অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জাৰ্মানীৰ নাৰী

ইতিহাসৰ পৃষ্ঠাত জাৰ্মান মহিলাসকলৰ ভূমিকা সলনি হৈ অহা দেখা গৈছে৷ কিয়নো তেওঁলোকে বাস কৰা সংস্কৃতি আৰু সমাজখনৰ বিভিন্ন সময়ত বিভিন্ন পৰিৱৰ্তন ঘটিছে। ঐতিহাসিকভাৱে অথবা বৰ্তমান সময়তো জাৰ্মান অঞ্চলসমূহৰ মাজত মহিলাৰ পৰিস্থিতিৰ পাৰ্থক্য দৃষ্টিগোচৰ হৈছে৷ বিশেষকৈ ২০ শতিকাৰ সময়ছোৱাত যেতিয়া পূব জাৰ্মানী…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৯৭ শব্দ · ২ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

ইতিহাসৰ পৃষ্ঠাত জাৰ্মান মহিলাসকলৰ ভূমিকা সলনি হৈ অহা দেখা গৈছে৷ কিয়নো তেওঁলোকে বাস কৰা সংস্কৃতি আৰু সমাজখনৰ বিভিন্ন সময়ত বিভিন্ন পৰিৱৰ্তন ঘটিছে। ঐতিহাসিকভাৱে অথবা বৰ্তমান সময়তো জাৰ্মান অঞ্চলসমূহৰ মাজত মহিলাৰ পৰিস্থিতিৰ পাৰ্থক্য দৃষ্টিগোচৰ হৈছে৷ বিশেষকৈ ২০ শতিকাৰ সময়ছোৱাত যেতিয়া পূব জাৰ্মানী আৰু পশ্চিম জাৰ্মানীত দুটা বেলেগ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক সংগঠন আছিল, সেই সময়ত এই পাৰ্থক্য অধিক প্ৰতিফলিত হৈছিল।১ইয়াৰ উপৰি দক্ষিণ জাৰ্মানীৰ ইতিহাসত ৰোমান কেথলিক প্ৰভাৱ পৰিলক্ষিত।২

শেহতীয়াকৈ জাৰ্মানীতো অন্যান্য পশ্চিমীয়া দেশৰ দৰে অবিবাহিত সহবাস আৰু বৰ্হি-বৈবাহিক জন্মৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।৩ ২০১৪ চনলৈকে জাৰ্মানীত অবিবাহিত মহিলাৰ দ্বাৰা ৩৫% সন্তান জন্ম হৈছে।৪পূৰ্বৰ পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানীৰ অঞ্চলসমূহৰ মাজত অৱশ্যে লক্ষণীয় পাৰ্থক্য আছে৷ পশ্চিম জাৰ্মানীতকৈ পূব জাৰ্মানীত বৰ্হি-বৈবাহিক জন্মৰ সংখ্যা বেছি৷ পৰিসংখ্যা মতে, ২০১২ চনত পূব জাৰ্মানীৰ ৬১.৬% আৰু পশ্চিম জাৰ্মানীত ২৮.৪% সন্তান অবিবাহিত মহিলাৰ দ্বাৰা জন্ম হৈছিল।

পূব জাৰ্মানীৰ মহিলাসকলক কৰ্মশক্তিত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছিল। কিন্তু পশ্চিম জাৰ্মানীত এগৰাকী মহিলাৰ প্ৰাথমিক ভূমিকা ঘৰতে প্ৰায় সীমাবদ্ধ কৰি থোৱা হৈছিল৷ তেওঁক পৰিয়ালৰ লালন-পালন কৰাৰ দায়িত্ব দিয়া হৈছিল। শেহতীয়া বৰ্ষসমূহত অধিকসংখ্যক মহিলাই উপাৰ্জন কৰিবলৈকে কাম কৰি আছে। বেছিভাগ মহিলা কৰ্মৰত যদিও অধিকাংশই অংশকালীন হিচাপেহে কাম কৰে। ৫সৰু ল'ৰা-ছোৱালী থকা যিসকল মহিলাই নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকে প্ৰায়েই সামাজিক সমালোচনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে৷ এইটো মহিলাসকলৰ আন এটা সমস্যা৷৬ ৭৮২০১৪ চনত শাসকীয় মিত্ৰজোঁটে ২০১৬ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ তত্বাৱধায়ক পৰিষদৰ পদসমূহৰ ৩০% মহিলাৰ বাবে সংৰক্ষণ কৰিছে৷ ৯

২০১৩ চনত ৰাষ্ট্ৰসংঘই বিশ্বৰ ২০২ খন অধিকাৰক্ষেত্ৰৰ মাজত সম্পন্ন কৰা এক অধ্যয়ন১০ অনুসৰি জাৰ্মানীত হত্যাৰ বলি হোৱা ৪৭.৩%য়েই মহিলা বুলি পোহৰলৈ আহিছে৷ এই শতাংশটো সকলোবোৰ ন্যায়িক অধিকাৰক্ষেত্ৰৰ ভিতৰতে দশম সৰ্বাধিক আৰু বিশ্বৰ গড় ২১.৩%তকৈও বহু উচ্চত।

অন্যান্য পশ্চিমীয়া আৰু অ-পশ্চিমীয়া দেশৰ তুলনাত জাৰ্মানীত ব্যৱসায়িক নেতৃত্বৰ ভূমিকাত মহিলাৰ সংখ্যা কম৷ আনকি তুৰস্ক, মালয়েছিয়া, নাইজেৰিয়া, ইণ্ডোনেছিয়া, বটছৱানা, ভাৰততকৈও কম।১১মূল পদত মহিলাৰ উপস্থিতি কম হোৱাৰ এটা কাৰণ হ’ল পূৰ্ণকালীন কামক মহিলাৰ বাবে অনুপযুক্ত বুলি গণ্য কৰা সামাজিক নিয়ম। বিশেষকৈ দক্ষিণ জাৰ্মানী লিংগ ভূমিকা সম্পৰ্কে তুলনামূলকভাৱে অধিক ৰক্ষণশীল।

তথ্যসূত্ৰ

  1. ↑ Women in Germany's east earn close to what men do. Can we thank socialism for that?. The World from PRX
  2. ↑ Startseite www.ekd.de. www.ekd.de
  3. ↑ Ostner, I. (1 April 2001). Cohabitation in Germany - rules, reality and public discourses. International Journal of Law, Policy and the Family. পৃ. 88–101
  4. ↑ Eurostat - Tables, Graphs and Maps Interface (TGM) table. ec.europa.eu
  5. ↑ Part-time work: A divided Europe. europa.eu
  6. ↑ Part-time work: A divided Europe. europa.eu
  7. ↑ Landler, Mark. (23 April 2006). German fights stigma against working mothers. The New York Times
  8. ↑ (18 December 2012). Baby Blues: German Efforts to Improve Birthrate a Failure. Spiegel Online
  9. ↑ (26 November 2014). Germany backs female directors quota. BBC News
  10. ↑ UNDOC Homicide Statistics 2013 used tables: Homicide counts and rates & Percentage of male and female homicide victims Retrieved May-31-2014
  11. ↑ Women in business 2015 results. Grant Thornton International Ltd. Home

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাৰ্মানীৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৩৮১০২৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।