ছুন ৱুকং (孙悟空), ছুন-ৱু-কং, ছুন-ৱু-কাং, ছুন-হৌ-জি, ছুন-হৌ-জে, পি-মা-ৱেন বা বান্দৰ ৰজা এজন চীনা দেৱতা। তেওঁ ছিয়ৌ জি (পাশ্চাত্যলৈ যাত্ৰা)) উপন্যাসৰ এক মুখ্য চৰিত্ৰ, যি উপন্যাস চীনৰ চাৰি মহান উপন্যাসৰ অন্যতম। তেওঁ নিজৰ অদমনীয় উৎপাতৰ বাবে কুখ্যাত।১
কাহিনী
চীনা বিশ্বাসৰ মতে, সময়ৰ আৰম্ভণিত ফল আৰু ফুলৰ পৰ্বতত এটি শিলে প্ৰকৃতিৰ সততা আৰু 'ছি ঊৰ্জা' শুহি আছিল। এদিন এই গৰ্ভৱতী শিলে এটি বান্দৰক জন্ম দিলে। সেই বান্দৰ হ'ল বান্দৰৰ ৰজা। ৰং-আমোদত জীৱন কটোৱা ৰজাজনৰ মনত পিছলৈ ভয় আহিল মৃত্যুৰ। অমৰ হ'বলৈ তেওঁ দাও সন্ত সুবোধি (ছুব'ধি)ৰ শৰনাপন্ন হ'ল।

বান্দৰ ৰজাৰ দুষ্টালি দেখি সুবোধিয়ে তেওঁক 'শূন্যতাৰ সচেতন ছাত্ৰ' নাম দিলে। প্ৰথমে অৰ্থ বুজি নাপায় বান্দৰ ৰজা সুখী হ'ল। পিছলৈ তেওঁ বুজিলে যে নামটোৱে তেওঁৰ মূৰৰ শূন্যতাক বুজাইছিল। তেওঁ গুৰুৰ পৰা ৭২ সলনি আদিৰ বিষয়ে শিকি নিজৰ ৰাজ্যলৈ উভতিল। দেখিলে যে তেওঁৰ প্ৰজা এজন ৰাক্ষসৰ ভয়ত গ্ৰস্ত। জাদুৰে একো কৰিব নোৱাৰি তেওঁ ড্ৰেগন ৰজা আও কুঁৱাঙৰ জাদুৰ ইচ্ছা পূৰণকাৰী লাঠি ল'লে আৰু ৰাক্ষসজনক মাৰিলে।
ছুন কুঁৱাং আছিল অতিকৈ উৎপতীয়া। অদৰকাৰী কৰ্ম আতৰাবলৈ স্বৰ্গৰ ৰজা জে'ড ৰজাই ছুনক স্বৰ্গত অবৈতনিক কাম এটি দিলে। এদিনলৈকে জে'ড ৰজাৰ বুদ্ধি সফল হ'লেও পিছলৈ বান্দৰ ৰজাই বুজিলে যে তেওঁ পোৱা স্বৰ্গৰ অস্তবলৰ চোৱা-চিতা কৰা লোকৰ কাম অস্তবলৰ ঘোঁৰাৰ গোবৰতকৈও নীম্ন-মানৰ, তেওঁ জে'ড ৰজাৰ দৰবাৰলৈ গৈ ভাবুকি দিলে। উপায় নাপায় বিশ্বব্ৰহ্মাণ্ডৰ ৰজাই তেওঁক "মহান সন্ত, স্বৰ্গৰ সমক্ষ" উপাধি দিলে। বান্দৰ ৰজাই উত্তৰ দিলে "সেয়া ভাল"।২
প্ৰভাৱ
- কিছু পণ্ডিতৰ মতে এই চৰিত্ৰ ছুৱানঝাঙৰ প্ৰথম শিষ্য ছি বাণ্ট'ৰ পৰা উদ্ভৱ৩
- কোনো কোনোৰ মতে এই চৰিত্ৰ হিন্দু ৰামায়ণৰ হনুমানৰ ওপৰত আধাৰিত।৪
- এই চৰিত্ৰ জাৰ্ণি টু দা ৱে'ষ্ট বা পাশ্চাত্যলৈ যাত্ৰা উপন্যাসত ইমানেই গুৰুত্বপূৰ্ণ যে আৰ্থাৰ ৱেলিয়ে ইংৰাজীত এই উপন্যাসখন ''মাংকি(বান্দৰ) বুলি অনুবাদ কৰিলে।
- ২০০৮ অলিম্পিক্সৰ "মংকি: জাৰ্ণি টু দা ৱে'ষ্ট" অ'পেৰা ছুনৰ কাহিনীৰ ওপৰত আধাৰিত
- মাংগা অনুষ্ঠান "ড্ৰেগন বল"ৰ মুখ্য চৰিত্ৰ "গ'কু" ছুনৰ ওপৰত আধাৰিত
তথ্যসূত্ৰ
- ↑ গডচেকাৰৰ প্ৰথম পেৰেগ্ৰাফ
- ↑ গডচেকাৰ ডট কমৰ পেন্থিয়নৰ চীনা মাইথ'লজিৰ মংকি পৃষ্ঠা
- ↑ আৰ্কাইভ কপি
- ↑ Hera S Walker's "Indegenous or Foreigner?: A look at the origins of the monkey hero Sun Wukong"
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুন ৱুকং” প্ৰবন্ধৰ সংশোধন ৩৮০৯৪৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।