সংশোধন ৫৭৫৯৫৯ (৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।