ছ'নিয়া গিৰিধৰ গোকানী (জন্ম-২৬ ফেব্ৰুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। ইয়াৰ পূৰ্বে গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ লগতে ন্যায়াধীশ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
জীৱন
১৯৬১ চনৰ ২৬ ফেব্ৰুৱাৰীত ন্যায়াধীশ ছ'নিয়া গোকানীয়ে গুজৰাটৰ জামনগৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ বি.এছ.চি. মাইক্ৰ'বায়'লজীত ডিগ্ৰী লাভ কৰে আৰু পিছলৈ এল এল বি আৰু এল এল এম সম্পূৰ্ণ কৰে।১
জামনগৰৰ কে.পি শ্বাহ আইন মহাবিদ্যালয়ত অংশকালীন প্ৰবক্তা হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ পাঁচ বছৰ ধৰি জিলা গ্ৰাহক বিবাদ নিৰাময় মঞ্চৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল১
১৯৯৫ চনৰ ১০ জুলাইত আহমেদাবাদৰ চিটি চিভিল এণ্ড চেচনছ কোৰ্টৰ ন্যায়াধীশ হিচাপে যোগদান কৰি গোকানীয়ে ২০০৩ চনৰ পৰা ২০০৮ চনলৈকে গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বিশেষ আদালতৰ ন্যায়াধীশ হিচাপে কাম কৰিছিল।১
২০০৮ চনত গুজৰাট উচ্চ ন্যায়ালয়ৰ নিযুক্তি বিভাগৰ পঞ্জীয়ক হিচাপে তেওঁ নিযুক্তি লাভ কৰে। পিছলৈ তেওঁ ডেৰ বছৰ তথ্য প্ৰযুক্তি আৰু আন্তঃগাঁথনি বিভাগৰ পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে। গুজৰাট ৰাজ্যিক ন্যায়িক একাডেমীতো তেওঁ অধ্যাপনা কৰিছিল।১ ২০১১ চনৰ ১৭ ফেব্ৰুৱাৰীত গুজৰাট উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২০১৩ চনৰ ২৮ জানুৱাৰীত তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।১ ২০২৩ চনৰ ১৩ ফেব্ৰুৱাৰীত গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
তথ্যসূত্ৰ
- ↑ High Court of Gujarat. gujarathighcourt.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছ'নিয়া গোকানী” প্ৰবন্ধৰ সংশোধন ৪৭২০১৯ (৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।