অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চিষ্টোৰা

চিষ্টোৰা (Chistorra) হৈছে স্পেইনৰ নাভাৰেৰ পৰা অহা এবিধ দ্ৰুত সংৰক্ষিত ছচেজ। ইয়াক এক বিশেষ প্ৰকাৰৰ চৰিজো বুলি গণ্য কৰিব পাৰি। ই কিমা কৰা গাহৰিৰ মাংস, বা গাহৰি আৰু গৰুৰ মাংসৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ইয়াক ভেড়াৰ নাড়ী বা প্লাষ্টিকৰ আৱৰণত ভৰাই ৰখা হয় আৰু ইয়াত চৰ্বিৰ পৰিমাণ ৭০ৰ পৰা ৮০% লৈকে থাকে।

হালনাগাদ: ১৩ মাৰ্চ ২০২৬ ৩৩৮ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

চিষ্টোৰা (Chistorra) হৈছে স্পেইনৰ নাভাৰেৰ পৰা অহা এবিধ দ্ৰুত সংৰক্ষিত ছচেজ। ইয়াক এক বিশেষ প্ৰকাৰৰ চৰিজো বুলি গণ্য কৰিব পাৰি। ই কিমা কৰা গাহৰিৰ মাংস, বা গাহৰি আৰু গৰুৰ মাংসৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ইয়াক ভেড়াৰ নাড়ী বা প্লাষ্টিকৰ আৱৰণত ভৰাই ৰখা হয় আৰু ইয়াত চৰ্বিৰ পৰিমাণ ৭০ৰ পৰা ৮০% লৈকে থাকে। এই ছচেজবিধত নহৰু, নিমখ আৰু পাপ্ৰিকা দি সোৱাদযুক্ত কৰা হয়, যিয়ে ইয়াক উজ্জ্বল ৰঙা ৰং প্ৰদান কৰে। ইয়াক সাধাৰণতে বেক কৰা, ভজা বা গ্ৰিল কৰি খোৱা হয় আৰু প্ৰায়ে অন্য ব্যঞ্জনৰ সৈতে, কেতিয়াবা তাপাচ হিচাপে পৰিবেশন কৰা হয়। চূড়ান্তভাৱে প্ৰস্তুত কৰা সামগ্ৰীবিধ পৰম্পৰাগত চৰিজো বা ছচেজতকৈ পাতল হয়, যাৰ ব্যাস প্ৰায় ২৫ মিলিমিটাৰ। এই ছচেজবোৰ দীঘলে গড়ে ৪০ ছেণ্টিমিটাৰ হয়, যদিও কিছুমান ক্ষেত্ৰত ই ১ মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে।

আৰাগোনিজ পাইৰেনিজত দুই ধৰণৰ চিষ্টোৰা পোৱা যায়: এটা কেৱল গাহৰিৰ মাংসৰে নিৰ্মিত আৰু আনটো হাঁওফাঁও, হাড় গুচোৱা গাহৰিৰ মূৰ আৰু অগ্ন্যাশয়েৰে তৈয়াৰী, যাক 'বেৰিকা' বুলি কোৱা হয়।

লিঅ'ন প্ৰদেশত পোৱা স্থানীয় প্ৰকাৰৰ চিষ্টোৰাক 'চিষ্টোৰা ডি লিঅ'ন' বুলি কোৱা হয় আৰু ইয়াত গৰুৰ মাংসৰ পৰিমাণ বেছি থাকে।

বৰ্তমান ইয়াক সতেজ অৱস্থাত বিক্ৰী কৰা হয়, কিন্তু স্পেইনৰ ছুপাৰমাৰ্কেটবোৰত ই ভেকুৱাম-পেক কৰি থোৱা অৱস্থাতো পোৱা যায়।১

প্ৰস্তুত প্ৰণালী

চিষ্টোৰা ব্যৱহাৰ কৰা আটাইতকৈ জনপ্ৰিয় খাদ্যবোৰৰ ভিতৰত অন্যতম হ'ল হুৱেভোচ ৰোটোচ কন চিষ্টোৰা ই পাটাতাচ, যিটো ভজা কণী আৰু আলুৰ সৈতে প্ৰস্তুত কৰা হয়।২

চিষ্টোৰা সাধাৰণতে গোটাকৈ ভজা হয়, কিন্তু পৰিবেশন কৰাৰ সময়ত সৰু সৰু টুকুৰা কৰি টাপা হিচাপে দিয়া হয়। ভজা চিষ্টোৰাৰ সৈতে প্ৰায়ে বিয়েৰ বা ৱাইন, বিশেষকৈ 'ট্সাকোলি' (Txakoli) বিধৰ ৱাইন পৰিবেশন কৰা হয়। ভজা চিষ্টোৰাৰ পৰা তৈয়াৰী চেণ্ডুইচ বা 'বোকাডিলো' অতি জনপ্ৰিয়।

অন্যান্য সাধাৰণ খাদ্যৰ ভিতৰত আছে ক্ৰোৱাচাণ্ট প্ৰেণাডো, যিটো চিল্টোৰা ভৰোৱা ক্ৰোৱাচাণ্ট, আৰু টৰ্টিলা কন চিষ্টোৰা, যিটো আলু বা কণীৰ অমলেটৰ সৈতে চিষ্টোৰা দি প্ৰস্তুত কৰা হয়।

চান চেবাষ্টিয়ানত পৰম্পৰাগতভাৱে টমাছ দ্য এপোষ্টলৰ উৎসৱৰ দিনা (২১ ডিচেম্বৰ) চিষ্টোৰা পৰিবেশন কৰা হয়। এই উৎসৱৰ সময়ত ইয়াক প্ৰায়ে টালো আৰু চাইডাৰৰ সৈতে দিয়া হয়।৩

পৰম্পৰা

বাস্ক দেশত ২১ ডিচেম্বৰটো ছাণ্টো টমাছৰ দিন হিচাপে পালন কৰা হয়। এই দিনটোত সকলো চহৰতে হস্তশিল্পৰ সামগ্ৰীৰ বিপণী দেখা পোৱা যায়, য'ত দিনটোৰ পৰম্পৰাগত খাদ্য হিচাপে টালো, চিষ্টোৰা আৰু সহযোগী পানীয় হিচাপে চাইডাৰ বা 'সাগাৰ্ডোয়া' পোৱা যায়।৪

তথ্যসূত্ৰ

  1. ↑ Bartolomé “cheno”, Eugenio. (2018-03-29). A mesa puesta: Txistorra. A mesa puesta
  2. ↑ (2011-03-22). Gastronomia spagnola: "La cultura del maiale" · cultura, gastronomia. iNMSOL
  3. ↑ (2005). Francia del Sud. Touring Editore. ISBN 978-88-365-3110-3
  4. ↑ Organiza tu viaje · Visit Navarra - Web Oficial de Turismo de Navarra. www.visitnavarra.es

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰীয় ব্যঞ্জন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিষ্টোৰা” প্ৰবন্ধৰ সংশোধন ৫৮৭৭৪৫ (১৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।