অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

জীপ কেলেংকাৰী, ভাৰত

১৯৪৮ চনত সংঘটিত জীপ কেলেংকাৰী স্বাধীন ভাৰতৰ প্ৰথমটো বৃহৎ কেলেংকাৰী বুলি জনা যায়৷ সেইসময়ত যুক্তৰাজ্যত ভাৰতীয় হাই কমিছনাৰ পদত নিযুক্ত হৈ থকা ভি. কে. মেনন-এ প্ৰ’ট’কল ভংগ কৰি এক বিদেশী কোম্পানীৰ পৰা সৈন্যবাহিনীৰ জীপ গাড়ী ক্ৰয় কৰিবলৈ এক ৮০ লাখ টকাৰ এক নিৰ্ব্বাহ (contract)ত চহী কৰে৷

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

১৯৪৮ চনত সংঘটিত জীপ কেলেংকাৰী স্বাধীন ভাৰতৰ প্ৰথমটো বৃহৎ কেলেংকাৰী বুলি জনা যায়৷১ সেইসময়ত যুক্তৰাজ্যত ভাৰতীয় হাই কমিছনাৰ পদত নিযুক্ত হৈ থকা ভি. কে. মেনন-এ প্ৰ’ট’কল ভংগ কৰি এক বিদেশী কোম্পানীৰ পৰা সৈন্যবাহিনীৰ জীপ গাড়ী ক্ৰয় কৰিবলৈ এক ৮০ লাখ টকাৰ এক নিৰ্ব্বাহ (contract)ত চহী কৰে৷২

দুৰ্নীতিৰ অভিযোগ

ভি. কে. কৃষ্ণ মেননে প্ৰ’ট’কল আওকান কৰি বিদেশী কোম্পানীৰ সৈতে ২০০ খন সৈন্যবাহিনীৰ জীপ গাড়ী ক্ৰয় কৰিবলৈ ৮০ লাখ টকাৰ এক নিৰ্ব্বাহত চহী কৰে৷ ৩৪ সময়মতেই সম্পূৰ্ণ দাম আদায় দিয়াৰ পিছত মাত্ৰ ১৫৫ খন জীপগাড়ীহে ভাৰত আহি পায়৷ তাৎপৰ্য্যপূৰ্ণভাৱে সেইসময়ৰ প্ৰধানমন্ত্ৰী নেহৰুৱে চৰকাৰক সেইসংখ্যক গাড়ীয়েই বলপূৰ্বক গ্ৰহণ কৰিবলৈ বাধ্য কৰায়৷৫ ১৯৫৫ চনৰ ৩০ ছেপ্টেম্বৰত সেইসময়ৰ গৃহমন্ত্ৰী গোবিন্দ বল্লভ পন্ট (Govind Ballabh Pant)-এ ঘোষণা কৰে যে এই জীপ কেলেংকাৰী অনুসন্ধান কমিটিৰ পৰামৰ্শ আইনব্যৱস্থাই আওকান কৰাৰ বাবে বন্ধ কৰা হৈছে৷৬ ইয়াৰ কিছুদিন পিছতে ১৯৫৬ চনৰ ৩ ফেব্ৰুৱাৰীত কৃষ্ণ মেননক পৰ্টফলিঅ’বিহীন কেবিনেট মন্ত্ৰীৰূপে নেহৰুৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয়৷৭৮ পৰৱৰ্ত্তীকালত এই কৃষ্ণমেনন নেহৰুৰ এক ঘনিষ্ঠ সতীৰ্থ হৈ পৰে আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰূপেও কাৰ্য্যনিৰ্বাহ কৰে৷

তথ্যসূত্ৰ

  1. ↑ (1 February 2010). On Your Marks. Outlook
  2. ↑ Dipankar Paul. (30 April 2011). The Republic of Scams: Jeep purchase (1948). MSN
  3. ↑ (18 April 2011). Media support crusade against corruption. The Hindu
  4. ↑ (13 August 1997). Scamstory. Outlook
  5. ↑ (6 February 2008). India bruised and shrunk. Times of India
  6. ↑ Abdul Gafoor Abdul Majeed Noorani. (1970). India's Constitution and politics. Jaico. পৃ. 174
  7. ↑ www.southasiaanalysis.org/%5Cpapers3%5Cpaper219.
  8. ↑ Worst political scandals of independent India. India TV News

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীপ কেলেংকাৰী, ভাৰত” প্ৰবন্ধৰ সংশোধন ৬৩৭১৬১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।