জম্বি শব্দটো হাইতিয়ান লোককথাৰ পৰা আহিছে, য'ত জম্বি হৈছে এটা মৃতদেহ, যাক বিভিন্ন পদ্ধতিৰে পুনৰুজ্জীৱিত কৰা হয়। জম্বিৰ শৰীৰ জীয়াই থাকে, কিন্তু মগজু নিষ্ক্ৰিয় বা মৃত হয়।
বহু সময়ত কিছুমান ভাইৰাছৰ দ্বাৰাও মানুহ জম্বিত পৰিণত হ’ব পাৰে, যাক "জম্বি ভাইৰাছ" বুলি কোৱা হয়।
জম্বিৰ স্বভাৱ আৰু সংক্ৰমণ পদ্ধতি
- জম্বিৰ কোনো শাৰীৰিক বা মানসিক অনুভূতি নাথাকে।
- এটা জম্বি সদায় ৰক্ত আৰু মাংস খাবলৈ ইচ্ছুক থাকে।
- যিবোৰ মানুহৰ শৰীৰত জম্বি ভাইৰাছ নাই, তেওঁলোকক জম্বিসকলে আক্ৰমণ কৰে।
- যদি কোনো ব্যক্তিৰ শৰীৰত জম্বি ভাইৰাছ প্ৰৱেশ কৰে, তেন্তে সেই ব্যক্তিও জম্বিত পৰিণত হয়।
উদাহৰণস্বৰূপে:
- ধৰা লওক "ক" নামেৰ এজন মানুহক এটি জম্বিয়ে আক্ৰমণ কৰিলে।
- আক্ৰমণৰ সময়ত, "ক"-ৰ শৰীৰত জম্বি ভাইৰাছ তেজৰ সহায়ত প্ৰৱেশ কৰে।
- তাৰ ফলত "ক" মানুহজন জম্বিত পৰিণত হয়, আৰু তেওঁৰ মগজু বিকৃত হয়।
- এতিয়া, "ক" ই যদি অন্য "খ" নামৰ এটি সাধাৰণ মানুহক আক্ৰমণ কৰে, তেন্তে "খ"-ৰ দেহতো জম্বি ভাইৰাছ প্ৰৱেশ কৰিব।
- সেইদৰে "খ" মানুহজনো জম্বি হৈ পৰিব।
- এই ধৰণে এক সুদৃঢ় সংক্ৰমণ শৃংখলা গঠন হয়, যিয়ে জম্বিৰ সংখ্যা বৃদ্ধি কৰি থাকে।
আধুনিক মাধ্যমত জম্বি সৃষ্টি পদ্ধতি
আজিকালিৰ চলচ্চিত্ৰ আৰু গল্পসমূহত মৃতদেহ পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত যাদুৰ পৰিৱৰ্তে বৈজ্ঞানিক পদ্ধতি দেখুওৱা হয়, যেনে—
- ভাইৰাছ (Virus)
- ভেঁকুৰ (Fungi)
- বিকিৰণ (Radiation)
- মানসিক বিসংগতি (Psychological Disorders)
- বাহক (Vectors)
- পেথ'জেন (Pathogens)
- পৰজীৱী (Parasites)
- বৈজ্ঞানিক পৰীক্ষাত হোৱা দুৰ্ঘটনা (Scientific Accidents) আদিৰ মাধ্যমত জম্বি সৃষ্টি হোৱা বুলি দেখুওৱা হয়।১২
তথ্যসূত্ৰ
- ↑ Maçek III, J. C. (15 June 2012). The Zombification Family Tree: Legacy of the Living Dead. PopMatters
- ↑ Deborah Christie, Sarah Juliet Lauro. (2011). Better Off Dead: The Evolution of the Zombie as Post-Human. Fordham University Press. পৃ. 169. ISBN 978-0-8232-3447-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জম্বি” প্ৰবন্ধৰ সংশোধন ৪৮৪১০৯ (২৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।