অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চাবজাং

চাবজাং নৃত্য হৈছে উত্তৰ কাছাৰ পাহাৰ অঞ্চলত বসবাস কৰা জয়ন্তীয়াসকলে পালন কৰা বিভিন্ন কৃষিভিত্তিক উৎসৱৰ সৈতে জড়িত এটি উল্লেখযোগ্য নৃত্য। এই নৃত্যত গাভৰুসকলে মুগাৰ মেখেলা আৰু আঁঠু পৰ্যন্ত বিস্তৃত দীঘল বগা চোলা পিন্ধি মূৰটো ঢকাকৈ একোখন বগা কাপোৰ মাৰি লয়। তেওঁলোকৰ ডিঙিত একোডাল ডাঙৰ মণি-মালা থাকে।

হালনাগাদ: ২১ ডিচেম্বৰ ২০২০ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

চাবজাং নৃত্য হৈছে উত্তৰ কাছাৰ পাহাৰ অঞ্চলত বসবাস কৰা জয়ন্তীয়াসকলে পালন কৰা বিভিন্ন কৃষিভিত্তিক উৎসৱৰ সৈতে জড়িত এটি উল্লেখযোগ্য নৃত্য। এই নৃত্যত গাভৰুসকলে মুগাৰ মেখেলা আৰু আঁঠু পৰ্যন্ত বিস্তৃত দীঘল বগা চোলা পিন্ধি মূৰটো ঢকাকৈ একোখন বগা কাপোৰ মাৰি লয়। তেওঁলোকৰ ডিঙিত একোডাল ডাঙৰ মণি-মালা থাকে। প্ৰত্যেকজনী গাভৰুৱে নৃত্যৰ লগতে দুয়োহাতেৰে একোখন বাঁহৰ ডলা লৈ ধান বা শস্য জাৰাৰ আংগিক অভিনয় প্ৰদৰ্শন কৰে। তেওঁলোকে গীত গায় আৰু গীতৰ লগে লগে নাচৰ ভংগীও প্ৰদৰ্শন কৰে। এই নৃত্যত কেৱল ঢোল বাদ্যযন্ত্ৰহে সংগত কৰা হয়। নৃত্য বৃত্তাকাৰে প্ৰদৰ্শন কৰা হয়। ১

তথ্যসূত্ৰ

  1. ↑ 'ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা: ড॰ নবীন চন্দ্ৰ শৰ্মা'

সম্পৰ্কিত শ্ৰেণী

নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাবজাং” প্ৰবন্ধৰ সংশোধন ২৫৫২১৫ (২১ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।